নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাকৰি বিচাৰি অহা যুৱতীৰ শ্লীলতা হানি কৰা চিকিৎসকক গ্রেপ্তাৰ

🔹 লখিমপুৰৰ অৰূপ কুমাৰ দত্তৰ কাণ্ডক লৈ তীব্র চাঞ্চল্য

বিশেষ বার্তা, ২৫ ফেব্রুৱাৰী : নিজ নার্ছিং হোমত নার্ছৰ চাকৰি বিচাৰি অহা এগৰাকী যুৱতীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত নার্ছিং হোমখনৰ স্বত্বাধিকাৰ তথা জ্যেষ্ঠ চিকিৎসক অৰূপ কুমাৰ দত্তক কালি কাৰাগাৰলৈ প্রেৰণ কৰে লখিমপুৰ আদালতে৷ ডাঃ দত্ত লখিমপুৰৰ অভ্রনীশ হাস্পতাল এণ্ড ৰিছার্চ চেণ্টাৰৰ স্বত্বাধিকাৰ৷ নার্ছিং হোমখনত নার্ছৰ চাকৰি বিচাৰি এগৰাকী যুৱতীয়ে ডাঃ দত্তক পৰহি সাক্ষাৎ কৰিছিল৷ যুৱতীগৰাকীয়ে এটা কোঠাত ডাঃ দত্তক নিজৰ বায়’ডাটা দিবলৈ যায়৷ বায়’ডাটা লোৱাৰ ছলেৰে ডাঃ দত্তই যুৱতীগৰাকীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে স্বয়ং যুৱতীগৰাকীয়ে৷ ইয়াৰ বিপৰীতে অভিযুক্ত চিকিৎসকগৰাকীৰ পত্নী আৰু মাতৃৰ লগতে নার্ছিং হোমখনৰ পৰিয়ালে সেই অভিযোগ মিছা বুলি দাবী কৰি ডাঃ দত্ত চক্রান্তৰ বলি হোৱা বুলি অভিযোগ কৰে৷ ইপিনে, চিকিৎসকগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ জাগৃত নাৰী শক্তি সমিতি আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদে দাবী জনাইছে৷ এই অভিযোগ–প্রতিঅভিযোগক লৈ কালি লখিমপুৰ সদৰ থানা চৌহদ উত্তাল হৈ থাকে৷ পৰহি দিনৰ ভাগত ডাঃ অৰূপ কুমাৰ দত্তক বায়’ডাটা জমা দিবলৈ যোৱাৰ পিছত পৰহি সন্ধিয়াই যুৱতীগৰাকীয়ে লখিমপুৰ সদৰ থানাত শ্লীলতা হানিৰ অভিযোগত এজাহাৰ দাখিল কৰে৷ এজাহাৰ লাভ কৰি আৰক্ষীয়ে সদৰ থানাখনত ৪৩/২০২৪ নম্বৰৰ বিপৰীতে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪এ/৩৭৬/৫১১ ধাৰাত এটা গোচৰ পঞ্জীয়ন কৰে৷ লগতে যুৱতীগৰাকীক নিশাটোৰ বাবে এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ জিম্মাত দিয়ে৷ একেদৰে নিশাই ডাঃ দত্তক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ তেওঁক কালি দিনটো লখিমপুৰ সদৰ থানাত জেৰাৰ অন্তত বিয়লি স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে৷ ইয়াৰ পিছত সন্ধিয়া চিকিৎসকগৰাকীক আদালতত হাজিৰ কৰোৱা হয়৷ আদালতত ডাঃ অৰূপ কুমাৰ দত্তৰ হৈ অধিবক্তাই জামিনৰ আবেদন জনায়৷ কিন্তু আদালতে জামিন আবেদন নাকচ কৰাত সন্ধিয়াই তেওঁক লখিমপুৰ কাৰাগাৰলৈ অর্থাৎ ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ ইফালে, অভিযোগকাৰী যুৱতীগৰাকীয়ে কাৰোবাৰ প্রৰোচনাত সেই কাম কৰা বুলি ডাঃ দত্তৰ মাতৃ আৰু পত্নীয়ে মত ব্যক্ত কৰিছে৷ দুয়োৰে মতে, ডাঃ দত্ত নিৰপৰাধী৷ ডাঃ দত্তৰ মাতৃ আৰু পত্নীৰ সুৰতে সুৰ মিলাই মত ব্যক্ত কৰিছে নার্ছিং হোমখনৰ একাংশ কর্মচাৰীয়ে৷ তেওঁলোকে কয় যে যি সময়ত যুৱতীগৰাকীয়ে ডাঃ দত্তক বায়’ডাটা জমা দিবলৈ গৈছিল, সেই সময়ছোৱাত কোঠাটোত এগৰাকী নার্ছৰ লগতে চিকিৎসক এগৰাকীও উপস্থিত আছিল৷ দুয়োৰে সন্মুখত চাকৰিপ্রার্থী যুৱতীগৰাকীক ডাঃ দত্তই কিদৰে শ্লীলতা হানি কৰিব পাৰে বুলি তেওঁলোকে প্রশ্ণ কৰিছে৷

প্ৰেৰক জীৱন গোস্বামী

You might also like