নিয়মীয়া বাৰ্তা, ৯ জুনঃ তিনিচুকীয়া জিলাৰ তৈলনগৰী ডিগবৈৰ একমাত্ৰ মহিলা উচ্চ শিক্ষানুষ্ঠান ডিগবৈ মহিলা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত তথা প্ৰাক্তন ছাত্ৰী সংস্থা আৰু মহিলা কোষৰ সহযোগত আজি বাপাপুং অঞ্চলত এক আইনী সজাগতা সভা অনুষ্ঠিত কৰা হয়। ডিগবৈ মহিলা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া লক্ষীনন্দন গগৈয়ে উদ্বোধন কৰা সভাত আদৰণী ভাষণ আগবঢ়ায় মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ সঞ্জিতা চেতিয়াই ।আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড০ পংকজ লোচন গগৈয়ে সজাগতা সভাখনিৰ আঁত ধৰে। বাপাপুং প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত ‘গাৰ্হস্থ্য হিংসা প্ৰতিৰোধ আইন’ শীৰ্ষক সজাগতা সভাত তিনিচুকীয়া জিলা ন্যায়িক সেৱা প্ৰাধিকৰণৰ সচিব ফাৰহানউদ্দিন চৌধুৰীয়ে মুখ্য বক্তা হিচাপে উপস্থিত থাকি গাৰ্হস্থ্য হিংসা প্ৰতিৰোধৰ ব্যৱস্থা প্ৰণালী আৰু আইনী প্ৰক্ৰিয়া সম্পৰ্কীয় বক্তব্য আগবঢ়ায়। অঞ্চলটোৰ শতাধিক মহিলা আৰু ছাত্ৰী উপস্থিত থকা সজাগতা অনুষ্ঠানত মুখ্য বক্তা চৌধুৰীয়ে প্ৰশ্নোত্তৰ শিতানতো অংশগ্রহণ কৰি সদুত্তৰ দিবলৈ চেষ্টা কৰে। সভাত মহিলা কোষৰ আহ্বায়ক ৰুমা পাল ঘোষ, প্ৰাক্তন ছাত্ৰী সংস্থাৰ সহকাৰী সম্পাদিকা, প্ৰবক্তা ৰঞ্জিতা শইকীয়া, ডিগবৈ পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ ৰাণুমণি কোঁৱৰ শইকীয়া, মহিলা নেত্ৰী নয়নমণি দত্তই উপস্থিত থাকি মতামত ব্যক্ত কৰে। সামৰণিত সমন্বয়ক ড০ পংকজ লোচন গগৈয়ে শলাগ জ্ঞাপন কৰে।
প্ৰেৰক ৰমণী বুঢ়াগোহাঁই