নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঠখেলীয়া নামঘৰৰ বিবাদ অব্যাহত

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ : ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ পৰিচালনাক লৈ দুটা ফৈদৰ দীৰ্ঘদিনীয়া বিতৰ্কৰ এতিয়াও যেন সম্পূৰ্ণৰূপে অন্ত পৰা নাই। নামঘৰৰ পূৰ্বৰ পৰিচালনা সমিতি আৰু বৰ্তমান নামঘৰৰ কৰ্ণধাৰ সমিতিৰ মাজত অব্যাহত থকা আইনী যুদ্ধৰ মাজতে আজি পৰিচালনা সমিতিৰ সমৰ্থনত থকা লোকসকলক প্ৰশাসনে ঘিলাধাৰী থানালৈ তলব কৰে। উল্লেখ্য যে ২০২২ বৰ্ষৰ ৯ ছেপ্টেম্বৰত আঠখেলীয়া নামঘৰৰ নাট্যমঞ্চত এখন পূৰ্ণাংগ পৰিচালনা সমিতি গঠন কৰা হৈছিল। কিন্তু নামঘৰৰ আনটো ফৈদ অৰ্থাৎ কৰ্ণধাৰ সমিতিয়ে উচ্চ ন্যায়ালয়ত উক্ত সভা আৰু সমিতিখন অবৈধ বুলি প্ৰতিবাদ জনোৱাৰ লগতে সভাত উপস্থিত থকা সৰহসংখ্যক ৰাইজ নামঘৰৰ অংশীদাৰ নহয় বুলি অভিযোগ দাখিল কৰিছিল। সেই অভিযোগৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে উক্ত সভাখনত উপস্থিত থকা লোকসকল আঠখেলীয়া নামঘৰৰ অংশীদাৰ হয় নে নহয় তাক প্ৰমাণ কৰি এক ৰিপৰ্ট দাখিল কৰিবলৈ উজনি অসমৰ আয়ুক্তক নিৰ্দেশ প্ৰদান কৰিছিল। সেই উদ্দেশ্যে আজি ঘিলাধাৰী থানালৈ উক্ত সভাত উপস্থিত থকা সকলক মাতি আনি দণ্ডাধীশৰ উপস্থিতিত সকলোৰে স্বাক্ষৰ গ্ৰহণ কৰা হয়। আজি পুৱা ১১ বজাত পৰিচালনা সমিতি ফৈদৰ প্ৰায় দুই শতাধিক লোক আহি স্বাক্ষৰ কৰি প্ৰশাসনৰ সম্মুখত নিজা সমৰ্থন দাখিল কৰেহি। স্বাক্ষৰস্থলীত উপস্থিত থকা পূৰ্বৰ পৰিচালনা সমিতিখনৰ সভাপতি খগেন্দ্ৰ নাথ হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে নামঘৰৰ পূৰ্ণাংগ পৰিচালনা সমিতি গঠন কৰাৰ পিছতো নামঘৰৰ বিবাদ নিষ্পত্তি কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত উচ্চ ন্যায়ালয়ৰ কাষ চাপিব লগা হৈছিল। গোলাঘাট জিলা প্ৰশাসনৰ সকলো বিষয়ববীয়া উপস্থিত থকাৰ পিছতো কৰ্ণধাৰ সমিতিখনে নৱ গঠিত পূৰ্ণাংগ পৰিচালনা সমিতিখন ভুৱা বুলি ক’লে। সভাত উপস্থিত থকা স্বাক্ষৰ সমূহ ভুৱা আৰু খেলৰ বাহিৰৰ লোক উপস্থিত আছে বুলি কৰ্ণধাৰ সমিতিয়ে অভিযোগ তুলিছিল। সেইবাবে উজনি অসমৰ আয়ুক্তক এই বিষয়টো পৰীক্ষা কৰিবলৈ দায়িত্ব দিয়ে। কিন্তু দুৰ্ভাগ্যবশতঃ মাজত দুটা তাৰিখ বাতিল হোৱাৰ পিছত আজি এই পৰীক্ষাটো নিয়াৰিকৈ আৰম্ভ হয়। আজি ইয়াত পৰিচালনা সমিতিৰ সমৰ্থনত প্ৰায় দুই শতাধিক লোক আহি উপস্থিত হয়। ইয়াৰ পিছতে ন্যায়ালয়ে এটা ভাল সমাধান দিব বুলি আশা ব্যক্ত কৰে সভাপতি খগেন্দ্ৰ নাথ হাজৰিকাই। উল্লেখ্য যে বিগত কেইবাবছৰৰ পৰা ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ পৰিচালনাৰ দ্বায়িত্বক লৈ দুটা ফৈদৰ মাজত সৃষ্টি হৈ আহিছে শীতল যুদ্ধ। যি ঘটনাই ৰাজ্যজুৰি সচেতন মহলত সৃষ্টি কৰিছে সৰৱ প্ৰতিক্ৰিয়া।

প্ৰেৰক অজয় শইকীয়া

You might also like