নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূলসুঁতিলৈ প্রত্যাৱর্তন কৰা সংগঠনৰ সদস্যক আর্থিক সাহায্য বিতৰণ মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ৩১ অক্টোবৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত ৰাজ্য চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত মূলসুঁতিলৈ প্রত্যাৱর্তন কৰি গণতান্ত্রিক বিধি–ব্যৱস্থাৰ প্রতি আস্থা প্রকাশ কৰা ৬টা সংগঠনৰ সদস্যলৈ আর্থিক সাহায্য বিতৰণ অনুষ্ঠানত অংশগ্রহণ কৰে৷ এই অনুষ্ঠানত পুনৰ সংস্থাপনৰ জৰিয়তে আত্মনির্ভৰশীলতাৰ পথ প্রশস্ত কৰিবলৈ ইউনাইটেড গোর্খা পিপলছ অর্গেনাইজেশ্যন ইউ জি পি অৰ ১২৭গৰাকী, টিৱা লিৱাৰেশ্যন আর্মি টি এল এৰ ৭৪গৰাকী, কুকি নেশ্যনেল লিবাৰেশ্যন আর্মি কে এন এল এৰ ৩৮গৰাকী, কুকি লিবাৰেশ্যন ফ্রণ্ঢ কে এল এফৰ ৩৩গৰাকী, আলফাৰ ৩৫গৰাকী, ডিমাচা নেশ্যনেল লিবাৰেশ্যন আর্মি ডি এন এল এৰ ১১গৰাকী সহিতে মুঠ ৩১৮গৰাকী কেডাৰক ১৫ লাখ টকাকৈ এককালীন আর্থিক সাহায্য প্রদান কৰা হয়৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিগত কেইবা দশক ধৰি অসমে বহুতো ৰক্তক্ষয়ী ইতিহাসৰ সন্মুখীন হৈছে৷ এই ৰক্তক্ষয়ৰ ইতিহাস চিৰদিনৰ বাবে বন্ধ কৰি উন্নয়ন আৰু প্রগতিৰ পথ সুচল কৰি অসমক ভাৰতৰ ভিতৰত এখন বিকশিত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে আমাৰ সকলোৰে দায়িত্ব আছে৷ তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মার্গদর্শন আৰু কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ তৎপৰতাত ৰাজ্যখনৰ লগতে সমগ্র উত্তৰ–পূর্বাঞ্চলত শান্তিৰ পৰিৱেশ সূচনা হৈছে৷ ইয়াৰ লগে লগে উন্নয়নৰ প্রক্রিয়াটোও অধিক দ্রুত হৈ পৰিছে৷ তেওঁ কয় যে ইউনাইটেড গোর্খা পিপলছ অর্গেনাইজেচন আৰু তিৱা লিবাৰেচন আর্মীৰ কেডাৰসকলে ২০২২ চনৰ ২৭ জানুৱাৰীত মূলসুঁতিলৈ উভতি আহি গণতান্ত্রিক বিধি–ব্যৱস্থাৰ প্রতি আস্থা প্রকাশ কৰিছিল৷ ২০১৪ চনত গঠিত হোৱা তিৱা লিবাৰেচন আর্মী মূলতঃ মৰিগাঁও, নগাঁও আৰু পষ্চিম কার্বি আংলং জিলাত সক্রিয় হৈ আছিল৷ মৰিগাঁও, নগাঁও, কামৰূপ মহানগৰ, কার্বি আংলং আৰু পশ্চিম কার্বি আংলং জিলাৰ অন্তর্গত ৭৭গৰাকী তিৱা লিবাৰেচন আর্মীৰ কেডাৰে মূল সুঁতিলৈ উভতি আহিছিল৷ ২০০৭ চনত গঠিত হোৱা আন এটা বিদ্রোহী সংগঠন অর্থাৎ ইউনাইটেড গোর্খা পিপলছ অর্গেনাইজেচন মূলতঃ ৰাজ্যখনৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, বিশ্বনাথ জিলাত সক্রিয় আছিল৷ কোকৰাঝাৰ, চিৰাং, বাক্সা, বিশ্বনাথ, বঙাইগাঁও, কামৰূপ, তিনিচুকীয়া, ধেমাজি, ওদালগুৰি আৰু শোণিতপুৰ জিলাত ১৬৯গৰাকী ইউনাইটেড গোর্খা পিপলছত অর্গেনাইজেচনৰ কেডাৰ মূল সুঁতিলৈ উভতি