নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্তনৰ পিছত জিলা গঠনৰ সিদ্ধান্ত আদৰি নলয় বজালীবাসীয়ে!

নিয়মীয়া বাৰ্তা ৩ অক্টোবৰঃ ৰাজ্য চৰকাৰক যেন বিশ্বাসত লব পৰা নাই বজালী জিলাৰ ৰাইজে৷ কেবিনেটত বজালীৰ এটা সমষ্টিক লৈ বজালীক জিলা ঘোষণা কৰিলে যদিও কাৰ্যত ৰাইজৰ মাজত নাই কোনো আনন্দ উল্লাস৷ ইয়াৰ বিপৰীতে ক্ষোভ আৰু অভিমানত যেন সকলোৱে এতিয়াও চৰকাৰৰ চুড়ান্ত সিদ্ধান্তৰ অপেক্ষাত আছে৷ কালি অসম কেবিনেটে বজালীক পুনৰবাৰ জিলা ঘোষণা কৰাৰ পিছতে বজালীত কি কি সমষ্টি অন্তৰ্ভুক্ত কৰা হব সেই সন্দৰ্ভত বজালী ৰাইজৰ মাজত চলি আছে বহুতো জল্পনা কল্পনা৷ আনহাতে ৰাজ্য চৰকাৰে নিৰ্বাচিত কৰি দিয়া কেবিনেট উপ সমিতিয়ে কোনো এটা সমষ্টিৰে ৰাইজৰ মতামত নোলোৱাকৈ মাত্ৰ এটা সমষ্টিক লৈ বজালী জিলা ঘোষণা কৰা কাৰ্য্যত ৰাইজ ক্ৰোধিত হৈ পৰিছে৷ কালি সন্ধিয়াৰে পৰা বজালীৰ বিভিন্ন প্ৰান্তৰ ৰাইজে চৰকাৰৰ এই স্তিতিহীন অপৈনত সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে বিভিন্ন ঠাইত বিভিন্ন ধৰণে প্ৰতিবাদ প্ৰদৰ্শন কৰি আছে৷ উল্লেখ্য যে পূৰ্বৰ বজালী মহকুমা উন্নীত হৈছিল বজালী জিলালৈ৷ কিন্তু কেৱল ৰাজনৈতিক স্বাৰ্থত ৰাইজৰ আবেগ অনুভূতিক জলাঞ্জলি দি সমষ্টি পুনঃ নিৰ্ধাৰণৰ কৰাৰ পিছত জিলাখনক লৈ যি খেলি মেলি লাগিল তাৰ পিছতে সকলোৱে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক সমালোচনাৰে তুলা-ধুনা দি কয় যে মন্ত্ৰীগৰাকীৰ ভুলৰ বাবেই বজালী জিলাক লৈ বিপাঙত পৰিছে ৰাজ্য চৰকাৰ৷ আজি এই অভিযোগ বিজেপিৰ বজালী জিলা সমিতিৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন ছাত্ৰ নেতা ফণী পাঠকৰ৷ তেওঁ কয় যে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বজালীৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে৷ বৰপেটাৰোড, সৰভোগ, হাউলি, ভৱানীপুৰ আদি অঞ্চলৰ ৰাইজক ৰাজনৈতিক মেৰপেচত সোমাই কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বাৰে বাৰে লজ্জিত হবলগীয়া হৈছে বজালীবাসী৷ মুখ্যমন্ত্ৰীক আহ্বান জনাই প্ৰাক্তন ছাত্ৰ নেতা পাঠকে আৰু কয় যে প্ৰথমে পূৰ্বৰ বজালী মহকুমাৰ অন্তৰ্গত স্থানসমূহ বাদ নপৰাকৈ বজালী জিলা গঠন কৰক তাৰ পিছত বাকী অঞ্চলৰ ৰাইজৰ মতামত গ্ৰহণ কৰি সেই অঞ্চলক বজালী জিলাত অন্তৰ্ভুক্ত কৰক৷ আনহাতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বজালী পূৰ্ণাংগ জিলা হোৱাৰ বাবে দাবী জনাব নোৱাৰাটো দুৰ্ভাগ্যজনক বুলিও মত পোষণ কৰে পাঠকে৷ ইপিনে বজালী জিলাক লৈ চৰকাৰে চাৰিখনকৈ কেবিনেটত সুস্থিৰ সিদ্ধান্ত লব নোৱাৰাটো দুৰ্ভাগ্যজন বুলি মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক মৃদুল তালুকদাৰে৷ তেওঁ কয় যে বজালী জিলাৰ প্ৰাপ্যৰ দাবীত আকৌ জোৰদাৰ আন্দোলন হব৷ বিষয়টো সন্দৰ্ভত চৰকাৰক আকৌ বিবেচনা কৰাৰ আহ্বান জনায়৷ অন্যথা আহি থকা দিনত শাসক পক্ষই তীব্ৰ প্ৰত্যাহ্বানৰ সম্মুখীন হব লাগিব বুলি যুৱ ছাত্ৰ নেতগৰাকীয়ে হুংকাৰ দিয়ে৷ আনহাতে সত্ৰাধিকাৰ মথুৰামোহন তালুকদাৰে ৰাইজৰ এজন সেৱক হিচাপে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় এতিয়া