বাৰ্তা বুৰো, ৩১ আগষ্টঃ মৰিগাঁও জিলাৰ চাৰণ বিল জলক্ৰীড়াৰ বাবে এক আন্তঃৰাষ্ট্ৰীয় মানৰ স্থান হব পাৰে আৰু লগতে পৰ্য্যটনৰ বিকাশৰ এক কেন্দ্ৰ হব পাৰে। মই মৰিগাঁও জিলাত আজিৰ পৰা এবছৰ পূৰ্বে আজিৰ দিনটোত যোগদান কৰি প্ৰথম আহি চাৰণ বিলৰ খেলুৱৈৰ সৈতে কেইটামান কথা পাতি অনুভৱ কৰিছিলোঁ যে এই চাৰণ বিল হব পাৰে ভবিষ্যত প্ৰজন্মৰ এক সম্ভাৱনা পূৰ্ণ ক্ৰীড়া কেন্দ্ৰ। মৰিগাঁও নগৰৰ সমীপৰ চাৰণ বিলত আজি মূল প্ৰৱেশ দ্বাৰ নতুন ৰূপত উন্মোচন কৰি মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আৱেগিকভাৱে এনেদৰে প্ৰকাশ কৰে। কেন্দ্ৰৰ মূল প্ৰশিক্ষক অনন্ত বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানটিত জিলা আয়ুক্তগৰাকীক মৰিগাঁও জিলা কেনয়িং আৰু কায়কিং ক্লাবৰ সম্পাদক সন্দিপ জ্যোতি কোঁৱৰ আৰু সভাপতি পবিত্ৰ বৰাই আনুষ্ঠানিকভাৱে এখনি ফুলাম গামোচাৰে আদৰণি জনায়। মূল প্ৰবেশ দ্বাৰ উন্মোচনৰ পিছতে এক অনানুষ্ঠানিক পৰিবেশত কণ কন শিশু আৰু অভিভাৱকসকলৰ উপস্থিতিত জিলা আয়ুক্তগৰাকীয়ে তেওঁৰ মৰিগাঁও জিলাত এবছৰ পূৰ্ণ কৰা উপলক্ষে কেক কাটি কণ কণ শিশুসকলৰ সৈতে নৌকা বিহাৰ কৰি কিছু সময় আনন্দৰে উদযাপন কৰে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা