নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনাঞ্চলত পৰিণত টিংৰাইৰ এৰী সঁচ উৎপাদন কেন্দ্ৰ

নিয়মীয়া বাৰ্তা, ১০ জুলাই : ৰাজ্য চৰকাৰৰ ৰেচম বিভাগৰ আজৱ কাণ্ডৰ ছবিখন বৰ্তমান তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ টিংৰাইত প্ৰতিফলিত হৈছে। বিষয়া কৰ্মচাৰীৰ একমাত্ৰ অকৰ্মন্যতাৰ বাবেই বনাঞ্চলসদৃশ পৰিৱেশৰ সৃষ্টি হ’ল টিংৰাই এড়ী সচঁ উৎপাদন কেন্দ্ৰটো। এসময়ত এৰী মুগা সঁচ আৰু মুগা উৎপাদনত অসমৰ ভিতৰত নাম থকা টিংৰাইৰ এই কেন্দ্ৰটোত আছে প্ৰায় ৮০ বিঘা মাটি। এৰী মুগাৰ খাদ্য কেছেৰু গছে ভৰি আছিল উক্ত ভূমিত। কিন্তু ইয়াত কৰ্মৰত বিষয়া কৰ্মচাৰীৰ গুৰুত্বহীনতা আৰু অকৰ্মণ্যতাৰ বাবে এতিয়া কেন্দ্ৰটো অগাধ বনাঞ্চলত পৰিণত হ’ল। চাৰিওফালে কেৱল হাবি জংঘলেৰে পৰি আছে। জানিব পৰা মতে কেন্দ্ৰটোত মাজে সময়ে গছ পুলি ৰোপনৰ বাবে টকা আৱণ্টন হয়। কিন্তু সেই গছপুলিৰ এটাৰো অস্তিত্ব নাই। অৱশ্যে যত তত দুই এজোপা কেছেৰু গছৰ পুলি থকা দেখা যায় যদিও বিষয়া কৰ্মচাৰীৰ অবজ্ঞাৰ বাবেই বৰ্তমান এড়ী সঁচ উৎপাদন কেন্দ্ৰটো ধবংসৰ মুখলৈ গতি কৰিছে। বিগত সময়ছোৱাত স্থানীয় এটা গোটৰ কেইজনমান স্থানীয় নিবনুৱা উদ্যমী যুৱকে কেন্দ্ৰটোৰ পৰিত্যক্ত মাটিত শাক পাচলি, শস্যৰ খেতি কৰাৰ উপৰিও কেচেৰু গছপুলি ৰুই এক সেউজ বিপ্লৱৰ সূচনা কৰিছিল যদিও কালক্ৰমত বিষয়া কৰ্মচাৰীৰ কু-চক্ৰান্তৰ ফলত কৌশলেৰে তেওঁলোকক খেতি কৰিবলৈ বাধা প্ৰদান কৰি আঁতৰাই দিয়ে। যুৱক সকলে এড়ী সঁচ উৎপাদন কেন্দ্ৰৰ পৰিত্যক্ত বৃহৎ ভূমিত খেতি কৰাৰ বিনিময়ত এড়ী পলুৰ মুখ্য খাদ্য কেছেৰু গছ বিনামূলীয়াকৈ ৰোপন কৰি দিছিল। কিন্তু বিভাগটোৱে ইয়াৰ সকলো পুলি জীয়াই ৰাখিব নোৱাৰিলে। অসমীয়া জাতীয় কৃষ্টি সংস্কৃতিৰ অন্যতম সম্পদ এৰী মুগা সূতাৰ বস্ত্ৰ উৎপাদনত বিশেষ ভাৱে অৱদান আগবঢ়াই অহা উদ্যোগটোক শক্তিশালী কৰিব পৰা অন্যতম এই কেন্দ্ৰটোৰ দুৰৱস্থাই স্থানীয় ৰাইজৰ চকু কপালত তুলিছে। তদুপৰি বৰা উপাধিৰ ইয়াৰ পৰিচালক জনৰ বিৰুদ্ধেও বিভিন্ন অভিযোগ উৎত্থাপন হৈ আহিছে। বিশেষকৈ স্থানীয় লোকে জনোৱা মতে বৰাই চাকৰি টিংৰাই ৰেচম বিভাগতে যোগদান কৰি কৰ্লম জীৱনৰ পাতনি মেলি আৰু বৰ্তমানলৈ টিংৰাইতে চাকৰি কৰি আছে। সকলো বিষয়া কৰ্মচাৰীৰ আন আন ঠাইলৈ বদলি হৈ থকাৰ সময়তে এইজন পৰিচালক বৰা বছৰ বছৰ ধৰি টিংৰাইতে চাকৰি কৰি থকাৰ সুযোগ লাভ কৰা বিষয়টোৱে ৰহস্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে কেন্দ্ৰটোৰ কাষতে লাগি আছে স্থানীয় বিধায়ক সুৰেন ফুকনৰ বাসগৃহ। গতিকে সকলো দেখিও বিধায়কে কেন্দ্ৰটো সবল কৰাত গুৰুত্ব নিদিয়াত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ।

প্ৰেৰক ৰমণী বুঢ়াগোহাঁই

You might also like