নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমা হাছাওত পথ নিৰ্মাণৰ কামত জড়িত কৰ্মচাৰীক অপহৰণ দুৰ্বৃত্তৰ

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ ডিমা হাছাও জিলাৰ মাহুৰ-টামেংলং পথৰ পৰা অচিনাক্ত অস্ত্ৰধাৰী দুৰ্বৃত্তই দুজন কৰ্মচাৰী যোৱা শুকুৰবাৰে অপহৰণ কৰি নিয়া ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে। জিলাখনত মাহুৰ-টামেংলং পথৰ নিৰ্মাণ কৰি থকা অনুষা প্ৰজেক্ট প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ কৰ্মচাৰী ক্ৰমে ইকবাল লস্কৰ আৰু আব্দুল কাদিৰক অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰি নিয়ে। পথ নিৰ্মাণৰ কামত নিয়োজিত দুয়ো কৰ্মচাৰী নিশা মাহুৰ থানাৰ অন্তৰ্গত নিয়াংলʼ লুংৰি অঞ্চলত স্থাপন কৰা অস্থায়ী শিবিৰত থকা অৱস্থাত অচিনাক্ত দুৰ্বৃত্তই এই অপহৰণকাণ্ড সংঘটিত কৰে। উল্লেখযোগ্য যে আব্দুল কাদিৰৰ ঘৰ কৰিমগঞ্জ জিলাৰ অসিমগঞ্জ গাঁৱত আৰু ইকবাল লস্কৰৰ ঘৰ হাইলাকান্দি জিলাৰ চাবাদ গাঁৱত বুলি জানিব পৰা গৈছে। এই ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা আৰক্ষী দুয়োগৰাকী কৰ্মচাৰীক উদ্ধাৰ কৰিবলৈ অনুসন্ধান অব্যাহত ৰাখিছে। ইফালে Anusha Project Private Limitedৰ জ্যেষ্ঠ প্ৰকল্প সঞ্চালক সুশীল কুমাৰ শ্ৰীৱাস্তৱে সংবাদ মাধ্যমৰ জৰিয়তে উক্ত পথটো নিৰ্মাণৰ কামত নিৰ্মাণ কোম্পানীৰ কোনো ক্ষতি নকৰি কেৱল সহযোগ কৰিবলৈ আহ্বান জনাইছে।

প্ৰেৰক হেমন্ত কুমাৰ নাথ

You might also like