নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ শিক্ষা ভেলী বিদ্যালয়ত মনোজ্ঞ আলোচনা-চক্ৰত দিগন্ত বিশ্ব শৰ্মা

বিশেষ বাৰ্তা, ২৩ আগষ্টঃ সকলো বিদ্যালয়ৰ শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক সমব্যৱহাৰ কৰাৰ লগতে সহনশীলতা মানি চলা উচিত।শিক্ষকে প্ৰকৃতাৰ্থত ছাত্ৰ-ছাত্ৰীৰ স্বয়ংক্ৰিয়ভাবে বিকশিত হোৱা একো। একোটা আত্মাকহে শিক্ষা প্ৰদান কৰে।শিক্ষা দান নহয়,একোজন মানুহৰ মাজত অন্তনিৰ্হিত থকাখিনি বাহিৰলৈ উলিয়াই অনাটোৱেই শিক্ষাৰ মূল চাবি-কাঠি- এইদৰেই ৰামকৃষ্ণ পৰমসংহ,স্বামী বিবেকানন্দ আৰু শ্ৰীঅৰবিন্দৰ অনুগামী তথা সুবক্তা দিগন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলত শিক্ষক সকলৰ মাজত হোৱা এক মনোজ্ঞ আলোচনা চক্ৰত ব্যক্ত কৰে।তেওঁ আৰু কয় যে প্ৰতিগৰাকী লোকৰ মাজত অন্তনিৰ্হিত হৈ থাকে অসাধাৰণ ব্যক্তিত্ব,ক্ষমতা আৰু উদ্যম।এই সমস্ত গুণৰাজিক নিজৰ ভিতৰৰ পৰা উলিয়াই বহি:প্ৰকাশ ঘটোৱাৰ বাবে চেষ্টা কৰা উচিত।  মনোজ্ঞ বক্তৃতা অনুষ্ঠান বিদ্যালয়খনৰ সঞ্চালক এচ পি সুৰেশ,সুমন শৰ্মাৰ লগতে ভালেসংখ্যক শিক্ষক-শিক্ষয়ত্ৰী আৰু কৰ্মচাৰী উপস্থিত থকা অনুষ্ঠানত বিশিষ্ট বক্তা দিগন্ত বিশ্ব শৰ্মাই উপস্থিত সকলোকে বিনয়ীভাবে অভিবাদন জনাই সকলোকে কয়- মই কোনো পণ্ডিত প্ৰবৰ নহয়,তেনেহ’লে কিয় মই এনে ধৃষ্টতা কৰিছো বা মই কোনো বক্তাও নহয় বুলি উল্লেখ কৰি শৰ্মাই কয় যে আমাৰ জীৱনৰ অভিযাত্ৰা মৃত্যু নহয়,আমাৰ লক্ষ্য মৃত্যু নহয়।অমৰত্ব আমাৰ লক্ষ্য হোৱা উচিত।যদিও সম্ভৱ নহয় বুলি মত পোষণ কৰে।নাচিকেতাৰ দৰে দৰ্শন আমাৰ সকলোৰে মাজত আছে।মাথোঁ তাক বিছাৰি লবলৈ জানিব লাগিব।নাচিকেতাৰ দৰে উচ্চ আকাংক্ষা থকাতো জীৱনত খুৱেই প্ৰয়োজনীয় বুলিও সদৰী কৰে।শিক্ষা ভেলী স্কুলৰ লাউঞ্জত আয়োজিত মনোজ্ঞ আলোচনাচক্ৰত দিগন্ত বিশ্ব শৰ্মাই শিক্ষা ব্যৱস্থাৰ ওপৰতো আলোকপাত কৰি কয় যে শিক্ষা ব্যৱস্থাত তিনি প্ৰকাৰৰ আহিলা থাকে।