📌 তিনিচুকীয়াত জিলা উপায়ুক্ত স্বপ্নীল পাল
বিশেষ বাৰ্তা, ১২ জুন : তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আজি NABARD Infrastructure Development Assistance (NIDA)ৰ দ্বাৰা তথা অসম চৰকাৰৰ অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ৰ দ্বাৰা নিৰ্মাণ হবলগীয়া আদৰ্শ অংগনৱাড়ী কেন্দ্র সন্দৰ্ভত জিলা উপায়ুক্ত তথা জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ সভাপতি স্বপ্নীল পালৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। উক্ত সভাত ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকন, ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা, অতিৰিক্ত উপায়ুক্ত সোণতৃষ্ণা ঘৰফলীয়া, ভাৰপ্ৰাপ্ত সমাজকল্যাণ বিষয়া নিলুৰাম শৰ্মা, নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়া, সহকাৰী আয়ুক্ত দীপাৱলী কুৰ্মী, জিলাখনৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়াসকল, খণ্ড উন্নয়ন বিষয়া তথা প্ৰতিনিধিসকল, অংগনৱাড়ী নিৰ্মাণ সমিতিসমূহৰ সদস্যা সচিবসকল প্ৰমুখ্যে আন কেউটা বিধানসভা সমষ্টিৰ প্ৰতিনিধিসকল উপস্থিত থাকে। সভাত জিলা উপায়ুক্ত স্বপ্নীল পালে যিসমূহ অংগনৱাড়ী কেন্দ্র নিৰ্মাণ সমিতিৰ বেংক একাউণ্ট নাই, সেই সমিতিসমূহক শীঘ্ৰেই বেংক একাউণ্ট খুলিবলৈ নিৰ্দেশ দিয়ে। উপায়ুক্তগৰাকীয়ে অংগনৱাড়ী কেন্দ্র নিৰ্মাণৰ কাম অনতিপলমে আৰম্ভ কৰাৰ লগতে নিৰ্মাণৰত অংগনৱাড়ী কেন্দ্রসমূহৰ কাম ত্বৰান্বিত কৰিবলৈয়ো আহ্বান জনায়। ইয়াৰ উপৰি উপায়ুক্তগৰাকীয়ে জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিতে নতুনকৈ নিৰ্মাণ হবলগীয়া আদৰ্শ অংগনৱাড়ী কেন্দ্রৰ কামৰ মানৰ সৈতে কোনো কাৰণতেই আপোচ নকৰিবলৈয়ো নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে প্ৰতিটো সমষ্টিতে ২১টাকৈ মুঠ ১০৫টা আদৰ্শ অংগনৱাড়ী কেন্দ্র জিলাখনত নিৰ্মাণ কৰা হব।
প্ৰেৰক বিবেক বড়া