নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত অৰুণোদয় আঁচনিৰ প্ৰমাণপত্ৰ বিতৰণ মন্ত্ৰী যোগেন মহনৰ

বিশেষ বাৰ্তা, ১১ অক্টোবৰ : অসম চৰকাৰৰ বহু অভিলাসী আঁচনি অৰুণোদয়ৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত আজি তিনিচুকীয়া জিলাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰে। তিনিচুকীয়া বৰগুৰিস্থিত জানমুখ খেলপথাৰত ১০ সহস্ৰাধিক হিতাধিকাৰীৰ উপস্থিতিত অনুষ্ঠিত এই অৰুণোদয় আঁচনিৰ প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠানত মন্ত্ৰী যোগেন মহন উপস্থিত থাকি অসম চৰকাৰৰ জনহিতকৰ আঁচনি সমূহৰ বিষয়ে উল্লেখ কৰি কংগ্ৰেছ দলৰ লগতে আন বিৰোধী দলসমূহক তীব্ৰ সমালোচক কৰে। লগতে অনাগত দিনত চৰকাৰে বাকী ৰৈ যোৱা দৰিদ্ৰ আৰু নিম্ন মধ্য বিত্ত পৰিয়ালৰ সুবিধাৰ্থে কংগ্ৰেছৰ সূতা, কম্বল, লুঙি বিতৰণ আঁচনিৰ বিপৰীতে বিজেপি চৰকাৰৰ প্ৰত্যেক্ষ অৰ্থ লাভৰ আঁচনি যোগেদিহে জনগণ আৰ্থিকভাৱে অধিক উপকৃত হ’ব বুলি নিজ ভাষণত উল্লেখ কৰে। লগতে হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ প্ৰমাণপত্ৰ লাভ কৰি যথেষ্ট সন্তোষ প্ৰকাশ কৰে। অনুষ্ঠানত ডিগবৈৰ বিধায়ক সুৰেv ফুকন, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, অসম যুৱ আয়োগৰ উপাধ্যক্ষ অৰুণজ্যোতি মৰাণ, জিলা আয়ুক্ত স্বপ্লীল পালৰ লগতে কেইবাগৰাকীও বিভাগীয় বিষয়া উপস্থিত থাকে।

প্ৰেৰক বিবেক বড়া

You might also like