নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চভূতত বিলীন বিশিষ্ট শিল্পী–সাহিত্যিক দিলীপ কুমাৰ হাজৰিকা

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ ছেপ্টেম্বৰ : পঞ্চভূতত বিলীন হ’ল বিশিষ্ট অভিনেতা, সাহিত্যিক, ৰাজনীতিবিদ তথা অধিবক্তা দিলীপ কুমাৰ হাজৰিকা৷ আজি বহুসংখ্যক গুণমুগ্ধৰ উপস্থিতিত বিশিষ্ট অভিনেতাগৰাকীৰ শেষকৃত্য গুৱাহাটীৰ নৱগ্রহ শ্মশানত সম্পন্ন কৰা হয়৷ ইয়াৰ পূর্বে তিনিটা স্থানত তেওঁলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰা হয়৷ উজানবজাৰস্থিত বাসগৃহৰ পাছত মহানগৰীৰ এনচিপি কার্যালয়, উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত দিলীপ কুমাৰ হাজৰিকালৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে গুণমুগ্ধই৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত ন্যায়াধীশ সুমন শ্যাম, ন্যায়াধীশ মানস ৰঞ্জন পাঠক, ন্যায়াধীশ কল্যাণ ৰায় সুৰানা, ন্যায়াধীশ মনীষ চৌধুৰী আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীয়ে বিশিষ্ট অধিবক্তা তথা অভিনেতাগৰাকীলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ তদুপৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নবীন চন্দ্র দাস, গজানন্দ চাহেৱালা, চিন্ময় চৌধুৰী, হাফিজ ৰছিদ আহমেদ চৌধুৰী, মানৱেন্দ্র নাথ, মৃণাল কুমাৰ চৌধুৰী আৰু গুৱাহাটী হাই ক’ৰ্ট বাৰ এছ’চিয়েচনৰ প্রাক্তন সভাপতি দিলীপ চৌধুৰীয়েও হাজৰিকাৰ নশ্বৰ দেহত শেষ শ্রদ্ধা জ্ঞাপন কৰাৰ লগতে তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰে৷ ইয়াৰ পিছতে তেওঁৰ নশ্বৰ দেহ পোনে পোনে নৱগ্রহ শ্মশানলৈ লৈ যোৱা হয় আৰু বহু গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়৷ ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়া, অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা, জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা, বিশিষ্ট গীতিকাৰ কীর্তিকমল ভূঞা, বিশিষ্ট ছবি নির্মাতা কামাখ্যা সভাপণ্ডিত, জ্যেষ্ঠ অধিবক্তা পি এন গোস্বামী, জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, প্রকাশ মহন্ত, জ্যোতি চিত্রবনৰ অধ্যক্ষ বিদ্যাসাগৰে শ্মশানত হাজৰিকালৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ অৱশ্যে কেইবাখনো ছবিত অভিনয়েৰে অসমীয়া ছবি জগতক সমৃদ্ধ কৰি যোৱা বিশিষ্ট অভিনেতাগৰাকীৰ শেষকৃত্যৰ সময়ত শিল্পী সমাজৰ উপস্থিতি আছিল নগণ্য৷ ন্যাস গঠন কৰি বহু শিল্পী–সাহিত্যিকক সহায় আগবঢ়োৱা দিলীপ হাজৰিকাৰ শেষকৃত্যত শিল্পী সমাজৰ অনুপস্থিতি উদ্বেগজনক৷ উল্লেখ্য যে দীর্ঘদিন ধৰি বার্ধক্যজনিত ৰোগত আক্রান্ত হৈ থকা বিশিষ্ট অভিনেতাগৰাকীৰ কালি নিশা ৮.৩০ বজাত দেহাৱসান ঘটে৷ উজানবজাৰস্থিত নিজা বাসগৃহত তেওঁ ৯০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷ বিশিষ্ট শিল্পীগৰাকীৰ বিয়োগত ৰাজ্যৰ সাংস্কৃতিক, ৰাজনৈতিক আৰু সাহিত্যৰ ক্ষেত্রখনত গভীৰ শোকৰ ছাঁ পৰিছে৷ ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দিলীপ কুমাৰ হাজৰিকাৰ বিয়োগত শোক প্রকাশ কৰিছে৷ এক শোকবার্তাত তেওঁ কয়– বিশিষ্ট অভিনেতা, সুলেখক তথা অধিবক্তা দিলীপ কুমাৰ হাজৰিকাৰ বিয়োগৰ খবৰে ব্যথিত কৰি তুলিছে৷ মণিৰাম দেৱানকে ধৰি ভালেকেইখন অসমীয়া ছবিত দুর্দান্ত অভিনয়েৰে বিশেষ খ্যাতি অর্জন কৰা এইগৰাকী বহুমুখী প্রতিভাসম্পন্ন ব্যক্তিত্বৰ বিয়োগ অসমৰ সামাজিক, সাংস্কৃতিক ক্ষেত্রৰ বাবে এক বৃহৎ ক্ষতি৷ ইফালে, দিলীপ কুমাৰ হাজৰিকাৰ বিয়োগত শোক প্রকাশ কৰিছে বিশিষ্ট সমাজকর্মী, ক্রীড়া সংগঠক কৈলাস শর্মাই৷ এক শোকবার্তাত তেওঁ কয় যে অসমীয়া চলচ্চিত্র আৰু মঞ্চ জগতৰ শক্তিশালী অভিনেতা দিলীপ কুমাৰ হাজৰিকাই ঐতিহাসিক মণিৰাম দেৱান বোলছবিৰ লগতে কেইবাখনো ছবিত অভিনয় কৰি এক সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ ঐতিহ্যমণ্ডিত কামৰূপ নাট্য সমিতিৰ সভাপতিৰ পদ অলংকৃত কৰাৰ লগতে গুৱাহাটী বিহু সন্মিলনীৰ জন্মলগ্ণৰে পৰা জড়িত আছিল৷

You might also like