নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সশস্ত্ৰ সংগ্ৰাম কৰা দিগন্ত দহোটীয়াই বাঁহে-বেতেৰে গঢ়িছে অৰ্থনৈতিক সংগ্ৰাম

🔹 বাঁহেৰে নিৰ্মাণ কৰা সামগ্ৰী বিভিন্ন দেশলৈ প্ৰেৰণ
নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ : এসময়ত গুলী-বাৰুদেৰে গৰ্জন কৰি থকা অসম-অৰুণাচলৰ সীমান্তমূৰীয়া তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সৰু মাইঠং গাঁৱত গঢ়ি উঠিছে এক অৰ্থনৈতিক সংগ্ৰাম। এসময়ত সশস্ত্ৰ সংগ্ৰাম কৰা দিগন্ত দহোটীয়াৰ নেতৃত্বত বাঁহ, বেতেৰে এদল থলুৱা যুৱকক লগত লৈ আগুৱাই গৈছে অৰ্থনৈতিক সংগ্ৰামখনত। গঢ়ি তুলিছে উন্নত প্ৰজাতিৰ বাঁহৰ নাৰ্ছাৰী। স্বাধীন অসমৰ সপোন বুকুত লৈ কৰা সশস্ত্ৰ সংগ্ৰামখনৰ সময়ত ২০০০ চনত অসম আৰক্ষীৰ হাতত আটক হোৱাৰ পাছতে নিজাববীয়াকৈ গঢ়ি তোলে অন্য এক সংগ্ৰাম। সশস্ত্ৰ সংগ্ৰাম কৰি থকা সময়ছোৱাত মণিপুৰত দিগন্ত দহোটীয়াই শিকিছিল বাঁহ, বেতেৰে কিছু সামগ্ৰী প্ৰস্তুত কৰিবলৈ। সেই সময়তে দহোটীয়াই মনত পুহি ৰাখিছিল থলুৱা বাঁহ, বেতেৰে অন্য এখন সংগ্ৰাম গঢ়ি তোলাৰ সপোন। এতিয়া দিগন্ত দহোটীয়াৰ নেতৃত্বত স্থানীয় যুৱক-যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰি থলুৱা বাঁহ, বেতেৰে চকী, টেবুল, মহিলাৰ বিভিন্নধৰণৰ গহনা, জাপি, কাঁহী, বাটি, চামুচ, হেতা, মাছ ধৰা সঁজুলিকে আদি কৰি শতাধিক সা-সামগ্ৰী প্ৰস্তুত কৰে। সামগ্ৰীসমূহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশলৈও প্ৰেৰণ কৰি আহিছে। সমান্তৰালভাৱে কলকাতাত দুৰ্গাপূজাত এটা দল গৈ অসমীয়া মণ্ডপ নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।  এই সমগ্ৰ সংগ্ৰামখন সন্দৰ্ভত দিগন্ত দহোটীয়াই কয় যে অৰ্থনৈতিক সংগ্ৰাম অবিহনে কোনো এখন সংগ্ৰামেই সফল হ’ব নোৱাৰে। সেই কাৰণে মই সশস্ত্ৰ সংগ্ৰাম কৰি থকাৰ সময়তে অসমৰ থলুৱা, অসমীয়া লোকসকলক লৈ বিশেষকৈ যুৱপ্ৰজন্মক লগত লৈ এখন অৰ্থনৈতিক সংগ্ৰাম গঢ়ি তোলাৰ পৰিকল্পনা কৰিছিলোঁ আৰু সেই পৰিকল্পনা অনুসৰিয়েই বিগত ২৪ বছৰে ২০০০ চনৰ পৰাই “অন্নেষণ”ৰ জৰিয়তে বাঁহ, বেতেৰে অৰ্থনৈতিক সংগ্ৰাম গঢ়ি তুলিছোঁ আৰু এই সংগ্ৰামখনত বৰ্তমান ৰাজ্যখনত তিনি শতাধিক যুৱক-যুৱতী নিজ নিজ অঞ্চলত জড়িত হৈ নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে। কিন্তু কাৰিকৰীভাৱে যিখিনি সা-সঁজুলি আমাক লাগে, সামগ্ৰীসমূহ নিৰ্মাণ কৰিবলৈ সেই সা-সঁজুলিসমূহ নথকাৰ বাবে কিছু অসুবিধা হয়। অন্যথা বাঁহেৰে প্ৰস্তুত কৰা সা-সামগ্ৰীৰ চাহিদা যথেষ্ট বেছি ৷ গতিকে এইক্ষেত্ৰত চৰকাৰে যদি প্ৰয়োজনসাপেক্ষে আৰ্থিক সহযোগিতা আগবঢ়ায়, তেন্তে নিবনুৱা যুৱক-যুৱতীসকল আৰু আগুৱাই যাবলৈ সক্ষম হ’ব।
প্ৰেৰক বিবেক বড়া
You might also like