‘জন্মভূমিৰ ওপৰত বোমা নামাৰিব’
🔹 আলফা (স্বাঃ)ৰ হিংসাৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড০ শর্মাৰ আহ্বান
বিশেষ বার্তা, ১৬ ডিচেম্বৰ : আলফা (স্বাধীন)ৰ দ্বাৰা শেহতীয়াকৈ সংঘটিত হিংসাত্মক কার্যকলাপ সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৷ কালি নতুন দিল্লীত সংবাদ মাধ্যমৰে হোৱা বার্তালাপত বিষয়টোক লৈ তেওঁ কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য কৰে৷ পৰহি যোৰহাটৰ লিচুবাৰীস্থিত সেনা শিবিৰত হোৱা গ্রেনেড বিস্ফোৰণৰ প্রসংগত তেওঁ কয় যে কেইজনমান আলফা কেডাৰে কেইটামান গ্রেনেড লৈ অসমত প্রৱেশ কৰাৰ বাতৰি চৰকাৰৰ ওচৰত আছিল৷ তাৰ ভিতৰত দুজনমান কেডাৰে আৰক্ষীৰ সৈতে যোগাযোগ কৰি গ্রেনেডসহ আত্মসমর্পণ কৰিছে৷ পিছে দুটা বা তিনিটা গ্রেনেড ফুটালেই অসমখন স্বাধীন হৈ নাযায়৷ এনে কার্যকলাপে অসমৰ ক্ষতিহে কৰিব৷ তেওঁৰ মতে, অসমত এতিয়া বিনিয়োগৰ পৰিৱেশ এটা আহিছে৷ বিনিয়োগকাৰীসকলৰ সৈতে আলোচনা চলি আছে৷ তেনে সময়ত এনেধৰণৰ কূটাঘাতৰ ঘটনাই অসমৰ উন্নতিৰ পথত বাধাৰ সৃষ্টি কৰিব৷ ৰাজ্যৰ আৰক্ষীপ্রধান জি পি সিঙৰ নাম নোলোৱাকৈ মুখ্যমন্ত্রী ড০ শর্মাৰ বক্তব্য– পৰেশ বৰুৱাই কাৰোবাক বেয়া পাব পাৰে, তাত আমাৰ ক’বলগীয়া একো নাই৷ কিন্তু নিজৰ জননী–জন্মভূমিৰ ওপৰত কোনোবাই বোমা মাৰিব পাৰোঁ নেকি? আনহাতে, পৰেশ বৰুৱাৰ সৈতে আলোচনাৰ বাবে চৰকাৰে যোগাযোগৰ কোনো ব্যৱস্থাপনা হাতত লৈছে নেকি?- সাংবাদিকে সোধা এই প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পৰেশ বৰুৱাৰ সৈতেতো মই কথা পাতিয়েই থাকো৷ তাত মেকানিজমৰ কোনো প্রয়োজন নাই৷ তেওঁৰ সৈতে মই এতিয়ালৈকে ১০–১২ বাৰ কথা পাতিছোঁ৷ কাইলৈও যদি বিচাৰোঁ পুৱা ৯ বজাত কথা পাতিম৷ মুখ্যমন্ত্রী হিচাপে মই পৰেশ বৰুৱাৰ সৈতে কথা পাতিব পাৰোঁ৷ কথা পতাটো ডাঙৰ কথা নহয়, কথা পাতি সহমতত উপনীত হোৱাটোহে ডাঙৰ কথা৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মতে আলোচনাক লৈ পৰেশ বৰুৱাৰো কিছুমান বাধ্য–বাধকতা আছে, মুখ্যমন্ত্রী হিচাপে মোৰো আছে৷ পিছে অসমৰ ক্ষতি কৰাকৈ কোনো কাম কৰিব নালাগে বুলি পৰৱর্তী সময়ত কথা পাতিলে মই তেওঁক অনুৰোধ জনাম৷ যাতে অসমখন আকৌ পিছুৱাই নাযায়৷ মুখ্যমন্ত্রী ড০ শর্মাই সদৰী কৰা অনুসৰি অৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আলোচনাপন্থী আলফাৰে শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছত আলফা (স্বাধীন)ৰ সৈতে আলোচনা প্রক্রিয়া আগবঢ়াই নিয়াৰ বাবে চৰকাৰে যত্ন ল’ব৷