দিল্লীত আয়োজিত কেন্দ্ৰীয় গণৰাজ্য দিৱলৈ নিমন্ত্ৰিত দিপ্লৱ চুতীয়া
বিশেষ বাৰ্তা, ২০ জানুৱাৰী : বৃহত্তৰ বাৰেকুৰি অঞ্চলটো গ্ৰাম্য পয্যটনৰ ক্ষেত্ৰত যেন আৰু এখোঁজ আগুৱাছে পয্যটনৰ মানচিত্ৰত। কিয়নো দীৰ্ঘদিনৰ পৰা হলৌ বান্দৰ সংৰক্ষণৰ সন্দৰ্ভত সজাগতাৰ লগতে পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত অবিৰতভাৱে কাম কৰি যোৱা বাৰেকুৰিৰ দিপ্লৱ চুতীয়ালৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা এখন বিশেষ পত্ৰ আহিছে ৷ যিখন পত্ৰৰ জৰিয়তে ভাৰত চৰকাৰে দিল্লীত কেন্দ্ৰীয়ভাৱে আয়োজিত গণৰাজ্য দিৱসলৈ দিপ্লৱ চুতীয়াক নিমন্ত্রণ জনাইছে। ইতিমধ্যে দিপ্লৱৰ লগতে পত্নীলৈ বিমানৰ অহা-যোৱাৰ টিকট প্ৰেৰণ কৰিছে বিভাগীয় বিষয়াই। ২৫ জানুৱাৰীত দিল্লীলৈ বুলি ৰাওনা হোৱাৰ লগতে ২৯ জানুৱাৰীত উভতিব ঘৰলৈ। এইসন্দৰ্ভত দিপ্লৱ চুতীয়াই জানিবলৈ দিয়া অনুসৰি, গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কায্যসূচী উপভোগ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স’তেও মত বিনিময়ৰ অনুষ্ঠান এটা অনুষ্ঠিত হোৱাৰ কথা আছে। দিল্লীলৈ গণৰাজ্য দিৱলৈ নিমন্ত্রণ পোৱাৰ পাছতে দিপ্লৱ চুতীয়াৰ লগতে বাৰেকুৰিবাসী আনন্দিত হৈছে। লগতে প্ৰধানমন্ত্ৰীগৰাকীৰ স’তে সাক্ষাৎ হ’লে বাৰেকুৰিক পয্যটনৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কিছু পৰিকল্পনাৰ সন্দৰ্ভত অৱগত কৰিব বুলি জানিব দিয়ে ২০০২ চনৰ পৰা অৰ্থাৎ স্কুলীয়া দিনৰ পৰা অঞ্চলটোত মানুহৰ সৈতে সহবাস কৰি থকা হলৌৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে সংগ্ৰাম কৰি অহা দিপ্লৱ চুতীয়াই। উল্লেখযোগ্য যে, ২১খন গাঁৱৰ সন্নবিষ্ট বৃহত্তৰ বাৰেকুৰি অঞ্চলটোৰ মাজত হলৌ সংৰক্ষণৰ বাবে সজাগতা সৃষ্টি কৰাৰ লগতে হলৌ দিৱসৰ দৰে অনুষ্ঠান ৰাইজৰ সহযোগত কৰি আহিছে। ইয়াৰ উপৰি বাৰেকুৰিত গ্ৰাম্য পৰ্যটনৰ ভেটি গঢ়িবলৈ আপ্রাণ চেষ্টা কৰি আহিছে দিপ্লৱ চেতিয়াই। দিপ্লৱ চেতিয়াৰ চেতিয়াৰ লগতে বাৰেকুৰিৰ সচেতন মহ’লৰ সংগ্ৰামৰ বাবেই দেশ-বিদেশৰ বহু পৰ্যটকে বাৰেকুৰিৰ হলৌ বান্দৰ পৰিদৰ্শন কৰিবলৈ আগমণ ঘটিছে। শেহতীয়াকৈ হলৌবান্দৰৰ বাবেই বিশ্বৰ ভিতৰতে বাৰেকুৰিৰ নাম বিখ্যাত হৈ পৰিছে। বিগত বৰ্ষৰ ২৫ আগষ্টত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ অনুষ্ঠানত বাৰেকুৰিৰ হলৌবান্দৰ আৰু বাৰেকুৰিবাসীৰ বিষয়ে সুন্দৰকৈ উল্লেখ কৰিছিল।
প্ৰেৰক বিবেক বড়া