নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰ আৰক্ষীৰ জালত বৃহৎ হানী ট্ৰেপিং চক্ৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ জুনঃ দিছপুৰ আৰক্ষীৰ জালত ধৰা পৰিছে বৃহৎ হানী ট্ৰেপিং চক্ৰ। এই চক্ৰটোৰ ৪গৰাকী যুৱতী আৰু ২ যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই চক্ৰটোৰ ফালৰ পৰা প্ৰথমে যুৱতীকেইগৰাকীয়ে পাণ দোকানত চিনাকি হয় সম্ভ্ৰান্ত ঘৰৰ যুৱকৰ সৈতে। তাৰ পিছত যুৱককেইজনক প্ৰেমৰ জালত পেলাই ভাৰাঘৰৰ কোঠাত পাৰ্টী কৰিবলৈ মাতে যুৱকজনক। সুৰাৰ পাৰ্টী কৰি থকা সময়তে এই চক্ৰটোৱে স্থাপন কৰে দৈহিক সম্পৰ্ক। দৈহিক সম্পৰ্ক কৰাৰ সময়তে এন্ট্ৰি মাৰে আৰক্ষীৰ ৰূপ ধাৰণ কৰি অহা সহযোগী যুৱক দুজন। হাতত থাকে এখন বহী, আৰু আৰক্ষীয়ে ব্যৱহাৰ কৰা সামগ্ৰী। ধমক দি যুৱকজনৰ পৰা আৰম্ভ কৰে ব্লেকমেইলিং। আৰক্ষীৰ বেশধাৰী যুৱক দুজনে দাবী কৰে বুজন পৰিমাণৰ ধন। শেহতীয়াকৈ এওঁলোকৰ জালত পৰিল এজন যুৱক। সেই যুৱকজনৰ দিয়া এজাহাৰৰ ভিত্তিতে অভিযুক্তকেইজনক আজি গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে।

You might also like