নিয়মীয়া বার্তাৰ উদ্যোগ–নিউজ লাইভৰ সহযোগত শংকৰদেৱ সংঘৰ অধিৱেশনত আলাপ
বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্রৰ পৰা নৱজ্যোতি তামুলী, ৮ ফেব্রুৱাৰীঃ ‘হৰি নামে হৰি নামে হৰি নামে সাৰ, হৰি নামে কৰি আছে জগত উদ্ধাৰ…’ চাৰিদিনীয়া বিস্তৃত কার্যসূচীৰে যোৰহাটৰ ম’হবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্রত অনুষ্ঠিত হোৱা শ্রীমন্ত শংকৰদেৱ সংঘৰ ৯৪সংখ্যক বার্ষিক অধিৱেশনস্থলীত এতিয়া কেউদিশে কেৱল হৰিনামৰ ধবনি৷ দেশৰ ভিতৰতে সর্ববৃহৎ অনুষ্ঠানটোৰ লগত সংগতি ৰাখি ৰাজ্যৰ সর্বাধিক প্রচলিত দৈনিক বাতৰিকাকত ‘নিয়মীয়া বার্তা’ৰ উদ্যোগত আৰু ‘নিউজ লাইভ’ৰ সহযোগত অনুষ্ঠিত কৰা হয় ‘আলাপ’৷ উদ্যোক্তা অনুষ্ঠান দুটাৰ বিশেষ সংৰক্ষিত প্রেক্ষাগৃহত অনুষ্ঠিত হোৱা মনোজ্ঞ ‘আলাপ’ত বিষয় আছিল ‘শ্রীমন্ত শংকৰদেৱ সংঘত শিশু–আইমাতৃ কল্যাণ সমিতিৰ ভূমিকা৷’ আলোচনাত সংঘৰ অন্তর্গত শিশু–আইমাতৃ কল্যাণ সমিতিৰ সদস্যাসকলে অংশগ্রহণ কৰি গুৰুজনাৰ বন্দনাৰে এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে৷ শিশু–আইমাতৃ কল্যাণ সমিতিৰ কেন্দ্রীয় উপদেষ্টা তথা বিগত বর্ষত আই কনকলতা বঁটা লাভ কৰা যোৰহাটৰ মামণি চলিহাই বিষয় সন্দর্ভত মত প্রকাশ কৰি কয় যে গুৰুদুজনাৰ আদর্শ শুদ্ধ ৰূপত প্রচাৰ আৰু প্রসাৰ কৰি মানৱ সমাজত শান্তিৰ পৰিৱেশ সৃষ্টি কৰিবৰ বাবে সংঘই আমাক সৰুতেই আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰি তোলে৷ সংঘই সেই উদ্দেশ্যে শিশু–আইমাতৃ কল্যাণ সমিতি গঠন কৰি তাৰ দ্বাৰা প্রদান কৰা শিক্ষাহ আমাক এই অনুষ্ঠানটোক ধৰি ৰাখিবলৈ শক্তি আৰু সকলো প্রকাৰৰ সামর্থ্য প্রদান কৰে৷ কার্বি আংলঙৰ পৰা আহি অধিৱেশনত উপস্থিত হোৱা নির্মালী নয়নতৰাই কয়– আমাৰ ঘৰখনৰ পৰা মই শ্রীমন্ত শংকৰদেৱ সংঘৰ চতুর্থ প্রজন্মৰ প্রতিনিধি৷ উত্তৰসূৰী হিচাপে কেনেদৰে কর্মত ৰত হ’ব লাগে তাৰ বহুতো কথা শিকা বুলি মন্তব্য কৰি তেওঁ আৰু কয় যে শ্রীমন্ত শংকৰদেৱ হ’ল উত্তৰ–পূবৰ নাৰীবাদৰ প্রথমগৰাকী প্রবক্তা৷ যোৰহাটৰ মৌচুমী বৰুৱাই কয় যে গুৰুজনাই কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ বুলি জগত গুৰুক মাতৃৰ নামৰে চিনাকি কৰাই দিছিল৷ শ্রীমন্ত শংকৰদেৱ সংঘও ইয়াৰ ব্যতিক্রম নহয়৷ লিংগ পার্থক্য নৰখাকৈয়ে সংঘৰ সকলো কর্ম সমাপন হয়৷ হয়াত মহিলাসকলে নিজৰ স্বাধীনতাৰে সেৱা আগবঢ়াব পাৰে৷ জিলাৰ শিশু–আইমাতৃ কল্যাণ সমিতিৰ উপ–সভানেত্রী ৰেখামণি নেওগে কয় যে সমাজত বর্তমান যুৱ উচ্ছৃংখলতা এক ব্যাধি৷ কিন্তু সংঘৰ এজনো সদস্যই এনে দুষ্কার্য সংঘটিত কৰিব নোৱাৰে বুলি দাবী কৰি তেওঁ কয় যে ইয়াৰ মূলতে শিশু–আইমাতৃ কল্যাণ সমিতি৷ সেৱা বাহিনীৰ সহকাৰী সম্পাদিকা তুলুমণি বৰুৱাই কয় যে মহিলাসকল যাতে কেৱল পাকঘৰতে আবদ্ধ থাকিব নালাগে, তাৰ ব্যৱস্থা কৰিবলৈকে সংঘই এই সমিতিৰ সৃষ্টি কৰিছে৷ এখন ঘৰ সামৰি ৰখাৰ ক্ষেত্রত এগৰাকী মহিলাৰ যি ভূমিকা তেনে ভূমিকা হয়তো কাৰোৰে নাই৷ তেনেকৈয়ে মহিলাসকলে সংগঠনটোকে সামৰি ৰাখিবলৈ চেষ্টাৰ ত্রুটি কৰা নাই৷ সমাৰোহৰ যোগেদি আহসকলক বিভিন্ন দিশত আগবঢ়াই নিয়াত স্ব–নির্ভৰশীল হৈ আইসকলে সর্বতোপ্রকাৰে অনুষ্ঠানটিলৈ সহযোগিতা আগবঢ়াই আহিবলৈ সক্ষম হৈছে আৰু তাৰ যোগেদিয়েই এনেধৰণৰ এক বৃহৎ অনুষ্ঠান সফলতাৰে সম্পন্ন কৰিব পৰিছে বুলি মন্তব্য কৰে৷ শিশু–আইমাতৃ কল্যাণ সমিতিৰ তুলুমণি হাজৰিকা আৰু মধ্য যোৰহাটৰ অঞ্জুমণি হাজৰিকাই কয় যে আইসকলেই শিশুসকলক ঘৰৰ পৰা উলিয়াই আনি গুৰু শিক্ষাৰে শিক্ষিত কৰি সমাজমুখী কৰি তোলে৷ ইয়াৰ ফলতে পৰৱর্তী সময়ত তেওঁলোকে অনুষ্ঠানটোৰ প্রতি মনপ্রাণ সঁপি দি সহায়ৰ হাত আগবঢ়োৱাৰ ফলতে নিয়াৰিকৈ চলি থাকিব পৰিছে৷ আলোচনাস্থলীতে স্মৃতিগ্রন্থৰ সদস্যা জীনা বৰুৱা বৰা, যোৰহাট জিলা শিশু–আইমাতৃ কল্যাণ সমিতি আৰু সেৱা সমিতিৰ সম্পাদিকা দিপ্তী বৰা আৰু সভানেত্রী অনিমা গগৈকে প্রমুখ্য কৰি আইসকলে ‘নিউজ লাইভ’ৰ সাংবাদিক প্রদীপ পৰা, ‘নিয়মীয়া বার্তা’ৰ সাংবাদিকদ্বয় ৰঞ্জিত ভূঞা আৰু নৱজ্যোতি তামুলীক শ্রীমন্ত শংকৰদেৱ সংঘৰ বার্ষিক অধিৱেশনস্থলীত উপস্থিত থাকি নিষ্ঠাৰে বাতৰি প্রকাশ কৰি থকাৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰি একোখন গামোচাৰে আদৰণি জনায়৷