চামগুৰিত মুখ্যমন্ত্ৰী : ৩০,০০০ ভোটত দিপ্লুৰঞ্জনৰ বিজয় নিশ্চিত
নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰ : এটা কথা নিশ্চিত ভাবে কব পাৰি যে এইবাৰ চামগুৰিত অতি কমেও ২৫ পৰা ৩০ হাজাৰ ভোটত বিজেপি দল জিকিব ৷ তাক কোনেও ধৰি ৰাখিব নোৱাৰে ৷ কোনো সন্দেহ নাই ৷ কেতিয়াবা মই ভাবো জিকিব নে নাই ৷ যেতিয়া ৰকিবুল হুছেইনক টিভিত দেখো তেতিয়া মই কনফাৰ্ম হৈ যাওঁ এইবাৰ চামগুৰিত বিজেপি মিত্ৰ জোটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা জিকিব৷ তাত কোনো সন্দেহ নাই৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ৷ মুখ্যমন্ত্ৰী ড° শৰ্মাই আজি চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু ইউ পি পি এল মিত্ৰজোঁটৰ উদ্যোগত আয়োজিত বিশাল নিৰ্বাচনী সমাবেশত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি ভাষন প্ৰসংগত কয় যে ধুবুৰীত ৰকিবুল হুছেইন নিৰ্বাচনত জিকিল সেইকাৰণে চামগুৰি উপ নিৰ্বাচন হ’ল৷ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী নিজৰ পুতেকক দিছে ৷ চামগুৰিত কিমান কংগ্ৰেছ নেতা কৰ্মী আছে৷ কোনো এজন কংগ্ৰেছ নেতা কৰ্মীক কংগ্ৰেছৰ টিকত নিদিলে৷ মাত্ৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰিছে ৷ তেওঁলোকে কাকো বিশ্বাস নকৰে৷ বিশ্বাস কৰা হলে কোনোৱা এজন কংগ্ৰেছ কৰ্মীক টিকতটো দি দিলে হ’য়৷ কোনো এজন কংগ্ৰেছ কৰ্মীক বিশ্বাস নকৰে তেওঁলোকে৷ ভাৰতীয় জনতা পাৰ্টিয়ে দেউতাকৰ মুখ চাই টিকত নিদিয়ে৷ আপোনালোকে চামগুৰি উপ নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ দেউতাৰক নাম জানে নেকি ৷আজি দিপ্লুৰঞ্জন শৰ্মাৰ দেউতাকৰ মুখ চাই বিজেপিয়ে টিকত দিয়া নাই৷ দিপ্লুৰঞ্জন শৰ্মাক চাই বিজেপিয়ে টিকত দিছে ৷ আজি যদি ৰকিবুল হুছেইনক চামগুৰি ৰাইজে সোধে তাঞ্জিত হুছেইনৰ পিছত চামগুৰিত কংগ্ৰেছৰ পৰা কোনে টিকত পাব বুলি তেতিয়া ৰকিবুল হুছেইনে কব তাঞ্জিল হুছেইনৰ পিতেকে কংগ্ৰেছৰ পৰা টিকত পাব বুলি। প্ৰথম কোন হ’ল নুৰুল হুছেইন আৰু তাৰপিছত ৰকিবুল হুছেইন এতিয়া আকৌ তাঞ্জিল হুছেইন ৷ ইয়াৰ পিছতো চামগুৰি ৰাইজৰ মাজৰ পৰা কংগ্ৰেছ দলৰ এমেলে হব নোৱাৰে৷ তাঞ্জিল হুছেইনৰ পিতেক এমেলে হব৷ এইটোৱেই হৈছে কংগ্ৰেছ দলৰ নিয়ম ৷ সাধাৰণ ৰাইজৰ কোনো ভেলু নাই ৷ খালি বাপেকৰ পিছত পিতেক৷ পিতেকৰ পিছত নাতিনীয়েক আৰু নাতিনীয়েকৰ পিছত নাতিনীয়েক হে এমেলে হব৷ ৰকিবুল হুছেইনৰ পিছত তাঞ্জিল হুছেইন আৰু বাকি মানুহ খিনিয়ে আমোল তাজা গাখীৰ খাই ঘৰতে বহি থাকিব লাগিব৷ তেওঁলোকে আপোনলোকক কওঁতে গোটেই পৃথিৱীৰ কথা কব ৷ ৰকিবুল হুছেইনে নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ গৈ কৈছে তেওঁ বোলে বহুত ল’ৰাক চাকৰি দিছো গতিকে মোৰ হৈ কাম কৰিব লাগিব বুলি৷ কিন্ত মই মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত প্ৰায় ডেৰ লাখ ল’ৰা ছোৱালীক আমি চাকৰি দিলো৷ আমিটো আজিলৈকে চাকৰি পোৱা ল’ৰা ছোৱালীক কোৱা নাই আমাৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ৷ মই কৈছো নেকি কাৰোবাক আমাৰ হৈ কাম কৰিব লাগিব বুলি ৷ আমি সেইটো কেতিয়াও নকওঁ৷ তেওঁলোকে চাকৰি পাইছে আৰু চৰকাৰে দৰমহা দিছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষন প্ৰসংগত উল্লেখ কৰে৷ বিধানসভা নিৰ্বাচনৰ প্ৰতিশ্ৰুতি অনুসৰি এক লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে অহা ১০ মে’ৰ ভিতৰত ডেৰ লাখ চাকৰি নিযুক্তি সম্পূৰ্ণ হ’ব৷ পূৰ্বতে কংগ্ৰেছ চৰকাৰৰ দিনত ঘোচ দি নিযুক্তি ল’বলগা হৈছিল ৷কিন্ত বৰ্তমান বিজেপি মিত্ৰজোঁটৰ চৰকাৰ খনৰ দিনত কোনেও এটকা নিদিয়াকৈ চাকৰিৰ নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে ৷ যি সকল যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পোৱা নাই বা চৰকাৰী চাকৰি কৰিবলৈ আগ্ৰহী নহয় তেওঁলোকৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আচঁনি গ্ৰহন কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এই আচঁনিৰ অধীনত যুৱক যুৱতী সকলক দুই লাখ টকাকৈ চৰকাৰৰ তৰফৰ পৰা দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ মুঠ দুই লাখ যুৱক যুৱতীক এই আচঁনিয়ে সামৰি ল’ব ৷তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন চাকৰিও যুৱক যুৱতী সকলে লাভ কৰি আছে ৷বৰ্তমান ৰাজ্য চৰকাৰৰ কাৰ্যকাল আৰু ডেৰ বছৰ আছে৷ এই ডেৰ বছৰত ৰাজ্যৰ ৫ লাখ যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষন প্ৰসংগত উল্লেখ কৰাৰ লগতে আৰু কয় যে বৰ্তমান চৰকাৰৰ দিনত ৰাজ্যখনৰ যুৱক যুৱতী সকলৰ মাজত এক আশাৰ সঞ্চাৰ হৈছে আমাৰ ৰাজ্যত আটাইত ডাঙৰ পৰীক্ষা আছিল মেট্ৰিক পৰীক্ষা ৷ মেট্ৰিকত ৫ লাখ ল’ৰা ছোৱালী অৱতীৰ্ণ হয় ৷ কিন্ত আজি মেট্ৰিকতকৈ ডাঙৰ পৰীক্ষা অসমত অনুষ্ঠিত হয় ৷ আজি কালি মানুহৰ মাজত ধাৰণা হৈছে দুখীয়া খাটিখোৱা মানুহৰ ঘৰৰ ল’ৰা ছোৱালীয়েওঁ চৰকাৰী চাকৰি পাব পাৰে৷ অৰুণোদয় আচঁনিৰ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষন প্ৰসংগত উল্লেখ কৰি কয় যে চামগুৰি সমষ্টিত নতুনকৈ পুনৰ আৰু ১৫ হাজাৰ মহিলাক অৰুণোদয় প্ৰদান কৰা হব৷ ৭০ বছৰৰ উধ্বৰ সকলো লোককে ৰেচন কাৰ্ড থাকক বা নাথাকক আয়ুস্মান ভাৰত আচঁনিত সামৰি লৈ বছৰি ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে৷ মহিলা আত্মসহায়ক গোটৰ সদস্যা সকলকো অহা ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ বেংক একাউণ্টযোগে ১০ হাজাৰ টকাকৈ প্ৰদান কৰা হব৷ নিযুত মইনা আচঁনিৰ অধীনতো উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ বা বি এড প্ৰথম বৰ্ষত অধ্যয়ন কৰি থকা মুঠ ডেৰ লাখ ছাত্ৰীক মাহে ক্ৰমে ১০০০ ১২৫০ আৰু ২৫০০ টকাকৈ প্ৰদান কৰা হৈছে ৷ বৰ্তমান ৰাজ্য চৰকাৰৰ পৰা দুখীয়া দৰিদ্ৰ ৰাইজে যিমান সুবিধা লাভ কৰিছে সিমান সহায় পূৰ্বৰ কোনো চৰকাৰ দিনত লাভ কৰা নাছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰাৰ লগতে চামগুৰি ভিতৰুৱা অঞ্চলৰ ছাত্ৰছাত্ৰী সকলে শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত অতি কম মূল্যত পৰিবহন বিভাগৰ গাড়ীৰ ব্যৱস্থা কৰা হব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষন প্ৰসংগত উল্লেখ কৰে৷ কলিয়াবৰ জিলা বিজেপি সভাপতি বাবুল বৰা আৰু উপ সভাপতি প্ৰাৰ্থপ্ৰতিম হাজৰিকা আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে আতঁধৰা বিশাল নিৰ্বাচনী সভা খনত চামগুৰি উপ নিৰ্বাচনৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই ভাষন প্ৰসংগত কয় যে এইকেইদিন চামগুৰিত মোৰ কেইটামান অভিজ্ঞতা হৈছে ৷চামগুৰিত মোৰ হাজাৰ হাজাৰ জন মান ভাইটি পাইছো ৷ আজি চামগুৰিত পৰিবৰ্তনৰ ধুমুহা বলিছে৷ মই ৰজাৰ ঘৰৰ পৰা অহা নাই ৷ সাধাৰণ ঘৰৰ পৰা আহিছো ৰাইজৰ হ’কে কাম কৰিবলৈ ৷ ভয় ভাবুকিৰ ৰাজনীতি কৰিবলৈ অহা নাই৷ এটা ভাল মনলৈ আহিছো ৰাইজৰ সেৱা কৰিবলৈ৷ মই নিৰ্বাচনত জয় হলে ৰাষ্টাঘাট আৰু স্বাস্থ্য খণ্ড উন্নতৰ হ’কে কাম কৰিম৷ আমি হিংসা কেতিয়াও নিবিছাৰো৷ সদায় শান্তি আৰু সমিদ্ধিশালী চামগুৰি বিছাৰো ৷ আপোনালোকে মোক যেনেকৈ এশ শতাংশ মৰম দিছে মই নিৰ্বাচনত জয় হলে আপোনালোকক এশ এক শতাংশ মৰম দিম৷ ছাত্ৰছাত্ৰীসকলে উচ্চ শিক্ষা গ্ৰহন কৰিবৰ কাৰনে যি প্ৰতিযোগীতামুলক পৰীক্ষা হয় সেই পৰীক্ষাত উত্তীৰ্ণ হব কাৰনে চামগুৰিত সমষ্টিত চাৰিটৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হব বুলি ভাষন প্ৰসংগত উল্লেখ কৰে৷ বিশাল নিৰ্বাচনী সভাখনত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক পৰমানন্দ ৰাজবংশী, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলি, বিধায়ক তৰংগ গগৈ, মন্ত্ৰী কেশৱ মহন্ত, বিমল বৰা, বিধায়ক ৰমাকান্ত দেউৰী, বিধায়ক ৰূপক শৰ্মা, প্ৰভাৰী হৰিশ দ্বিবেদী, বিধায়ক হেমাংগ ঠাকুৰীয়া, অসম গণ পৰিষদৰ দলৰ নগাঁও জিলাৰ সভাপতি মনিমাধৱ মহন্ত, বিজেপি নগাঁও জিলাৰ সভাপতি অভিজিৎ নাথকে ধৰি বহু কেইজন বিধায়ক আৰু বিজেপিৰ বহু সংখ্যাক নেতা উপস্থিত থাকে ৷
প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা