নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰ বিহু সমিতিলৈ এককালীন অনুদান বিতৰণঃ এয়া মুখ্যমন্ত্ৰীৰ অভিনৱ চিন্তা আৰু সদ্ভাৱনাৰ চিনঃ উপায়ুক্ত ভূচাল

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিল: অসম চৰকাৰৰ পৰা বিহু সমিতিসমূহক প্ৰদান কৰা ডেৰ লাখ টকাৰ এক কালিন সাহায্যৰ ধন আজি বৰপেটা জিলাৰ ১৪ খন বিহু সমিতিয়ে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে। বৰপেটা অফিচাৰ্ছ ক্লাৱত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ সভাপতিত্বত অনুষ্ঠিত এটি অনুষ্ঠানত বৰপেটা, চেঙা আৰু সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বিহু সমিতি সমূহক এই ধনাদেশ সমূহ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২৯ খন বিহু সমিতিক কালি সৰভোগত আয়োজিত এটি অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আনুষ্ঠানিকভাৱে বিতৰণ কৰে। ইয়াকে লৈ বৰপেটা জিলাত এনে অনুদান লাভ কৰা বিহু সমিতিৰ সংখ্যা ৪৩ খন হলগৈ। আজিৰ অনুষ্ঠানত সভাপতিত্ব কৰি দিয়া ভাষণত উপায়ুক্ত ভূচালে কয় যে বিহু সমিতিলৈ অৰ্থ সাহায্য প্ৰদান কৰাৰ এয়া এক অভিনৱ আঁচনি, যাৰ দ্বাৰা আমাৰ সাতাম পুৰুষীয়া এই জাতীয় উৎসৱ উদযাপনৰ বাবে কিছু সহায় আগবঢ়োৱাৰ লগতে চান্দা দাবী কৰি যাতে কোনেও অশান্তিৰ সৃষ্টি নকৰে তাৰ বাবে সজাগতা সৃষ্টিৰো প্ৰয়াস চলোৱা হৈছে। এনে অভিনৱ চিন্তা আৰু সদভাৱনাৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ ভূয়সী প্ৰশংসা কৰে। অনুদান লাভ কৰা সকলো বিহু সমিতিকে যাৱতীয় নীতি-নিয়ম সমূহ পালন কৰি চলিবলৈ তেওঁ আহ্বান জনায়। সভাত প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসেও চমু ভাষণ দিয়ে। প্ৰথমবাৰলৈ এনে চৰকাৰী অনুদান লাভ কৰি বিহু উদযাপন সমিতিৰ কৰ্মকৰ্তা সকলেও গভীৰ সন্তুষ্টি প্ৰকাশ কৰে। সভাত জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাস, অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ উপৰি ৰাজহ চক্ৰ বিষয়া সকলো উপস্থিত থাকে। সভাৰ আৰম্ভণীতে হাউলীৰ বিহু হুঁচৰি দলে এটি সুন্দৰ বিহু নৃত্য পৰিবেশন কৰে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই জেষ্ঠ পৰিকল্পনা বিষয়া দ্বিজেন্দ্ৰ নাথ দাসে। আজিৰ অনুষ্ঠানত ডেৰ লাখ টকীয়া অনুদানৰ চেক লাভ কৰা সমিতিসমূহ হৈছে – বৰপেটা ৰাজহ চক্ৰৰ দক্ষিণ বৰপেটা বিহু সমিতি, সদৌ হাউলী ৰঙালী বিহু উদযাপন সমিতি, মধ্য মেটুৱাকুছি যুৱক সংঘ, কেওটকুছি ৰঙালী বিহু উদযাপন সমিতি; চেঙা ৰাজহ চক্ৰৰ বহৰি আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতি, চেঙা আঞ্চলিক ৰঙালী বিহু, চেঙা শালদিয়াপাৰা যুৱ সংঘ, বৰচেঙাপাৰা বহাগী উৎসৱ উদযাপন সমিতি ; আৰু সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সৰ্থেবাৰী ৰাজহুৱা ৰঙালী বিহু উদযাপন সমিতি, ব্যাসকুছি ৰঙালী বিহু উদযাপন সমিতি, গহীয়া জ্যোতি সংঘ, পাচঁগ্ৰাম প্ৰগতি সামূহিক কেন্দ্ৰ, আঞ্চলিক অৰুণোদয় অৰিন্দম সংঘ আৰু বালাপাৰা সাৰ্বজনীন ৰঙালী বিহু সন্মিলন।

প্ৰেৰক আফতাব হুছেইন

You might also like