নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰহ্মপুত্ৰত আবদ্ধ চিকিৎসকৰ দলক উদ্ধাৰ

🔷 এনডিআৰএফ, এছডিআৰএফৰ যৌথ অভিযান
🔷 চাৰি কৰ্মচাৰীসহ যন্ত্ৰচালিত নাও বৰ্তমানেও আবদ্ধ ব্ৰহ্মপুত্ৰত

বিশেষ বাৰ্তা, ১৮ জুনঃ উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈ থকা চিকিৎসকৰ দলটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে যাত্ৰা কৰা যন্ত্ৰচালিত নাওখনৰ চাৰি কৰ্মচাৰীসহ নাওখন বৰ্তমানেও আবদ্ধ হৈ আছে ব্ৰহ্মপুত্ৰৰ বুকুত। সুদীৰ্ঘ ২৪ ঘন্টাৰ অন্তত বিশাল ব্ৰহ্মপুত্ৰ নদীৰ মাজত দিকবিদিক হেৰুৱাই এটা চাপৰিত আবদ্ধ হৈ থকা চিকিৎসক-স্বাস্থ্যকৰ্মীৰ দলটোক সুকলমে উদ্বাৰ কৰা হয়। এনডিআৰএফ আৰু এছ ডি আৰ এফ বাহিনীৰ যৌথ সহযোগত আজি সন্ধিয়া পাঁচ বজাত আবদ্ধ আটাইকেইজন ব্যক্তিক ডিব্ৰুগড়ৰ মাইজান আৰু অকলেণ্ড ঘাটলৈ উদ্ধাৰকাৰী দলে সুকলমে আনিবলৈ সক্ষম হয়। জানিব পৰা অনুসৰি পাঁচ দিনৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ মাজত থকা লাহোৱাল স্বাস্থ্যখণ্ডৰ অৰ্ন্তগত চাৰখলীয়া চাপৰিত চিকিৎসা সেৱা আগবঢ়াবলৈ গৈছিল ডিব্ৰুগড়ৰ পৰা ৮ জনীয়া চিকিৎসক সেৱাৰ দলটো। দলটোত ডিপিঅ’ বিশাল শইকীয়া, চিকিৎসক ডাঃ দীপজ্যোতি ডেকা, লেবৰেটৰী টেকনিচিয়ান সিদ্ধিনাথ গগৈ, ফাৰ্মাচিষ্ট অপুল কুমাৰ দাস, এ এন এম নাৰ্ছ দময়ন্তী দাস, হিমানী ৰয় আৰু চি ডব্লিউ ৰমাকান্ত যাদৱসহ আন চাৰিজন কৰ্মচাৰী আছিল। এই ১১জনীয়া দলটো শনিবাৰৰ পৰা বিশাল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ মাজত আবদ্ধ হৈ আছিল। জানিব পৰা মতে, বিগত চাৰিটা দিনে চাপৰিত চিকিৎসা সেৱা আগবঢ়োৱাৰ পাছত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী অত্যধিক বৃদ্ধি পোৱা বাবে শনিবাৰে পুৱাৰ ভাগত যন্ত্ৰচালিত নাৱেৰে ডিব্ৰুগড়লৈ আহিছিল। কিন্তু ফেনে-ফোটেকাৰে বৃদ্ধি পোৱা বাঢ়নী পানী আৰু প্ৰবল কুঁৱলীৰ বাবে নাওচালকে নাওখন চলাবলৈ সক্ষম নহ’ল। যাৰ পৰিপ্ৰেক্ষিতত কিছুদূৰ আগুৱাই আহিয়েই ব্ৰহ্মপুত্ৰ নদীৰ ‘চিৰিআলি চাপৰি’ নামৰ এটা চাপৰিত আবদ্ধ হৈ পৰে।ঘন কুঁৱলীৰ বাবে পথ চিনিব নোৱাৰি ওৰে নিশা চাপৰিতে আবদ্ধ হৈ থকা দলটোক লৈ সকলোৱে চিন্তিত হৈ থকাৰ মাজতে ডিব্ৰুগড় জিলা প্ৰশাসনৰ প্ৰচেষ্টাত আজি সুকলমে ৭জন ব্যক্তিক উদ্বাৰ কৰি আনিবলৈ সক্ষম হয়। অৱশ্যে বৰ্তমানেও চাৰি কৰ্মচাৰীসহ নাওখন আনিবলৈ সক্ষম হোৱা নাই। অৱশ্যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাই থকা বাবে যন্ত্ৰচালিত নাওখন ডিব্ৰুগড়লৈ আনিবলৈ বৰ্তমানে সম্ভৱ নহব বুলি জানিব পৰা গৈছে। সেয়ে নাওৰ চালক শ্যাম যাদৱ, মাঝি ৰামচন্দ্ৰ যাদৱ, ৰান্ধনী প্ৰমোদ দত্ত আৰু সহায়ক জীৱন পাল বৰ্তমানেও চিৰিআলি চাপৰিতে আবদ্ধ হৈ আছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হলেহে নাওসহ লোককেইজন ডিব্ৰুগড়লৈ অহাৰ সম্ভাৱনা আছে। জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তৃষ্ণা বৰাই কয় যে এক সময়ৰ ব্যৱধানত এটা চিকিৎসকৰ দল উক্ত চাপৰিলৈ চিকিৎসা সেৱাৰ বাবে প্ৰেৰণ কৰা হয়। দলটো যেতিয়া গৈছিল, বতৰ ফৰকাল আছিল। কিন্তু হঠাৎ ব্ৰহ্মপুত্ৰ নদীৰ পানী বৃদ্ধি পোৱা আৰু নদীৰ মাজত ঘন কুঁৱলীৰ বাবে ঘূৰি অহাত নাৱৰীয়াই কিছু অসুবিধা অনুভৱ কৰে। সেয়ে আজি পুৱা এন ডি আৰ এফ আৰু এছ ডি আৰ এফক উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হয় আৰু সুকলমে ঘূৰি আহিছে। নাওৰ মানুহকেইজন নাওৰ সুৰক্ষাৰ বাবে নাওতে থাকিল যদিও পানী কমিলে ঘূৰি আহিব বুলি যুটীয়া স্বাস্থ্য সঞ্চালক বৰাই সদৰী কৰে।

প্ৰেৰক বিভাস দুৱৰা

You might also like