নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিজুভেলী চাহ বাগিচাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদঃ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰন

নিয়মীয়া বাৰ্তা ২৬ মেঃ নগাওঁ জিলাৰ ডিজুভেলী চাহ বাগিচাৰ মুখ্য কাৰ্য্যালয়ৰ সম্মূখত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই আজি এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি আছা জিন্দাবাদ ’শ্ৰম মন্ত্ৰী সঞ্জয় কিষান মুৰ্দাবাদ ধ্বনীৰে এক উত্তাল পৰিৱেশ সৃষ্টি কৰে ৷ জানিব পৰা মতে নগাওঁ জিলাৰ ডিজুভেলী চাহ বাগিচাৰ মুখ্য কাৰ্য্যালয়ৰ সম্মূখত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ কেন্দ্ৰীয় সমিতি আৰু নগাওঁ জিলাৰ সমিতিৰ যুটীয়া উদ্যোগত তথা আঞ্জুকপানী, শালনা, চিমনা বস্তি আঞ্চলিক সমিতিৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ অসম চৰকাৰৰ অধিনস্থ তথা অসম চাহ নিগমৰ দ্বাৰা নিয়ন্ত্ৰিত ডিজুভেলী চাহ বাগিচাৰ মুখ্য কাৰ্য্যালয়ৰ সম্মূখত সামাজিক দূৰত্ব বজাই ৰাখি প্ৰতিবাদকাৰী সকলে আছা জিন্দাবাদ, শ্ৰম মন্ত্ৰী সঞ্জয় কিষান মুৰ্দাবাদ, চাহ শ্ৰমিকে ৮ঘণ্টাৰ বিপৰীতে ১২ঘণ্টা কাম নকৰোঁ, চাহ শ্ৰমিকৰ কামৰ সময় সীমা ৮ঘণ্টালৈ নিৰ্ধাৰন কৰক, চাহ শ্ৰমিকৰ নিম্নতম মজুৰি ৩৫১/ টকালৈ বৃদ্ধি কৰক, লক ডাউনৰ সময় চোৱাত শ্ৰমিকৰ মজুৰি, ৰেচন প্ৰদান কৰক , বিজেপি চৰকাৰ গ‘বেক আদি বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰা পৰিলক্ষিত হয় ৷ উক্ত প্ৰতিবাদী কাৰ্য্যসূচীৰ মাজতে প্ৰতিবাদকাৰী সকলে ডিজুভেলী চাহ বাগিচাৰ পৰিচালকৰ জৰিয়তে অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ ৬ দফীয়া দাবী সন্মিলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক শপুৰন গঞ্জু, আছা নগাওঁ জিলা সমিতিৰ সম্পাদক জেমছ ভেংৰা, সহ:সম্পাদক চন্দন দিগাল, সাংস্কৃতিক সম্পাদক প্ৰকাশ কুজুৰ, শিক্ষা সম্পাদক বিন্দেশ্বৰ গঞ্জু, প্ৰচাৰ সম্পাদক প্ৰেমজিৎ বদ্ৰা, প্ৰাক্তন সম্পাদক দমিনিক টপ্প আৰু আঞ্জুকপানী আঞ্চলিক সমিতিৰ সভাপতি ৰঞ্জন ৰাইগীত , চিমনা আঞ্চলিক সমিতিৰ সম্পাদক সুভাষ ভীলৰ লগতে আছাৰ বিষয় ববীয়া সহ শতাধিক চাহ শ্ৰমিক উপস্থিত হৈ উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ৷পৰৱৰ্তী সময়ত তিনি জনীয়া সজাঁতী দলৰ সদস্য ক্ৰমে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক পুৰন গঞ্জু , আছা নগাওঁ জিলা সমিতিৰ সম্পাদক জেমচ ভেংৰা আৰু সহঃ সম্পাদক চন্দন দিগালে নগাওঁ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মূখ‍্যমন্ত্ৰী সৰ্বানন্দ সোনাৱাললৈ এখন স্মাৰক পত্ৰ পেৰন কৰে ৷ স্মাৰক পত্ৰত উল্লেখিত দাবী সমূহ ক্ৰমে— শ্ৰমিক পৰিপন্থী আইন শীঘ্ৰেই বাতিল কৰা ; শ্ৰমিক অধিকাৰ অক্ষুন্ন ৰখা; চাহ শ্ৰমিকৰ নিম্নতম মজুৰি ৩৫১/- টকালৈ বৃদ্ধি কৰা ; চাহ বাগিচাৰ বিদ্যালয়সমূহক প্ৰাদেশীকৰন কৰাৰ লগতে পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি ১০০খন আবাসিক বিদ্যালয় শীঘ্ৰেই নিৰ্মাণ কৰা; চাহ বাগিচাৰ চিকিৎসালয় শীঘ্ৰেই উন্নত কৰা ; চাহ বাগিচাৰ লাইনসমূহত গৃহ নিৰ্মাণৰ ক্ষেত্ৰত থকা যেনে, ভূমিহীন শ্ৰমিক পৰিয়ালসমূহক এশ শতাংশ ৰেচন কাৰ্ড যোগান ধৰা আদি আঁসোৱাহ দূৰ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে ৷

You might also like