নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল ডিগবৈ পাৱৈ চাহ বাগিচা

নিয়মীয়া বাৰ্তা, ১৯আগষ্ট : কঠোৰ পৰিশ্ৰম কৰা চাহ শ্ৰমিকক চূড়ান্ত শোষণ-বঞ্চনা কৰি অহা ডিগবৈ পাৱৈ চাহ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ল বাগিচাখনৰ শ শ শ্ৰমিক । ভাৰতীয় চাহ মজদুৰ সংঘৰ নেতৃত্বত বাগিচাখনৰ শ শ শ্ৰমিকে কল ঘৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত আজি পুৱাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বাগিচাখনত কৰ্মৰত দুই শতাধিক শ্ৰমিকে হাতে হাতে প্লেকাৰ্ড লৈ চাহ শ্ৰমিকক শোষণ নীতি বন্ধ কৰক, শ্ৰমিকক প্ৰাপ্য মজুৰি প্ৰদান কৰক, উপযুক্ত চিকিৎসা সেৱা প্ৰদান কৰক আদি ধ্বনিৰে প্ৰায় দুঘণ্টা সময় ধৰ্ণা দিয়ে । উল্লেখ্য যে বাগিচা কৰ্তৃপক্ষই শ্ৰমিকৰ অজ্ঞাতে মজুৰিৰ পৰা এটা অংশ বৰঙণিৰ নামত কৰ্তন কৰি থয় । তদুপৰি দেওবাৰে বন্ধ দিনত কাম কৰা শ্ৰমিকক অন্য সাধাৰণ দিনৰ মজুৰিৰ দুগুণ দিব লাগে । কিন্তু ২০১৫ চনৰ শ্ৰমিক আইন উলংঘা কৰি বাগিচা কৰ্তৃপক্ষই কেৱল দেওবাৰ দিনটোত কাম কৰিলে ৪৬৪ টকাৰ পৰিৱৰ্তে ৩৫০হে প্ৰদান কৰে । বাগিচাৰ চিকিৎসালয়খনতো চিকিৎসাৰ সা-সুবিধা নথকাত শ্ৰমিকসকলে উপযুক্ত চিকিৎসা সেৱা লাভ নকৰাৰ অভিযোগ তুলিছে । গতিকে চিকিৎসালয়খনত খালী হৈ থকা পদসমুহ পূৰণ কৰিবলৈ প্ৰতিবাদী শ্ৰমিকসকলে দাবী জনায়। শ্ৰমিক আবাস গৃহসমুহ বছৰ বছৰ ধৰি মেৰামতি নকৰাত প্ৰায় জৰাজীৰ্ণ হৈ পৰাত এইসমুহ গৃহ পুনৰ নিৰ্মাণ কৰা, আৱাসিক এলেকা অঞ্চলৰ নলা-নৰ্দমা পৰিষ্কাৰ কৰা আদি দাবীও উত্থাপন কৰে শ্ৰমিকসকলে । উল্লেখ্য যে এইসমুহ দাবী সম্বলিত এখন স্মাৰক-পত্ৰ ভাৰতীয় চাহ মজদুৰ সংঘই বাগিচা কৰ্তৃপক্ষ আৰু জিলা সহকাৰী শ্ৰম আয়ুক্তক যোৱা ২১ জুলাইত প্ৰদান কৰিছিল। কিন্তু বাগিচা কৰ্তৃপক্ষই উক্ত স্মাৰক পত্ৰখনক আজিলৈকে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে। ভাৰতীয় চাহ মজদুৰ সংঘৰ মাৰ্ঘেৰিটা শাখাৰ সম্পাদক নিৰ্মল দাস কালিন্দীয়ে শ্ৰমিকৰ দুৰ্দশা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণক বিষয়টোত গুৰুত্ব প্ৰদান কৰি শ্ৰমিকৰ সমস্যাসমূহ সমাধান কৰিবলৈ আহ্বান জনায়। বাগিচা কৰ্তৃপক্ষই যদি বিষয়টোত ইয়াৰ পাছত গুৰুত্ব নিদিয়ে, তেনেহলে ইয়াতকৈ অধিক শক্তিশালী ৰূপত আন্দোলন কৰিব বুলি শ্ৰমিক নেতাজনে জানিবলৈ দিয়ে ।

প্ৰেৰক ৰমণী বুঢ়াগোহাঁই

You might also like