নিয়মীয়া বাৰ্তা, ১৩ জুন : শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ চিলনী গাঁও পঞ্চায়তৰ অন্তৰ্গত বালিগাঁও মিৰি গাঁৱৰ নামঘৰত আজি বালিপৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আয়ুষ্মান কাৰ্ড বিতৰণ বিষয়ক এখন স্বাস্থ্য মেলা অনুষ্ঠিত কৰা হয়। অনুষ্ঠান শুভাৰম্ভ কৰে ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে। অনুষ্ঠানটোত জিলা অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) তাহিৰ আলম, মহকুমা স্বাস্থ্য বিষয়া অচ্যুত হাজৰিকা, ডি পি এম বিনয় দাস, চিলনী গাঁও পঞ্চায়তৰ সভাপতি দেনেশ্বৰ পাৱ, জিলা সংযুক্ত প্ৰৱন্ধক (স্বাস্থ্য) জে আহমেদৰ লগতে ভালেমান স্বাস্থ্য বিষয়া, চিকিৎসক, নাৰ্চ, ৰাইজ উপস্থিত থাকে। অনুষ্ঠানটোত দুশৰো অধিক ৰাইজে স্বাস্থ্য পৰীক্ষা কৰোৱায়। অনুষ্ঠানৰ লগত সংগতি ৰাখি পঞ্চায়ত এলেকাৰ ৰাইজক আয়ুষ্মান কাৰ্ডসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়।
প্ৰেৰক প্ৰাঞ্জল বৰা