নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰ্মন্তুদ : ডিগবৈত মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনাত ৪ লোকৰ কৰুণ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ এটা পৰিয়ালৰ ৫জন ব্যক্তি নিশা প্ৰায় ১ বজাত ডিব্ৰুগড়ৰ পৰা বিয়া খাই লিডু অভিমুখে উভতি অহাৰ সময়ত ডিগবৈ ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোলাইৰ টাৰ্মিনেলৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে টাটা তিয়াগো গাড়ীখন। দুৰ্ঘটনাত এগৰাকী মহিলাসহ চালক আৰু এজন লোক থিতাতে নিহত হয়। দুজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছিল যদিও ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত এজনৰ মৃত্যু হয়। নিহত ৪ জন ব্যক্তি ক্ৰমে জাগুনৰ অমৃত দত্ত, লিডু বজাৰৰ দিছা গুপ, সুভাষ গুপ আৰু সাধনা গুপ। বৰ্তমানে ৰতন গুপ নামৰ ব্যক্তিজন ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। আটাইকেইজন একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে। নিহত গুপ পৰিয়ালৰ ব্যক্তিকেইজনৰ ঘৰ লিডু বজাৰত।

প্ৰেৰক মানসপ্ৰতিম গগৈ

You might also like