সেয়া বিষয় বুৎপত্তি,বস্তু পৰিছয় আৰু বৃত্তিৰ উৎকৰ্ষ বুলি মন্তব্য কৰি এইবিলাকো শিক্ষাৰ অংগ হলেও সমগ্ৰ নহয় বুলি মতপোষণ কৰে।তেওঁ পুনৰাই কয় যে বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ লগত আমাৰ আত্মাৰ কোনো সৰ্ম্পক নাই।যিয়ে নেকি এজনক মহান কৰি তুলিব পাৰে।আজিৰ শিক্ষা ব্যৱস্থা বিদ্যাৰ্থীকেন্দ্ৰীক শিক্ষা ব্যৱস্থা নহয়।আমাৰ শিক্ষা ব্যৱস্থা বিষয়কেন্দ্ৰীক।ভাল নম্বৰো লাভ কৰে,ভাল চাকৰি-দৰমহা পায়।অৱশেষত কেতিয়াবা আত্মহত্যাও কৰিব লগা হয়।কাৰণ এটাই;কাৰণ তেওঁৰ আত্নাৰ সতে বিদ্যাৰ কোনো সৰ্ম্পক নাই বুলি উল্লেখ কৰি কয় —মই এজন একাউন্টেচিৰ ছাত্ৰ।কিন্তু এতিয়া মোৰ সিবিলাকৰ সতে কোনো সম্বন্ধ নাই।আজিৰ শিক্ষা ব্যৱস্থাই সকলোকে চাকৰিমুখী কৰি তুলিছে কিন্তু  চাকৰি স্বৃষ্টি কৰিব পৰা শিক্ষা ব্যৱস্থা আমাৰ ৰাজ্যত আজিকোপতি হোৱা নাই বুলি সদৰি কৰি মহাযোগী অৰবিন্দৰ উদ্ধৃতি দি কয়- যদি কোনো এজন লোকৰ প্ৰকৃত জ্ঞান  থাকে,তেন্তে তেওঁৰ বাবে এটা কৰ্ম নিশ্চিত।আধুনিক মানুহে বিজ্ঞানক প্ৰশয় দিয়ে;বিজ্ঞান জনাৰ বাবে নহয়।আধুনিক মানুহে দৰ্শন,শাস্ত্ৰ,সংস্কৃতিক কিয় গুৰুত্ব নিদিয়ে?কিয়নো সংস্কৃতিয়ে মানুহৰ জীৱন স্বাচ্ছন্দ্য কৰি নোতোলে।উপস্থিত থকা শিক্ষক-শিক্ষয়ত্ৰী সকলক স্বামী বিবেকানন্দই কৰা মন্তব্যৰ আধাৰত কয় যে যদিহে শিক্ষক সকলে নিজকেই নিয়ন্ত্ৰন কৰিব নোৱাৰে,তেন্তে ছাত্ৰ-ছাত্ৰীক নিয়ন্ত্ৰন কৰাৰ ক্ষমতাও হেৰুৱাই পেলায়।ছাত্ৰ-ছাত্ৰী সকলক পৰীক্ষাত লাভ কৰা নম্বৰৰ আধাৰত ব্যৱহাৰ নকৰি সমভাৱে দৃষ্টি নিক্ষেপ কৰাতো অত্যন্ত জৰুৰী।লগতে খং দমন কৰা,মিছা কথাৰ প্ৰশয় নিদিয়া আৰু সহনশীলতা খুবেই প্ৰয়োজনীয়। স্বামী বিবেকানন্দৰ বহু মূল্যবান বাণী উল্লেখ কৰি,উপস্থিত শিক্ষক সমাজক সেই বাণী সৰোগত কৰি শিক্ষা প্ৰদানৰ বাবেও আহবান জনায় শৰ্মাই।সাৰগৰ্ভ ভাষণ সামৰণিৰ পাছতে শিক্ষক সকলৰ লগত অন্তৰংগ আলাপ সমাপন কৰি বিদ্যালয়ৰ ছাত-ছাত্ৰী সকলৰ সতেও এক বৌদ্ধিক আলোচনা কৰে।

প্ৰেৰক বিভাস দুৱৰা

You might also like