চৰকাৰৰ প্ৰায় সংখ্যক কামতে এক অস্তিৰতা বিৰাজ কৰা পৰিলক্ষিত হৈছে৷ আন মন্ত্ৰীৰ লগত মুখ্যমন্ত্ৰীৰ কথাৰ মিল নাই৷ এনেকুৱা হলে প্ৰশাসন যন্ত্ৰটো ঠিক মতে চলাটো সম্ভৱ হব জানো বুলি মন্তব্য কৰি তেওঁ কয় যে ভৱানীপুৰ-সৰভোগ সমষ্টিৰ বহু ৰাইজে বজালী জিলাত থাকিম বুলি কোৱাৰ পিছতো তেওঁলোকে কিয় বাৰে বাৰে সিদ্ধান্ত সলনি কৰিবলগীয়া হৈছে৷ আনহাতে বজালী জিলা সুৰক্ষা সমিতিয়ে আজি সন্ধিয়া পাঠশালা নাট্যমন্দিৰত এখন জৰুৰী সভা অনুষ্ঠিত কৰি বজালী জিলা সন্দৰ্ভত চৰকাৰৰ এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ দাবী জনাই পৰৱৰ্তী সময়ত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে সমিতিৰ সভাপতি গিৰিধৰ চৌধুৰী, সম্পাদকদ্বয় বিজন বায়ন আৰু সমুদ্ৰ পাটগিৰিয়ে৷ সভাই কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ সিদ্ধান্ত লয় যে অহা ৪-৫ অক্টোবৰত বজালী জিলা সুৰক্ষা সমিতিৰ ফালৰ পৰা কেবিনেট উপসমিতিক সাক্ষাৎ কৰি বিষয়টো সন্দৰ্ভত আলোচনা কৰা হব৷ ইয়াৰ পিছতে ৭ অক্টোবৰত ভৱানীপুৰৰ গোপাল আতা সত্ৰত সত্ৰাধিকাৰ সমন্বিতে আধ্যাত্মিক ব্যক্তিসকলক লৈ প্ৰতীকী অৱস্থা ধৰ্মঘট ৰূপায়ন, ৮ অক্টোবৰত বজালী-ভৱানীপুৰ অঞ্চলৰ আঞ্চলিক ছাত্ৰ সন্থাসমূহৰ উদ্যোগত তথা সমিতিৰ সহযোগত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সমাধিক্ষেত্ৰত আৰু সৰভোগৰো বিভিন্ন অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হব৷ ৯ অক্টোবৰত পাঠশালা হৰিমন্দিৰ প্ৰাংগণৰ পৰা জোৰ সমদল কৰাৰ লগতে অহা ১১ অক্টোবৰত বজালী জিলা কাৰ্যত পৰিণত কৰাৰ যদি চৰকাৰী কাৰ্যসূচী গ্ৰহণ কৰা হয় তাত বজালী জিলা সুৰক্ষা সমিতিয়ে অংশগ্ৰহণ নকৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ইপিনে হস্তিনাপুৰ আঞ্চলিক ছাত্ৰ সন্থায়ো বজালীৰ পৰা ভৱানীপুৰক কৰ্তন কৰা চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি চৰকাৰক সিদ্ধান্ত সলনি কৰিবলৈ দাবী জনায়৷ বজালী জিলাৰ মৰ্যদা কৰ্তনৰ‌ পিছত পুনৰ জিলা ঘোষণা কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ভৱানীপুৰ সমষ্টিৰ বিভিন্ন অঞ্চলৰ ৰাইজে।উল্লেখ্য, কালি ঘোষিত বজালী জিলাৰ সীমামূৰীয়া পুঠিমাৰী, ওদালগুৰি ,শিমলাতল আৰু শিয়ালমাৰী এই চাৰিওখন গাঁও বজালী অঞ্চলৰ সৈতে বহুকাল সংযুক্ত হৈ আছিল যদিও মুখ্যমন্ত্ৰীৰ শেহতীয়া ঘোষণাত অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টি বিৰাজ কৰা পৰিলক্ষিত হৈছে।স্থানীয় ৰাইজে আজি সন্ধিয়া ততাতৈয়াকৈ পুঠিমাৰী চ’ক বজাৰত আয়োজন কৰা এখন ৰাজহুৱা সভাৰ আহ্বান জনাই ইয়াৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে৷ প্ৰতিবাদী সভাত বিশিষ্ট সমাজকৰ্মী দীপুল পাটগিৰী, গুৰুপ্ৰসাদ দাস, নিৰঞ্জন চৌধুৰী, অমিয় দাস, সীমান্ত তালুকদাৰ,অখিল কাকতি প্ৰভৃতি ব্যক্তিসকলে চৰকাৰৰ বিৰূদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। সমষ্টিটোৰ বিধায়ক ফণীধৰ তালুকদাৰৰ ‘ৰহস্যজনক’ ভূমিকাতো তেওঁলোকে বিষেদ্গাৰ প্ৰকাশ কৰে।

প্ৰেৰক কল্যাণ কলিতা

You might also like