নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰং-ওদালগুৰিত অভিলেখসংখ্যক ভোটত জয়ী হ’ব দিলীপ শইকীয়া : দিগন্ত কলিতা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ এপ্ৰিলঃ অভিলেখসংখ্যক ভোটৰ ব্যৱধানত এইবাৰ জয়ী হ’ব দৰং ওদালগুৰিৰ বিজেপি প্রার্থী দিলীপ শইকীয়া৷ আজি এই মন্তব্য কৰে বিজেপি প্রার্থীগৰাকীৰ নির্বাচনী প্রচাৰত ব্যস্ত থকা কমলপুৰৰ বিধায়ক দিগন্ত কলিতা৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত সাংসদ দিলীপ শইকীয়াই আজি মনোনয়ন দাখিল কৰাৰ সময়ত ৰাইজ হিলদল ভাঙি ওলাই আহিছে৷ বিজেপি, অসম গণ পৰিষদ আৰু ইউপিপিএলৰ নেতা-কর্মী-সমর্থক ধৰি প্রায় ৩৫ হাজাৰ লোকৰ সমাগমে দিলীপ শইকীয়াই অভিলেখসংখ্যক ভোটৰ ব্যৱধানত বিজয়ৰ পথ স্পষ্ট কৰি তুলিছে৷ সমষ্টিটোত কংগ্রেছ প্রার্থী মাধৱ ৰাজবংশী আৰু বিপিএফৰ প্রার্থী দুর্গাদাস বড়ো বিজেপিৰ প্রার্থীগৰাকীৰ বাবে সামান্যও প্রত্যাহ্বান নহয় বুলি দাবী কৰি কলিতাই কয় যে আগন্তুক নির্বাচনত বিজেপি, অসম গণ পৰিষদ আৰু ইউপিপিএল দলে সংঘবদ্ধভাৱে নির্বাচনী যুঁজত নামিছে৷ এই নির্বাচনত মুখ্য ইছ্যু হৈছে বিকাশৰ অনিৰুদ্ধ যাত্রা৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসমতো বিকাশৰ গংগা বৈছে৷ এনে বিকাশৰ ধাৰা অব্যাহত ৰখাটো ৰাজ্যখনৰ সর্বশ্রেণীৰ ৰাইজে বিচাৰিছে৷ বিকাশত এই অনিৰুদ্ধ যাত্রাৰ বাবে বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতা-কর্মীসকলৰ মাজত হতাশা বিৰাজ কৰিছে৷ ফলত কংগ্রেছকে ধৰি অন্যান্য বিৰোধী দলৰ নিষ্ঠাৱান নেতা-কর্মীসকল বিজেপিমুখী হৈছে৷ নির্বাচনৰ আগমুহূর্তত এইদৰে ব্যাপক হাৰত বিৰোধী ৰাজনৈতিক দলৰ নেতা-কর্মীৰ দল সলনিৰ উদাহৰণ নাছিল৷ এনে ঘটনাই প্রমাণ কৰিছে যে বিজেপিয়ে এইবাৰ লোকসভা নির্বাচনত দৰং ওদালগুৰিতেই নহয় অন্যান্য সমষ্টিটো অভিলেখসংখ্যক ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি মন্তব্য কৰে বিধায়ক কলিতাই৷

You might also like