নিয়মীয়া বাৰ্তা, ১৪ মে’ : হোজাই জিলা সদৰ শংকৰদেৱ নগৰত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত বাৰিষাৰ সময়ছোৱাত সম্ভাৱনীয় বানপানীৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ অধ্যক্ষ লাচিত কুমাৰ দাসৰ সভাপতিত্বত জিলা দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ এখন সভা কালি অনুষ্ঠিত হয়। সভাত জিলাখনত থকা আদৰ্শ সাহায্য শিবিৰত ন্যূনতম সুবিধা আৰু সেৱাৰ ওপৰত এখন বিষয়ভিত্তিক সভা অনুষ্ঠিত হয়। সভাত লাচিত কুমাৰ দাসে বানপানীৰ সময়ছোৱাত ক্ষতিগ্ৰস্তসকলক ন্যূনতম সা-সুবিধাৰ সৈতে আশ্ৰয় আৰু দুৰ্যোগ ব্যৱস্থাপনা হাতপুথি মতে সহায় আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শিবিৰসমূহ পৰিচালনা আৰু নিৰীক্ষণৰ বাবে মহিলা সমিতি গঠন, শিশুৰ বাবে অনুকূল স্থান আৰু খাদ্য যোগান ধৰা, অনাময় ব্যৱস্থা, খোৱাপানী আৰু বিদ্যুতৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়ে। সভাত অধ্যক্ষগৰাকীয়ে শিশুৰ শিক্ষাৰ ধাৰাবাহিকতা বজাই ৰখাৰ বাবে শ্ৰেণীকোঠাৰ ব্যৱস্থা, খোৱাপানী, ৰান্ধনী ঘৰৰ ব্যৱস্থা, শৌচাগাৰসহ সকলো সুবিধাৰ ব্যৱস্থা থকা আদৰ্শ শিবিৰিৰ নথি প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়ে। শিশুসকলক খাদ্য বিতৰণৰ আগতে খাদ্য সুৰক্ষা কাৰ্যালয়ৰ পৰা প্ৰমাণ-পত্ৰ ল’বলৈ নিৰ্দেশ দিয়ে। সভাত অতিৰিক্ত আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল, মুখ্য কাৰ্যবাহী বিষয়া, প্ৰকল্প বিষয়া, জিলাখনৰ সকলো ৰাজহ চক্ৰ বিষয়া উপস্থিত থাকে।
প্ৰেৰক কিশলয় ডি গোস্বামী