🔹 ‘ডিজিটেল ক্ৰপ ছাৰ্ভে আৰু কৃষক ৰেজিষ্ট্ৰী’ শীৰ্ষক প্ৰশিক্ষণ-কৰ্মশালা
বিশেষ বাৰ্তা, ২৪ জুলাই : যি সময়ত প্ৰযুক্তিনিৰ্ভৰ কৃষিক বিশ্বৰ উন্নত দেশসমূহে আঁকোৱালি লৈছে, সেই সময়ত কৃষকৰ সামগ্ৰিক কল্যাণৰ বাবে ভাৰততো কৃষি প্ৰযুক্তিৰ জয়যাত্ৰা আৰম্ভ হৈছে। এই প্ৰযুক্তিনিৰ্ভৰ কৃষিৰেই শেহতীয়া সংযোজন হ’ল ডিজিটেল শস্য সমীক্ষা আৰু কৃষক ৰেজিষ্ট্ৰী। ২৩ জুলাইত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দিয়া বাজেট ভাষণতো ডিজিটেল শস্য সমীক্ষাৰ ওপৰত অগ্ৰাধিকাৰ ভিত্তিত গুৰুত্ব আৰোপ কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সহযোগত ৩ বছৰৰ বাবে খাৰিফ বতৰৰ বাবে দেশৰ ৪০০খন জিলাৰ ৬ কোটি কৃষক উপকৃত হ’ব পৰাকৈ ডিজিটেল শস্য সমীক্ষা ৰূপায়ণ কৰিবলৈ লোৱাৰ বিষয়ে উল্লেখ কৰিছে। আজি গুৱাহাটীত অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত আৰু কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ সহযোগত আয়োজিত ‘ডিজিটেল ক্ৰপ ছাৰ্ভে আৰু কৃষক ৰেজিষ্ট্ৰী’ শীৰ্ষক দুদিনীয়া প্ৰশিক্ষণ আৰু কৰ্মশালা মুকলি কৰি এইদৰে মন্তব্য কৰে কৃষিমন্ত্ৰী অতুল বৰাই। ৰাজ্যৰ ২৯খন জিলাৰ ৰাজহ বিভাগ আৰু কৃষি বিভাগৰ ছয় শতাধিক বিষয়াই অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ আৰু কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি মন্ত্ৰী বৰাই কয় যে কৃষি উৎপাদন বৃদ্ধিৰ লগে লগে নৱপ্ৰজন্মৰ কৃষকৰ সক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰতো ডিজিটেল সেৱা আজি কৃষি আৰু ইয়াৰ আনুষংগিক খণ্ডসমূহৰ ক্ষেত্ৰত এৰাব নোৱৰা অংগ হৈ পৰিছে।
২০২৩ চনত কেন্দ্ৰীয় চৰকাৰৰ সহযোগত অসমৰ ৬খন জিলাৰ ১১টা ৰাজহ চক্ৰত ডিজিটেল শস্য সমীক্ষাৰ কাম পৰীক্ষামূলকভাৱে কৰি সফল হোৱা বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ কৃষকক তথ্য প্ৰযুক্তি, সেৱা আৰু ডিজিটেল প্ৰযুক্তিৰে শক্তিশালী কৰি তোলাৰ ওপৰত আৰোপ কৰা গুৰুত্বৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী বৰাই কয় যে মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মায়ো আমাৰ ৰাজ্যখনৰ কৃষকক প্ৰযুক্তিনিৰ্ভৰ কৃষিৰ জৰিয়তে আত্মনিৰ্ভৰ কৰি তোলাৰ লগতে কৃষক কল্যাণকামী আঁচনিসমূহৰ সুবিধা যাতে প্ৰতিজন যোগ্য কৃষকে লাভ কৰিব পাৰে, তাৰ বাবে ৰাজ্যখনত ডিজিটেল শস্য সমীক্ষা আৰু কৃষক ৰেজিষ্ট্ৰীৰ ৰূপায়ণত গুৰুত্ব দিছে। ডিজিটেল শস্য সমীক্ষা আৰু কৃষক ৰেজিষ্ট্ৰীয়ে পি এম কিষাণ, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, কিষাণ ক্ৰেডিট কাৰ্ড আদিৰ দৰে আঁচনিসমূহৰ হিতাধিকাৰী নিৰ্বাচনত স্বচ্ছতাৰ সৃষ্টি কৰিব বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই কয় যে উপগ্ৰহীয় সেৱাৰ জৰিয়তে ৰূপায়ণ কৰিবলৈ লোৱা এই আঁচনিখনৰ ফলত আমাৰ কৃষকৰ সবিশেষ, তেওঁলোকৰ কৃষিভূমিৰ সঠিক পৰিমাণ, বছৰটোত কৰা খেতিৰ সংখ্যা, ছন পেলাই ৰখা ভূমিৰ পৰিমাণ আদি বিভিন্ন তথ্য লাভ কৰাত সহায়ক হ’ব। ইয়াৰ ফলত কৃষি বিভাগে উপযুক্ত পৰিকল্পনাৰে কৃষকক বছৰত দুটা বা ততোধিক খেতি কৰাৰ বাবে আগ্ৰহী কৰি তুলিবলৈও সক্ষম হ’ব। মন্ত্ৰী বৰাই ৰাজ্যখনৰ শালি ধান খেতি কৰাৰ পাছত ছন পৰি থকা ৬ লাখ হেক্টৰ কৃষিভূমিত কৃষি বিভাগে পৰ্যায়ক্ৰমে বিভিন্ন শস্যৰ খেতি কৰাৰ বাবে ৰূপায়ণ কৰি থকা আঁচনিৰ ওপৰতো আলোকপাত কৰে। অসম চৰকাৰৰ ৰাজহ বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী, কৃষি বিভাগৰ আয়ুক্ত সচিব আৰু কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজ’ৰিয়া, কৃষি সঞ্চালক ভাস্কৰ পেগুৱে ভাষণ দিয়া উদ্বোধনী অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত জয় শিৱানী, উদ্যান শস্য সঞ্চালক তেজ প্ৰসাদ ভূষাল, যুটীয়া কৃষি সঞ্চালক বিপুল দাস, কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ চি পি এম ইউৰ মুৰব্বী মহেশ ৱাকোড়ে, উপদেষ্টা কিৰ্ত্তী কুমাৰী, সহযোগী উপদেষ্টা প্ৰখৰ অৱস্তি, ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ আৰু অসম চৰকাৰৰ ৰাজহ বিভাগৰ উচ্চপদস্থ বিষয়াসকল আৰু ৰাজ্যখনৰ বিভিন্ন জিলাৰ কৃষি বিষয়া আৰু ৰাজহ চক্ৰসমূহৰ বিষয়াসকলে অংশগ্ৰহণ কৰে।