নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত বিদেশী ৰাষ্ট্ৰপ্ৰধানৰ সন্মুখত বিকৃত বিহু

বিশেষ বাৰ্তা, ৯ ছেপ্টেম্বৰঃ জি–২০ শীর্ষ সন্মিলনক কেন্দ্র কৰি সম্প্রতি সমগ্র বিশ্বৰ দৃষ্টি ভাৰতৰ ওপৰত৷ আজিৰে পৰা দুদিনীয়া কার্যসূচীৰে ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে জি–২০ শীর্ষ সন্মিলন। ইয়াত অংশগ্রহণৰ উদ্দেশ্যে নতুন দিল্লীলৈ আগমন ঘটিছে ৰাষ্ট্রনেতাসকলৰ৷ নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰত একাংশ অতিথিক ভাৰত ভূমিলৈ উষ্ম আদৰণি জনোৱা হয় অসমীয়াৰ স্বাভিমান বিহুৰে৷ স্বাভাৱিকতে এয়া অসমবাসীৰ বাবে গৌৰৱৰ কথা আছিল৷ কিন্তু বাস্তৱত অসমৰ জনসাধাৰণহে লাজহে পালে৷ কিয়নো অসমৰ স্বাভিমানে গীনিজ বুকত স্থান লাভেৰে বিশ্ব জয় কৰাৰ সময়তে জি–২০ শীর্ষ সন্মিলনৰ অতিথি ৰাষ্ট্রনেতাৰ সন্মুখত ইয়াক উপহাস কৰাহে হ’ল৷ বিহুনৃত্যৰে আদৰণি জনোৱাসকলৰ ভিতৰত অন্যতম আছিল ব্রিটেইনৰ প্রধানমন্ত্রী ঋষি সুনাক আৰু দক্ষিণ আফ্রিকাৰ ৰাষ্ট্রপতি ছিৰিল ৰামাকোছা৷ ৰয়েল এয়াৰ ফোর্চৰ ভ’য়াগেৰ বিমানযোগে ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে ব্রিটেইনৰ প্রধানমন্ত্রী ঋষি সুনাক আৰু তেওঁৰ পত্নী অক্ষতা মূর্তিক সম্ভাষণ জনায় বন–পৰিৱেশ–জলবায়ু পৰিৱর্তন দপ্তৰৰ কেন্দ্রীয় ৰাজ্যমন্ত্রী অশ্বিনী কুমাৰ চৌবেয়ে৷ কিছু দূৰত সজা মঞ্চত কেইগৰাকীমান যুৱতীৰ বিহুনৃত্য পৰিৱেশন৷ জুবিন গার্গ আৰু সুস্মিতা বৰুৱাই কণ্ঠদান কৰা ‘লক্ষীমাই–২০১৫’ নামৰ এলবামটোৰ এটি গীতত তেওঁলোকে বিহুনৃত্য পৰিৱেশন কৰি আছে৷ পিছে সেয়া ২০২২ চনৰ ১ আগষ্টৰ পুনৰাবৃত্তিহে৷ বিহুৰ বিকৃতকৰণেৰে অসমীয়াৰ স্বাভিমানত মোক্ষম আঘাত৷ এটা কথা প্রায় নিশ্চিতভাৱে ক’ব পাৰি যে নৃত্য পৰিৱেশন কৰাসকল কোনো কাৰণতে অসমীয়া যুৱতী বা মহিলা হ’ব নোৱাৰে৷ বিহু সম্পর্কে তিলমানো জ্ঞান নথকা বহিঃৰাজ্যৰহে হ’ব৷ সম্ভাষণ জনোৱা স্থানৰ পৰাই কিছু ক্ষণ চকু দিয়াৰ পাছত এইবাৰ সপত্নীক ব্রিটেইনৰ প্রধানমন্ত্রী ঋষি সুনাক আগবাঢ়ি আহে মঞ্চৰ দিশলৈ৷ লগত কেন্দ্রীয় মন্ত্রী চৌবে৷ এটা নির্দিষ্ট দূৰত্বত ৰৈ ব্রিটেইনৰ প্রধানমন্ত্রী ঋষি সুনাকে মঞ্চৰ দিশলৈ দেখাই দি কেন্দ্রীয় মন্ত্রী চৌবেক কিবা এটা সোধা দেখা গ’ল৷ কেন্দ্রীয় মন্ত্রী চৌৱেয়েও তাৰ প্রত্যুত্তৰ দিলে৷ এই সমগ্র দৃশ্যৰাজি বন্দী হৈছে কেমেৰাত৷ ইতিমধ্যে বিকৃত বিহুনাচেৰে ব্রিটেইনৰ প্রধানমন্ত্রী ঋষি সুনাকক আদৰণি জনোৱাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ বিহুনাচৰ নামত নাচনীৰ ‘বগলী নৃত্য’ত ৰাজ্যবাসী হতবাক৷ অনুৰূপ কার্য সংঘটিত হৈছে দক্ষিণ আফ্রিকাৰ ৰাষ্ট্রপতি ছিৰিল ৰামাকোছাৰ ক্ষেত্রতো৷ এইজন ৰাষ্ট্রনেতাকো ভাৰতলৈ আদৰণি জনোৱা হ’ল অসমৰ জনজীৱনৰ সাহ বিহুৰ বিকৃতকৰণেৰে৷ কিন্তু প্রশ্ন হৈছে– বিহুক এনেদৰে ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রীয় পর্যায়ত বিকৃত ৰূপত উপস্থাপনৰ আঁৰত কোন? অসম বা বিহু সম্পর্কে নূ্যনতম জ্ঞান–ধাৰণা নথকা কোনো ব্যক্তিক এনে অনুষ্ঠান আয়োজনৰ দায়িত্ব দিয়া হৈছিল নেকি? সমগ্র বিষয়টোক লৈ এতিয়া সামাজিক মাধ্যমত তীব্র সমালোচনাৰ জোৱাৰ উঠিছে৷ উল্লেখ্য যে বিহু বিকৃত ৰূপত উপস্থাপনৰ এয়াই প্রথম ঘটনা নহয়৷ ভাৰত ভ্রমণলৈ অহা মালদ্বীপৰ ৰাষ্ট্রপতি ইব্রাহিম মহম্মদ ছোলিহক নতুন দিল্লীত ২০২২ চনৰ ১ আগষ্টত বিকৃত বিহুনৃত্যৰে আদৰণি জনোৱা হৈছিল৷ আজি যিটো গীতত বিহুনৃত্যৰ নামত ‘বগলী নৃত্য’ পৰিৱেশন কৰা হ’ল, সেই গীতকে মালদ্বীপৰ ৰাষ্ট্রপতিগৰাকীৰ সন্মুখত নচাৰ বাবে ব্যৱহাৰ কৰা হৈছিল৷ এবছৰ পূর্বৰ এই ঘটনাক লৈও তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল সমগ্র অসমত৷ তৎসত্ত্বেও ভুলৰ পৰা শিক্ষা নল’লে সংশ্লিষ্টসকলে৷

You might also like