নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পোহৰৰ উৎসৱ দীপাৱলী সমাগত : ব্যস্ততা বাঢ়িছে মৃৎশিল্পীৰ

🔹 সাময়িকভাৱে মৃৎশিল্পীৰ মুখলৈ আহিছে এমােকোৰা প্রশান্তিৰ হাঁহি
বিশেষ বাৰ্তা, ২১ অক্টোবৰ : বর্তমানে ৰাজ্যৰ সর্বপ্রান্ততে অত্যাৱশ্যকীয় সামগ্ৰীৰ সীমাহীন মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ ৰাইজক জলাকলা খুওৱাৰ সময়তে পােহৰৰ উৎসৱ দীপান্বিতাই কঢ়িয়াই আনিছে মৃৎশিল্পীসকললৈ ক্ষন্তেকৰ বাবে হ’লেও আশাৰ বতৰা । দুর্গোৎসৱৰ পিছত এতিয়া ৰাইজ সাজু হৈছে পােহৰৰ উৎসৱৰ উদযাপনৰ নিমিত্তে। সাধাৰণতে বছৰৰ আন সময়ছােৱাতকৈ দীপান্বিতাৰ সময়ত মাটিৰ চাকি, ধূনাবাটিৰ চাহিদা অধিক হােৱা দেখা যায় । ঘাইকৈ ব্যাপক হাৰত বিক্রী হয় হাজাৰ হাজাৰ মাটিৰ চাকি । গতিকে এই সময়খিনিত অধিক ব্যস্ততা বাঢ়ে মৃৎশিল্পৰে জীৱিকা অর্জন কৰা লােকসকলৰ । আনকি মূৰ তুলি চাবলৈকো আহৰি নাথাকে এইসকলৰ। গতিকে এইবাৰাে বহু আশা বুকুত বান্ধি নিজৰ কৰ্মত লাগি পৰিছে এইসকল লােক । উল্লেখ্য যে একাংশ মৃৎশিল্পীয়ে দুখেৰে প্ৰকাশ কৰা মতে, তেওঁলােকে বছৰৰ সকলাে সময়তে মৃৎ পাত্র তৈয়াৰ কৰাত ব্যস্ত থাকে যদিও দিনকদিনে মৃৎ পাত্ৰৰ ব্যৱহাৰ হ্রাস পাই অহাত এনে জীৱিকাৰে পৰিয়াল পােহপাল দিয়াটো যথেষ্ট কষ্টসাধ্য হৈ পৰিছে । বছৰৰ মাত্র দীপান্বিতাৰ সময়ত মাটিৰ চাকি আৰু ভােগালী বিহুৰ সময়তহে মাটিৰ টেকেলি, চৰু আদিৰ বজাৰ ভাল হয় । কাজেই, উপৰিপুৰুষৰ দিনৰ বৃত্তিটোকে সাবটি ৰাখি চৰম দৰিদ্ৰতাৰ মাজেৰে কষ্টকৰ জীৱন কটোৱা এইসকল লােকক অভাৱ-অনাটনে জুৰুলা কৰিলেও দেৱালীৰ আগমনে সাময়িকভাৱে তেওঁলােকৰ মুখলৈ আনে সজীৱতা তথা এমােকোৰা প্রশান্তিৰ হাঁহি আৰু যুদ্ধংদেহি মনােভাবেৰে নামি পৰে নিজৰ কৰ্মত। জানিব পৰা মতে, এনে প্ৰতিটো পৰিয়ালে দীপান্বিতাৰ প্রাকক্ষণত দিন-ৰাতি একাকাৰ কৰি ৫ৰ পৰা ১০ হাজাৰ পর্যন্ত মাটিৰ চাকি নির্মাণ কৰে আৰু ইয়াক বিক্রী কৰিয়েই উলিয়াবলগীয়া হয় পৰৱর্তী চাৰি-পাঁচ মাহৰ যাৱতীয় খৰচ । কিন্তু এইবােৰ সামগ্রী প্রস্তুত কৰাৰ ক্ষেত্ৰত মৃৎশিল্পীসকল প্রত্যাহ্বানৰ সন্মুখীন হৈছে কেঁচা মাটিৰ বাবে। কিয়নাে চাহিদা অনুপাতে প্রয়ােজন হােৱা কেঁচা মাটিৰ অভাৱে নির্মাণকার্যত ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে। যাৰ পৰিণতিত স্বাভাৱিকতেই মৃৎশিল্পৰ উৎপাদনত স্থবিৰতা আহি পৰা দেখা গৈছে । পিছে এইক্ষেত্ৰত চৰকাৰে মৃৎশিল্পীসকলক সকাহ দিয়াৰ অৰ্থে বিশেষ গুৰুত্ব আৰােপ নকৰাৰ অভিযােগ উঠিছে । মানুহৰ জীৱনত সততে প্রয়ােজন হােৱা মৃৎশিল্পৰ অতি প্রয়ােজনীয় কেঁচা মাটিকে ধৰি আনুষংগিক সামগ্রীবােৰ যাতে দুর্লভ বস্তুত পৰিণত নহয় আৰু সামগ্রীবােৰ মৃৎশিল্পীসকলে সহজতে পাব পাৰে, চৰকাৰে তাৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাটো নিতান্তই জৰুৰী বুলি সচেতন মহলে মন্তব্য কৰিছে ।
প্ৰেৰক দীপাংকৰ পাল
You might also like