আহিছিল৷ তেওঁ কয় যে এই দুয়োটা বিদ্রোহী সংগঠন মিলি কর্তৃপক্ষৰ সন্মুখত ২৭৭টা বিভিন্ন ধৰণৰ অস্ত্র, গ্রেণেড আৰু ৭২০ ৰাউণ্ড গুলী জমা দিয়ে৷ তদুপৰি ১২৭গৰাকী ইউ জি পি অ কেডাৰ, ৭৪গৰাকী টি এল এ কেডাৰ, ৩৫গৰাকী আলফা কেডাৰ, কে এল এফৰ ৩৩গৰাকী কেডাৰ, কে এন এল এৰ ৩৮গৰাকী কেডাৰ, ডি এন এল এৰ ১১ গৰাকী কেডাৰে বিভিন্ন সময়ত কর্তৃপক্ষৰ ওপৰত আত্মসমর্পণ কৰিছে৷ এইসকল মূল সুঁতিলৈ উভতি অহা কেডাৰে ১১২ বিধ বিভিন্ন ধৰণৰ অস্ত্র জমা দিছিল৷ মুখ্যমন্ত্রীয়ে কয় যে পূর্বৰ বিদ্রোহী সংগঠন অর্থাৎ এন ডি এফ বিৰ সকলো ফৈদ, পি ডি চি কে, কে এন এল এফ, কে পি এল টি, ইউ পি এল এ, এ পি এ, এ এ এন এল এ, এ চি এম এ, বি চি এফ আৰু এছ টি এফে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে চুক্তিত স্বাক্ষৰ কৰিছিল৷ ইতিমধ্যে ১১গৰাকী ডি এন এল এ সদস্যই মূল সুঁতিলৈ উভতি অহাৰ পিছত সমগ্র সংগঠনটোৱে শান্তি আলোচনাৰ বাবে আগ্রহ প্রকাশ কৰাৰ পৰিপ্রেক্ষিতত তেওঁলোকৰ সৈতেও শান্তি চুক্তি কৰিব পৰা যাব বুলি মুখ্যমন্ত্রীয়ে কয়৷ আজিলৈকে এন ডি এফ বিৰ ৪২০৩, পি ডি চি কেৰ ৩৬৫, কে পি এল টিৰ ৯৭৪, ইউ পি এল এৰ ৩৫১, কে এল এন এল এফৰ ২৩৬, আলফাৰ ৮৭, ইউ পি আৰ এফৰ ২৯, আৰ এন এল এফৰ ২৮, এ ডি এফৰ ৮৮, এন এল এফ বি বেংগলীৰ ৩০৩ গৰাকী আৰু অন্যান্য ১৩গৰাকী সহিতে মুঠ ৬৭৪০গৰাকী মূল সুঁতিলৈ উভতি অহা এইসমূহ সংগঠনৰ প্রাক্তন কেডাৰক অসম চৰকাৰৰ পুনৰ সংস্থাপন আঁচনিৰ অধীনত পুনৰ সংস্থাপন দিয়া হৈছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ এন ডি এফ বি আৰু কার্বি কেডাৰৰ ৩২৭৬গৰাকী অসম আৰক্ষীৰ বিশেষ শাখাই এ এছ আই পি আৰ ডিৰ সহযোগত দক্ষতা বিকাশ প্রশিক্ষণ প্রদান কৰে৷ ইতিমধ্যে শান্তি চুক্তি হোৱা আদিবাসী সংগঠনৰ কেডাৰসকলৰো পুনৰ সংস্থাপন প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ মুখ্যমন্ত্রীয়ে গৃহ বিভাগক আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে কয় যে অসমত আজি এই কথা প্রতীয়মান হৈছে যে অসমৰ জনগণ তথা কোনো লোকে হিংসা, সন্ত্রাস, বিভেদ আৰু অশুভ, অপ্রীতি নিবিচাৰে৷ কোনো এটা শুভ দিনত আলফাৰ সৈতেও আলোচনা কৰিব পাৰিব বুলি উল্লেখ কৰি তেওঁ এই অনুষ্ঠানৰ জৰিয়তে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক শান্তি আৰু আলাপ–আলোচনাৰ মাধ্যমেৰে সমস্যাসমূহ সমাধানৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ ১৯৮০ চনৰ পৰা অসমত প্রৱর্তিত হৈ থকা অশান্ত অঞ্চল আইন আৰু সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন ৰাজ্যখনৰ ৬৫ শতাংশ অঞ্চলৰ পৰা প্রত্যাহাৰ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে কাছাৰৰ লক্ষীপুৰ আৰু পশ্চিম কার্বি আংলং জিলাত ইতিমধ্যে এই আইন প্রত্যাহাৰ কৰা হৈছে আৰু সমগ্র কার্বি আংলং জিলাৰ পৰাই এই আইন প্রত্যাহাৰৰ বিষয়টো ৰাজ্য চৰকাৰৰ বিবেচনাধীন হৈ আছে৷ ইতিমধ্যে উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰসমূহে অশান্ত অঞ্চল আইন প্রত্যাহাৰ কৰি শান্তিৰ পৰিৱেশ স্থাপনৰ এখন মঞ্চ দাঙি ধৰিবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে যে আজি যিখিনি চৰকাৰী আর্থিক সাহায্য কেডাৰসকলক প্রদান কৰা হল তাৰ যাতে সদ্ব্যৱহাৰ কৰা হয়৷ উৎপাদনমুখী কামত জডিত হৈ থকাৰ আহ্বান জনাই তেওঁ ৰাজ্যখনৰ বিকাশৰ পথত মূল সুঁতিলৈ উভতি অহা কেডাৰসকলক আগবািি আহিবলৈ আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে নিবনুৱা যুৱক–যুৱতীসকলৰ্ আত্মসংস্থাপনৰ বাবে এখন বৃহৎ আঁচনি গ্রহণৰ বাবে চিন্তা–চর্চা কৰি আছে৷ আত্মসমর্পণ বা পুনৰ সংস্থাপনৰ পুঁজি পোৱাৰ পিছতো যিসকল যুৱক–যুৱতীয়ে ভাল কাম কৰি আছে তেওঁলোকেও ভৱিষ্যতৰ দিনত চৰকাৰৰ আন আঁচনি বিলাকৰ সুফল লাভ কৰিব বুলি তেওঁ কয়৷ ৰাজ্যখনত শান্তিৰ কপৌজুৰি উভতাই পোৱাৰ ক্ষেত্রত অসম আৰক্ষীৰ কৃতিত্বক মুখ্যমন্ত্রীয়ে বিশেষ ধন্যবাদ জনোৱাৰ লগতে সেনা বাহিনী, চি আৰ পি এফ, বি এছ এফ, এছ এছ বি, আৰ এন ডব্লিউ, আই বি, অর্ধ সামৰিক বাহিনী আদি সকলোকে প্রশংসা কৰি শান্তি উভতাই অনাৰ পথত আত্মনিয়োগ কৰি প্রাণ বিসর্জন দিয়া সকলো বিষয়া আৰু জোৱানক তেওঁ শ্রদ্ধাৰে স্মৰণ কৰে৷ তেওঁ লগতে প্রত্যাক্রমণত যিসকল যুৱক–যুৱতীয়ে প্রাণ হেৰুৱালে সেইসকলকো মনত পেলাই ভৱিষ্যতে কোনো যুৱক–যুৱতীকে বন্দুক হাতত তুলি নলবলৈ আহ্বান জনায়৷ সংবিধান প্রণেতা ডঙ্ম বি আৰ আম্বেদকাৰৰ উদ্ধৃতিৰে আন্দোলন এতিয়া নিজৰ চৰকাৰৰ বিৰুদ্ধে ব্যৱহাৰ কৰা অস্ত্র হব নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে গণতান্ত্রিক ব্যৱস্থাৰে সকলোকে নিজৰ কথা চৰকাৰক শ্রুতিগোচৰ কৰিবলৈ আহ্বান জনায়৷ অনুষ্ঠানত তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য জীৱন চন্দ্র কোঁৱৰ, আৰক্ষী সঞ্চালকপ্রধান ভাস্ক্ৰজ্যোতি মহন্ত, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব নিৰজ বার্মা, বিশেষ আৰক্ষী সঞ্চালকপ্রধান জি পি সিং, আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালকপ্রধান হীৰেণ কুমাৰ নাথ, গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত হৰমিৎ সিং, কেন্দ্রীয় আৰক্ষী বাহিনীৰ মহাপৰিদর্শক সোণালী বি মিশ্র, সীমান্ত নিৰাপত্তা বাহিনীৰ মহাপৰিদর্শক কনোৱাল জিৎ সিং বনোৱাল, ব্রিগেডিয়াৰ মেথিউ জেকব প্রমুখ্যে বহু গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷

You might also like