নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিগবৈ আইঅ’চিত কৃষক মুক্তিৰ নেতা উমানন্দ মুদৈৰ ছিণ্ডিকেটৰাজ

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ উজনি অসমৰ তিনিচুকীয়া জিলাখনত আন্দোলনকাৰী নেতা ৰূপে খ্যাত তথা তিনিচুকীয়া জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি উমানন্দ মুদৈয়ে ছিণ্ডিকেটত নামি পৰিছে বুলি অভিযোগ উঠিছে। ডিগবৈ আই অ চি (এ অ ডি) ঠিকাদাৰ সন্থাৰ কাৰ্যালয়ত আয়োজিত সংবাদ মেলত ডিগবৈ আই অ চিত থলুৱা পঞ্জীয়নভূক্ত ঠিকাদাৰ থকা সত্ত্বেও আন্দোলনকাৰী নেতা উমানন্দ মুদৈয়ে বহিৰাগত জনৈক আগৰৱালা উপাধিধাৰীৰ নামত ডিগবৈ শোধনাগাৰত শিলগুটি যোগান ধৰাৰ একপ্ৰকাৰ ছিণ্ডিকেট চলাবলৈ ধৰিছে। উমানন্দ মুদৈ এগৰাকী তিনিচুকীয়া জিলাখনত কয়লা, গৰু, কাঠ পাথৰ আদি সকলোতে দীৰ্ঘদিন ধৰি চিণ্ডিকেট চলাই আহিছে বুলি সংবাদ মেলৰ জৰিয়তে গুৰুতৰ অভিয়োগ উত্থাপন কৰে ঠিকাদাৰ সন্থাই।

পিএছএলক বুঢ়া আঙুলি দঃ আফ্রিকাৰ ক্রিকেটাৰৰ

সংবাদ মেলত ঠিকাদাৰ সন্থাৰ সভাপতি ফুনু বৰগোহাঁই, সাধাৰণ সম্পাদক উৎপল গগৈ, বাবা বৰুৱা, গোপাল শইকীয়া, ৰাজেন্দ্ৰ দাস, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিগবৈ আঞ্চলিক সমিতিৰ সভাপতি মথুৰা দাসে অংশগ্ৰহণ কৰে। আই অ চি এ অ ডিত প্ৰায় তিনি শ পঞ্জীয়নভুক্ত ঠিকাদাৰে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে যদিও পূৰ্বৰ তুলনাত শোধনাগাৰত কামৰ পৰিমাণ কমি অহাত বহু সময়ত মূৰে কপালে হাত দিব লগা হৈ পৰে একাংশ ঠিকাদাৰৰ। তেনে সময়তে শেহতীয়াকৈ শোধনাগাৰত এটি নতুন প্ৰকল্প কাম আৰম্ভ হবলৈ ধৰোতেই উমানন্দ মুদৈয়ে ভূতৰ ওপৰত দানৱ পৰা দি পৰি ছিণ্ডিকেট চলাবলৈ ধৰে। পৰহি উমানন্দয়ে মাফিয়া কায়দাৰে দাদাগিৰি ষ্টাইলত ঠিকাদাৰ সন্থাক বৃদ্ধাংগ্ৰস্থ প্ৰৰ্দশন কৰি শোধনাগাৰত শিলগুটি যোগান ধৰিবলৈ আহি আই অ চি ঠিকাদাৰ সকলৰ ৰোষত পৰে। সংবাদ মেলৰ জড়িয়তে ডিগবৈ শোধনাগাৰত ছিণ্ডিকেট চলোৱাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে ডিগবৈ এ অ চি ঠিকাদাৰ সন্থাই। উল্লেখ্য যে ডিগবৈ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰামনগৰত কেইবাখনো ১৬ চকীয়া বৃহৎ বৃহৎ শিল কঢ়িয়াই অনা ডাম্পাৰৰ সন্মুখ ভাগৰ পৰা স্বয়ং উমানন্দ মুদৈয়ে নেতৃত্ব দি ডিগবৈত প্ৰবেশ কৰিবলৈ লোৱাৰ সময়তে ডিগবৈ আই অ চি ঠিকাদাৰ সকলৰ সৈতে বাক বিতণ্ডাত লিপ্ত হোৱাৰ অভিযোগ উৎত্থাপিত হোৱাৰ উপৰিও এগৰাকী আন্দোলনকাৰী ছাত্র নেতা হিচাপে পৰিচিত মুদৈৰ অস্বাভাৱিক আচৰণত ঠিকাদাৰ সকল আচম্বিত হৈ পৰে। অৱশেষত ঠিকাদাৰ সকলৰ প্ৰৱল দাবীত উমানন্দ মুদৈয়ে শিলভৰ্তি ডাম্পাৰ কেইখন ওভতাই পঠায়। নিশালৈ ডিগবৈ থানাত এ অ চিৰ ঠিকাদাৰ ৰাজেন্দ্ৰ দাসৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।

সুকন্যা : নার্ছাৰীৰে আত্মসংস্থাপনৰ বাট মুকলি ছিপাঝাৰৰ পখিলা বৰাৰ

ইপিনে, সংবাদ মেল অনুষ্ঠিত কৰাৰ পিছতেই এ অ চি ঠিকাদাৰ সন্থায়ো উমানন্দ মুদৈৰ বিৰুদ্ধে ডিগবৈ থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like