বাক্সাত সাহিত্য সাধনা মঞ্চ আৰু বাক্সা জিলা সাহিত্য সভাৰ সৌজন্যত ৰাভা দিৱস পালন
নিয়মীয়া বাৰ্তা, ২০ জুনঃ বাক্সাৰ সাহিত্য সাধনা মঞ্চৰ উদ্যোগত আৰু চৰ্ণা আঞ্চলিক সাহিত্য সাধনা মঞ্চৰ সহযোগত ভোটেপোৱাবড়ীস্থিত মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে ৰাভা দিৱস পালন কৰা হয়। অনুষ্ঠানত সাহিত্য সাধনা মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ মদাহি, সাংস্কৃতিক সম্পাদক কংকণ কাকতি, সহঃ সম্পাদক জিৎজোতি ডেকা, কোষাধ্যক্ষ দিগন্ত দাস আৰু বাপুজী মহাবিদ্যালয়ৰ সহঃ অধ্যাপক ড০ ৰাতুল দাস , পত্ৰিকা সম্পাদক গুণোজিৎ দাস প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে চৰ্ণা আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকি ৰাভাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।ইফালে বাক্সা জিলা সাহিত্য সভাৰ উদ্যোগত আৰু অসম সাহিত্য সভাৰ নতুনকৈ স্বীকৃতি প্ৰাপ্ত শাখা কাৰহানা শাখা সাহিত্য সভাৰ সহযোগতো বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। পুৱা ৯ বজাত কাৰহানা শাখা সাহিত্য সভাৰ সভাপতি প্ৰাণেশ্বৰ মেধিয়ে বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে। কাৰহানা শাখা সাহিত্য সভাৰ প্ৰকাশন সচিব ভবেন্দ্ৰ দাসে বৃক্ষৰোপণ কৰাৰ পাছত কাৰহানা শাখা সাহিত্য সভাৰ ধনভৰালী বিষ্ণুপ্ৰসাদ শইকীয়াই বিঞ্চু ৰাভা সংগীত প্ৰতিযোগিতা উদ্বোধন কৰে।ইয়াৰ পিছত কাৰহানা শাখা সাহিত্য সভাৰ উপ-সভাপতি পলমা শৰণীয়াই চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰে। আবেলি বাক্সা জিলা সাহিত্য সভাৰ সভাপতি কামদেৱ দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য হেমন্ত দাসে উদ্বোধন কৰে। বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনকৃতিৰ বিষয়ে আলোকপাত কৰা সভাত অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক দামোদৰ তালুকদাৰে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি সাম্প্ৰতিক সময়ত বিষ্ণুপ্ৰসাদ ৰাভা শীৰ্ষক দিশৰ ওপৰত বক্তব্য প্ৰদান কৰি কয়, “বিষ্ণুপ্ৰসাদ ৰাভাৰ ক্ষেত্ৰত ৰাইজেই ৰজা, ৰাইজেই তেওঁৰ সৰ্বহ। ৰাইজেই তেওঁৰ কলা-কৃষ্টিৰ উৎস, ৰাইজৰ শকতিতেই তেওঁ সদায় সুস্থ, বলিষ্ঠ, নিৰ্ভীক সৈনিক। সেয়ে বিষ্ণুপ্ৰসাদ ৰাভাই ৰাইজৰ কাম কৰিয়েই জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰিছিল। “সভাত কাৰহানা শাখা সাহিত্য সভাৰ সভাপতি কামেশ্বৰ মেধী,ধনভৰালী বিষ্ণুপ্ৰসাদ শইকীয়া, প্ৰকাশন সচিব ভবেন্দ্ৰ দাস,বিশিষ্ট শিল্পী যোগেন দাস, জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক দেৱেন সিং ৰাজগড়, অসম সাহিত্য সভাৰ আজীৱন সদস্য হৰিহৰ ৰাজবংশীকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
প্ৰেৰক দিগন্ত দাস