নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰৰ মন্ত্রীৰ ঘৰত দুনিশা আছিল পলাতক আখিয়া চান্দ

মাৰোৱাৰী হাস্পতালত আশ্রয় অপৰাধীৰ

নিয়মীয়া বাৰ্তা ১৪ অক্টোবৰঃ  অসম আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰিৰ অন্যতম অভিযুক্ত বঙাইগাঁৱৰ অক্ষয় চান্দ বৈদ্য নামৰ ব্যৱসায়ীগৰাকীৰ অৱশেষত সন্ধান ওলাল৷ দীর্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি আত্মগোপন কৰি থকা ব্যৱসায়ীগৰাকী সম্প্রতি আঠগাঁৱত থকা মাৰোৱাৰী হাস্পতালত চিকিৎসাধীন হৈ আছে৷ কেইবাটাও পুৰণি ৰোগ সংক্রান্তত চিকিৎসালয়লৈ অহা অক্ষয় চান্দ বৈদ্যক হাস্পতালখনৰ ২০৩নং কোঠাত ভর্তি কৰোৱা হয়৷ তেওঁৰ ক’ভিড–১৯ পৰীক্ষাৰ ফলাফল নিগেটিভ ওলাইছে৷ স্নায়ুৰোগ, হূদৰোগত পূর্বৰে পৰা ভুগি থকা চান্দৰ স্বাস্থ্যৰ অৱস্থা বর্তমান সুস্থিৰ বুলি চিকিৎসালয় কর্তৃপক্ষই জানিবলৈ দিছে৷ ইপিনে, অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই চিকিৎসালয়খনলৈ এখন পত্র প্রেৰণ কৰি অক্ষয় চান্দ বৈদ্য ৰিলিজ হোৱাৰ আগতে চিআইডিক জনাবলৈ নির্দেশ দিছে৷

উল্লেখ্য যে অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ নিযুক্তি পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ লগত জড়িত বঙাইগাঁৱৰ অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰী হ’ল অক্ষয় চান্দ বৈদ্য৷ অগপৰ মন্ত্রী ফণীভূষণ চৌধুৰীৰ ঘনিষ্ঠ হিচাপে পৰিচিত এইগৰাকী ব্যৱসায়ী ইয়াৰ পূর্বে ৰাজহুৱা বিতৰণৰ চাউলৰ ক’লা ব্যৱসায়ৰ লগত জড়িত থকাৰো অভিযোগ উঠিছিল৷ কিছু বছৰ আগৰে পৰা তেওঁ এছ আই কেলেংকাৰিৰ খলনায়ক ৰুবুল হাজৰিকাৰে মিলি অক্ষয় টেলিকমিউনিকেচন নামৰ প্রতিষ্ঠানটো খুলি লয় আৰু নিযুক্তি পৰীক্ষাৰ ঠিকা–ঠুকলিত নামি পৰে৷ ৰাজনৈতিক প্রভাৱৰ বলত এটাৰ পিছত আনটো নিযুক্তি পৰীক্ষাৰ ঠিকা লাভ কৰিবলৈ সক্ষম হয় অক্ষয় টেলিকমিউনিকেচনে৷ সমান্তৰালভাৱে অক্ষয় চান্দ বৈদ্য আৰু ৰুবুল হাজৰিকাৰ সা–সম্পত্তিও চকুত লগাকৈ বাঢ়ি আহিবলৈ ধৰে৷ কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণ হোৱাৰ দৰে এছ আই নিযুক্তি কেলেংকাৰিৰ সময়ত অক্ষয় টেলিকমিউনিকেচনৰ কু–কীর্তি পোহৰলৈ আহিল৷ প্রাক্তন ডিআইজি পি কে দত্ত আৰক্ষীৰ জালত পৰাৰ পিছত স্পষ্ট হৈ পৰিল যে প্রশ্ণকাকত ফাদিলৰ ঘটনাৰ লগত অক্ষয় টেলিকমিউনিকেচনৰ ৰুবুল হাজৰিকা প্রত্যক্ষভাৱে জড়িত৷

ইয়াৰ পিছতে যোৱা ৯ অক্টোবৰত বঙাইগাঁৱৰ পৰা পলায়ন কৰে অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰী অক্ষয় চান্দ বৈদ্য ওৰফে আখিয়া চান্দে৷ জানিব পৰা মতে, আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰা অভিযুক্ত ব্যৱসায়ীজনক গুৱাহাটীত আশ্রয় দিছিল এজন জ্যেষ্ঠ মন্ত্রীয়ে৷ ইয়াৰ পিছত ১০ অক্টোবৰত বঙাইগাঁৱত থকা অক্ষয় টেলিকমিউনিকেচনৰ কার্যালয়ত চিআইডিয়ে অভিযান চলাই ছীল কৰি দিয়ে৷ কিন্তু অক্ষয় চান্দৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল৷ পিছদিনাই অর্থাৎ ১১ অক্টোবৰত অক্ষয় চান্দৰ ভাইবোৱাৰীয়েকৰ নামত থকা এটা গুদামত সংঘটিত হয় ৰহস্যজনক অগ্ণিকাণ্ড৷ তাত নিযুক্তি কেলেংকাৰিৰ বহু গুৰুত্বপূর্ণ নথিপত্র জ্বলাই দিয়াৰ সন্দেহ কৰা হয়৷ তাৰ পিছতো জালত নপৰিল সমগ্র কেলেংকাৰিৰ অন্যতম অভিযুক্ত আখিয়া চান্দ৷ কিয়নো আৰক্ষী–চিআইডি সকলোৰে চকুত ধূলি দি দিছপুৰত এজন প্রভাৱশালী মন্ত্রীৰ সুৰক্ষাত আত্মগোপন কৰি আছিল এইগৰাকী ব্যৱসায়ীয়ে৷ অৱশেষত পৰিত্রাণৰ কোনো উপায় নেদেখি পুৰণি বেমাৰৰ অজুহাত লৈ ঘনিষ্ঠ মন্ত্রীৰ পৰিকল্পনা অনুসৰি মাৰোৱাৰী হাস্পতালত চিকিৎসাধীন হয় অক্ষয় চান্দ বৈদ্য৷ চিকিৎসালয়ৰ পৰা মুকলি হ’লেই তেওঁক গ্রেপ্তাৰ কৰিবলৈ সাজু হৈছে চিআইডি৷

You might also like