নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ: বৰপেটা জিলাৰ বৃহত্তৰ কপোহা অঞ্চলৰ এক অগ্ৰনী স্বেচ্ছাসেৱী সংগঠন কপোহা হেল্প হেণ্ড ফাউণ্ডেশ্যনৰ মহানুভৱতা। উল্লেখযোগ্য যে ফাউণ্ডেশ্যনটোৰ উদ্যোগত পৱিত্ৰ ৰমজান মাহ আৰু ঈদ উপলক্ষে কপোহাৰ সমান্তৰালকৈ পাৰ্শ্বৱৰ্তী ভাতকুছি আৰু পাতলিকুছি গাঁৱৰ প্ৰায় অৰ্ধশতাধিক দৰিদ্ৰ পৰিয়ালক সংগঠনটোৱে আগবঢ়ায় কিছু নিত্য ব্যৱহাৰ্য্য সামগ্ৰী।কপোহা আঞ্চলিক ঈদগাহ ময়দান প্ৰাংগনত সংগঠনটোৰ সভাপতি নিল কুমাৰ দাসৰ পৰিচালনাত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বয়োজেষ্ঠ্য মুৰব্বীৰ উপস্থিতত এখন সভাৰ জৰিয়তে উক্ত দৰিদ্ৰ পৰিয়ালক বিতৰণ কৰা হয় সামগ্ৰী সমূহ। উক্ত বিতৰণ অনুষ্ঠানত উপস্হিত থাকে অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱান বাক্কেচ উদ্দিন, শিক্ষক আনোৱাৰ হুছেইন,ব্যৱসায়ী নেৱাজ খান,সমাজসেৱক গুলাপ হুছেইন প্ৰমুখ্যে উপস্থিত থাকে সংগঠনটোৰ সকলো বিষয়ববীয়া। আগন্তুক সময়ছোৱাতো সংগঠনটোৱে এনেদৰে আৰ্তজনৰ কাষত ঠিয়দি সহায় আগবঢ়াই আহিব বুলি উল্লেখ কৰে স্বেচ্ছাসেৱী সংগঠনটোৰ সম্পাদক বাবুল হুছেইনে। অৱশ্যে স্বেচ্ছাসেৱী সংগঠনটোৰ এনে প্ৰশংসনীয় পদক্ষেপক এতিয়া সকলোৱে ভূয়সী প্ৰশংসা কৰিছে।
প্ৰেৰক আব্দুল আজিজ আহমেদ