নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত উন্নত মানৰ ধানৰ বীজ-ড্ৰেগন ফ্ৰুটৰ পুলি বিতৰণ

নিয়মীয়া বাৰ্তা, ২৮ জুন : দক্ষিণ শালমাৰা-মানকাচৰ জিলাখন যদিও কৃষিপ্ৰধান জিলা, তথাপি ব্ৰহ্মপুত্ৰৰ বলিয়া বানে প্ৰতিবছৰে তচনচ কৰি থৈ যায় ঘৰ-দুৱাৰ, খেতিপথাৰ। বানে জুৰুলা কৰা কৃষকসকলৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে সময়ে সময়ে গ্ৰহণ কৰি আহিছে কৃষকৰ বাবে বিভিন্ন উন্নয়নমূলক আঁচনি । তাৰ ভিতৰত অন্যতম ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত শালিধানৰ সমূহীয়া কঠীয়াতলী প্ৰস্তুত। বানাক্ৰান্ত কৃষক ৰাইজৰ সুবিধাৰ্থে পানী নোহোৱা ওখ মাটিত প্ৰস্তুত কৰিবলগীয়া সমূহীয়া কঠীয়াতলীৰ বাবে উন্নত মানৰ ধানৰ বীজ  জিলা কৃষি বিষয়াৰ কাৰ্যালয় প্ৰাংগণত বিতৰণ কৰা হয়। লগতে HMNEH আঁচনিৰ অধীনত ড্ৰেগন ফ্ৰুটৰ পুলিও বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে মানকাচৰ বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, জিলা অতিৰিক্ত আয়ুক্ত (কৃষি) কুমাৰ গৌৰৱ দাস, জিলা কৃষি বিষয়া ৰুস্তম আলী, মহকুমা কৃষি বিষয়া মাইনুল হক, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়াদ্বয় ক্ৰমে আশোক কুমাৰ শীল আৰু নেকিবুৰ জামান, কৃষি উন্নয়ন বিষয়া মিঠু গগৈ, মিডিয়া বিশেষজ্ঞ হীৰক জ্যোতি শৰ্মাৰ লগতে কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীসকল ।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like