নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাকৰি সৃষ্টি কৰাটো শিক্ষাৰ উদ্দেশ্য হোৱা উচিত

দিছপুৰ মহাবিদ্যালয়ৰ প্রতিষ্ঠা দিৱসত বিশিষ্ট অনুবাদক দিগন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ কেৱল চাকৰি বা বৃত্তিয়েই শিক্ষাৰ মূল উদ্দেশ্য হ’ব নোৱাৰে, চাকৰি সৃষ্টি কৰিব পৰাটোহে শিক্ষাৰ মূল উদ্দেশ্য হোৱা উচিত৷ কিন্তু আধুনিক শিক্ষা ব্যৱস্থাত শিক্ষার্থীৰ পূর্ণতাৰ বহিঃপ্রকাশৰ পৰিৱর্তে কেৱল বৃত্তিমুখী কৰাত অধিক গুৰুত্ব প্রদান কৰা হয়৷ সেইবাবে আধুনিক শিক্ষা ব্যৱস্থা বা শিক্ষাৰ বিষয়বস্তু ত্রুটিপূর্ণ৷– এই ভাষ্য বিশিষ্ট লেখক, চিন্তাবিদ, সাহিত্য অকাডেমি বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মাৰ৷

দিছপুৰ মহাবিদ্যালয়ৰ ৪৪সংখ্যক প্রতিষ্ঠা দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত হৈ ‘সাম্প্রতিক শিক্ষা ব্যৱস্থা’ৰ ওপৰত বত্তৃণতা প্রদান কৰি এইদৰে  কয় চিন্তাবিদগৰাকীয়ে৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি বৰাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত তেওঁ আধুনিক শিক্ষা ব্যৱস্থাৰ ওপৰত তত্ত্বগধুৰ ভাষণ আগবঢ়ায় আৰু কয় যে সাম্প্রতিক শিক্ষা ব্যৱস্থা তিনিটা ব্যৱস্থাৰে গঠিত৷ সেইসমূহ হৈছে জ্ঞান আহৰণ, বস্তু পৰিচয় আৰু বিষয়৷ তদুপৰি বৃত্তিৰ উৎকর্ষ সাধন আধুনিক শিক্ষা পদ্ধতিৰ আন এটা গুৰুত্বপূর্ণ উপাদান হিচাপে বিবেচিত হৈছে৷ ওপৰোক্ত কাৰণসমূহৰ বাবেই সাম্প্রতিক শিক্ষাৰ বিষয়বস্তু ত্রুটিপূর্ণ বুলি অনুবাদকগৰাকীয়ে উল্লেখ কৰে৷ কাৰণ আধুনিক শিক্ষা ব্যৱস্থাত ব্যক্তি আৰু ব্যক্তিৰ জীৱন স্পন্দনৰ উপলব্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা নহয়৷ ইয়াৰ বিপৰীতে নির্ধাৰিত পাঠ্যক্রম তথা কেইটামান বিষয়ৰ ওপৰত নির্ভৰ কৰি শিক্ষাৰ মূল্যাংকন কৰা হয়৷ এই সন্দর্ভত চিন্তাবিদগৰাকীয়ে শ্রীৰবিন্দৰ উদ্ধৃতি দাঙি ধৰি পুনৰ কয় যে শ্রীৰবিন্দৰ মতে তথ্য আহৰণ শিক্ষাৰ মুখ্য নহয়, গৌণ উদ্দেশ্য৷ মানুহৰ মন আৰু আত্মাৰ শক্তি বা চেতনাক বিকশিত কৰাহে শিক্ষাৰ মূল উদ্দেশ্যে৷ সংকল্প শক্তিৰ বিকাশ কৰাটো শিক্ষাৰ উদ্দেশ্যে হোৱা উচিত৷ মানুহৰ ভিতৰত থকা চিন্তাশক্তিক বহিঃপ্রকাশ বা প্রসাৰ কৰাই জীৱন্ত শিক্ষা৷ সমাজ, জাতি আৰু চৌপাশক স্পর্শ কৰাই জীৱন্ত শিক্ষা৷ জ্ঞান আৰু পূর্ণতাৰ নুফুলা কলি ভাৰতৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ মূল বুনিয়াদ৷ এই কলি কাৰোবাৰ ক্ষেত্রত হঠাৎ, আন কাৰোবাৰ ক্ষেত্রত ক্রমশঃ ফুলিব পাৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ তৰফৰ পৰা বিশিষ্ট অনুবাদকগৰাকীক বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰা হয়৷

অনুষ্ঠানত ধিং এক্সপ্রেছ খ্যাত স্বর্ণপদক বিজয়ী হিমা দাসে সন্মানীয় অতিথিৰ আসন শুৱনি কৰি ৰাজ্যৰ ৰাজধানীত থকা মহাবিদ্যালয়খন সদায় জিলিকি থকাৰ বাবে ছাত্র–ছাত্রীসকলক কঠোৰ পৰিশ্রম কৰাৰ আহ্বান জনায়৷ একেখন অনুষ্ঠানতে বিশিষ্ট অতিথি হিচাপে জনপ্রিয় কণ্ঠশিল্পী তৰালী শর্মা, মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড০ বলেন্দ্র কুমাৰ দাস, অসম লোকসেৱা আয়োগৰ সদস্য ড০ পদ্মা শর্মা, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ড০ চন্দনা শর্মা আৰু কনক কুমাৰ গোস্বামীয়ে বক্তব্যত ছাত্র–ছাত্রীসকলক পৰামর্শ আগবঢ়ায়৷ উল্লেখ্য যে এই অনুষ্ঠানতে দিছপুৰ মহাবিদ্যালয়ৰ বিভিন্ন বিভাগ আৰু মহাবিদ্যালয়খনৰ প্রকাশন গোটে প্রকাশ কৰা ৯খন গ্রন্থ উন্মোচন কৰা হয়৷ গ্রন্থকেইখন উন্মোচন কৰি চিন্তাবিদ দিগন্ত বিশ্ব শর্মাই মহাবিদ্যালয়খনত এখন গ্রন্থ বিক্রয় কেন্দ্র স্থাপনৰ পৰামর্শ আগবঢ়ায়৷ পৰৱর্তী সময়ত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়৷

You might also like