নগৰবেৰাত স্বচ্ছ ভাৰত মিছনৰ অধীনত তিনিচকীয়া চাইকেল বিতৰণ
নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ কামৰূপৰ নগৰবেৰাস্থ ছমৰীয়া উন্নয়ন খণ্ড কাৰ্যালয় প্ৰাঙ্গণত আজি ছমৰীয়া উন্নয়ন খণ্ড কাৰ্যালয়ৰ উদ্যোগত আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত পঞ্চায়তৰ ৱাৰ্ডসমূহত স্থাপন কৰা ডাষ্টবিনৰ পৰা জাৱৰ, প্লাষ্টিক আদি সংগ্ৰহ কৰি পঞ্চায়তৰ মুল ডাষ্টবিনলৈ কঢ়িওৱাৰ উদ্দেশ্যে প্লাষ্টিকৰ ড্ৰামসহিত মুঠ ৩০ খনকৈ তিনিচকীয়া চাইকেল বিতৰণ কৰা হয় স্বচ্ছতা মিত্ৰসকললৈ। উল্লেখ্য যে উন্নয়ন খণ্ডৰ অন্তৰ্গত মুঠ পোন্ধৰ খনকৈ পঞ্চায়তৰ প্ৰতিখনতে দুজনকৈ স্বচ্ছতা মিত্ৰৰ পদ সৃষ্টি কৰি ৩০খন তিনিচকীয়া চাইকেল বিতৰণ কৰা হয়। খণ্ড উন্নয়ন বিষয়া সাকশ্যামা (আই এ এছ)ৰ নিৰ্দেশমৰ্মে সহকাৰী খণ্ড উন্নয়ন বিষয়া বাবুল কলিতাই চাইকেলসমূহ বিতৰণ কৰে আৰু এই বিতৰণ পৰ্বত সহযোগ কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ স্বচ্ছ খণ্ড সমন্বয়ক বাবুল কলিতাই। চাইকেলসমূহ চমজি লৈ প্ৰতিগৰাকী স্বচ্ছতা মিত্ৰই নিজ-নিজ পঞ্চায়ত এলেকালৈ ৰাওনা হয়। আজিৰ এই চাইকেল বিতৰণ কাৰ্যসূচীক কেন্দ্ৰ কৰি উন্নয়ন খণ্ড কাৰ্যালয় প্ৰাঙ্গণত ভালেসংখ্যক লোকৰ ভিৰ পৰিলক্ষিত হয়।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস