নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘবৰৰ বান পৰিস্থিতিৰ বুজ লʼলে জিলা আয়ুক্ত আয়ুস গাৰ্গে

নিয়মীয়া বাৰ্তা, ৫ জুলাই : বৰপেটা জিলাৰ বাঘবৰত আজিও অপৰিৱৰ্তিত বান পৰিস্থিতি। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে বাঘবৰ ৰাজহ চক্ৰৰ অধীনস্থ কেইবাখনো ৰাজহ গাঁও। বাঢ়নী পানীত জলমগ্ন হৈছে মানুহৰ ঘৰ-দুৱাৰ, কৃষিপথাৰ। সমান্তৰালকৈ বানৰ তাণ্ডৱত পশুধনৰো বিলাই-বিপত্তিৰ সীমা নোহোৱা হৈছে। তেনেস্থলত বাঘবৰৰ বানপীড়িত এলেকা পৰিদৰ্শন কৰে জিলা আয়ুক্ত আয়ুস গাৰ্গ আৰু বাঘবৰ ৰাজহ চক্ৰ বিষয়া সোণবৰ চুতীয়াই। জিলা আয়ুক্ত আৰু চক্ৰ বিষয়াগৰাকীয়ে নাওযোগে বাঘবৰৰ বৃহত্তৰ সত্ৰকনৰা এলেকা পৰিভ্ৰমণ কৰি বানাক্ৰান্ত লোকৰ ক্ষয়-ক্ষতিৰ বুজ লোৱা পৰিলক্ষিত হয়। এলেকা পৰিদৰ্শনৰ সমান্তৰালকৈ জিলা আয়ুক্ত আৰু চক্ৰ বিষয়াগৰাকীয়ে সত্ৰকনৰাস্থিত এটি চৰকাৰী আশ্ৰয় গৃহত আশ্ৰয় লোৱা কেইবাটাও পৰিয়ালক সাক্ষাৎ কৰি মত বিনিময়ৰ জৰিয়তে দুৰ্গতসকলৰ বিভিন্ন সমস্যাৰ বুজ লোৱা দেখা যায়। প্ৰশাসনৰ তৎপৰতাত শিবিৰত আশ্ৰয় লোৱা বন্যাৰ্তসকলৰ মাজত পৰ্যাপ্ত পৰিমাণৰ ৰিলিফৰ ব্যৱস্থা কৰাৰ লগতে পশুখাদ্যও যোগান ধৰা হয়। শিবিৰত থকা ব্যক্তিসকলক বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰা দূৰত ৰাখিবলৈ জিলা প্ৰশাসনৰ নিৰ্দেশত মেডিকেল টীমে অহৰহ পৰ্যবেক্ষণ কৰে। জিলা আয়ুক্ত আৰু চক্ৰ বিষয়াগৰাকীৰ লগত স্বাস্থ্য বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লোকও বানপীড়িত লোকৰ মাজত উপস্থিত থাকি সেৱা আগবঢ়ায়।

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like