বাৰ্তা বুৰো, ১৮ আগষ্টঃ তিৱা ছাত্ৰ সন্থাৰ দুই বিভাজিত গোটৰ মাজত সংঘাত তুংগত উঠিছে যাৰ পৰিণতিত আজি তিৱা ছাত্ৰ সন্থাৰ অনিৰুদ্ধ মিঠি গোট আৰু কেইবাটাও তিৱা জাতীয় সংগঠনে আজি সদৌ তিৱা ছাত্ৰ সন্থাৰ কাজলয়ত এক সংবাদ মেল অনুষ্ঠিত কৰি স্পষ্ট কৰি দিয়ে যে কালিলৈ তিৱা ছাত্ৰ সন্থাৰ চেনিৰাম মালাং গোটে যি মধ্য অসম বন্ধৰ কায্যসূচী ঘোষণা কৰিছে তাৰ লগত সদৌ তিৱা ছাত্ৰ সন্থাৰ অনিৰুদ্ধ মিঠি গোট আৰু, সদৌ তিৱা মহিলা সন্থা,তিৱা সংস্কৃতিক সমাজ, তিৱা সুৰক্ষা সমিতি জড়িত নহয়। এই সংবাদ মেলত উপস্থিত থাকি সদৌ তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰশান্ত মছৰঙ, সভাপতি অনিৰুদ্ধ মিথিয়ে কৈ যে যোৱা ২২ জুলাইত মৰিগাঁও জিলা ট্ৰাইবেল সংঘৰ কাৰ্যলয় ত সকলো তিৱা জাতীয় সংগঠনৰ নেতৃত্ব, মৰিগাঁও সমষ্টিৰ বিধায়ক, বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱী, সকলৰ উপস্থিতিত এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে মৰিগাঁও সমষ্টি জনজাতিৰ বাবে সংৰক্ষণ কৰা আৰু তিৱা জনজাতিক ষষ্ঠ অনুসূচী কৰণৰ দাবীত এক আন্দোলনৰ কায্যসূচী ঘোষণা কৰা হৈছিল। কিন্তু তিৱা ছাত্ৰ সন্থাৰ বিভাজিত গোটৰ নেতা চেনিৰাম মালাঙে নিজ খেয়াল খুচি মতে কাৰো লগত আলোচনা নকৰাকৈ ১৯ আৰু ৩১ আগষ্টত বন্ধ কায্যসূচী আৰু কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। এই কাৰ্য কোনো কাৰণতে সমৰ্থন যোগ্য নহয় বুলি আজি সংবাদ মেলত উল্লেখ কৰে কেউটা সংগঠনৰ নেতৃত্বই। তেওঁলোকে স্পষ্ট কৰি দিয়ে চেনিৰাম মালাং নামৰ দুষ্ট প্ৰকৃতিৰ ব্যক্তিজনৰ কথামতে তিৱা জাতীয় সংগঠন পৰিচালিত নহয়।
প্ৰেৰক প্ৰাঞ্জল দাস