নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেউজ দীপান্বিতাৰ আহ্বানেৰে কুঠৰীৰ শতাধিক শিক্ষাৰ্থীৰ মাজত গছপুলি বিতৰণ

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰ : সেউজ দীপান্বিতাৰ আহ্বানেৰে কলিয়াবৰৰ কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সামাজিক-সাংস্কৃতিক- শৈক্ষিক  অনুষ্ঠান কাজিৰঙা অধ্যয়ন চক্ৰই শতাধিক গছপুলি বিতৰণ কৰে৷ কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহা আৰু সমন্বয়ক ইন্দুপৱন শইকীয়াৰ নেতৃত্বত ওলাই অহা সংগঠনটোৰ কৰ্মকৰ্তাসকলে বিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত গছপুলি বিতৰণ কৰে৷ গছপুলি বিতৰণ উপলক্ষে কুঠৰীৰ বিদ্যালয়খনত এটি অনুষ্ঠান অনুষ্ঠিত হয়৷ কাজিৰঙা অধ্যয়ন চক্ৰৰ সমন্বয়ক ইন্দুপৱন শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে৷ কেৱল নিয়মমাফিকভাৱে দুই-একে পৰিৱেশ সুৰক্ষাৰ শ্ল’গান দিয়ে যদিও প্ৰকৃতাৰ্থত আমি সকলোৱেই আমাৰ নিজৰ পৰিৱেশটো পৰিষ্কাৰ কৰিব ৰাখিব লাগে৷ ধ্ৰুৱজ্যোতি সাহাই লগতে কয় যে প্ৰদূষণৰ বাবে দেশৰ ৰাজধানীৰ বিদ্যালয়, মহাবিদ্যালয় বন্ধ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এনে পৰিস্থিতি যাতে আমাৰ ঠাইতো নহয়, তাৰ বাবে আমি উঠি অহা প্ৰজন্মই সকলোকে আহ্বান জনোৱা উচিত৷ আনহাতে, পোহৰৰ উৎসৱ দীপান্বিতাত সকলোকে আতচবাজীৰ পৰা আঁতৰি থাকি মাটিৰ চাকিৰে দীপান্বিতা উদযাপন কৰিবলৈ আহ্বান জনায় ধ্ৰুৱজ্যোতি সাহাই৷ অনুষ্ঠানতে কাজিৰঙা অধ্যয়ন চক্ৰৰ পুষ্কৰ কুৰ্মী, মৃণ্ময় শইকীয়া, কৰবী মৰাং, নিতুল বাউৰী, সৰ্বানন্দ দাস, ৰঞ্জিত বৰুৱা, আদিত্য ঠেঙাল, চন্দন গগৈ, মনোৰম তাছা, ঋতুৰাজ পাত্ৰ, এনিছ বৰা উপস্থিত থাকি কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীক একোজোপাকৈ গছপুলি উপহাৰ দিয়ে৷ বিদ্যালয়খনৰ প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰী উপস্থিত থকা অনুষ্ঠানটোত বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ দায়িত্বত থকা হৰিশ্চন্দ্ৰ ৰাজবংশী, কুঠৰী গাঁও পঞ্চায়তৰ সভাপতি নাজিৰ আলী, চৰকাৰী গাঁওবুঢ়া হেমন্ত বৰা, সমাজকৰ্মী ৰচিদ আলীৰ লগতে বিশেষভাৱে সহযোগিতা আগবঢ়ায় কুঠৰী নিৱাসী, সমাজকৰ্মী প্ৰদীপ মহন্ত (বাবা)ই৷ ইপিনে, ছাত্ৰ-ছাত্ৰীসকলে একোজোপাকৈ গছপুলি হাতত লৈ এইবাৰৰ দীপান্বিতা সেউজ কৰাৰ সংকল্প লোৱাটোৱে উঠি অহা প্ৰজন্মৰ মাজত যে এক সুস্থ বাতাৱৰণৰ কঢ়িয়াই আনিব, তাৰ চৰ্চা হৈছে সমগ্ৰ কলিয়াবৰ অঞ্চলত৷

প্ৰেৰক দিগন্ত মহন্ত

You might also like