নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ ৰোগীৰ সংখ্যা দেখি আতংকিত হ’ব নালাগে ৰাজ্যবাসী

নিয়মীয়া বাৰ্তা, ১৫ মে’ : ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ ঔষধ–প্রতিষেধক আৱিষ্কাৰ নোহোৱাপর্যন্ত সকলোকে সন্মিলিতভাৱে দৃঢ়তাৰে যুঁজ চলাই যোৱাৰ আহ্বান জনাইছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৷ অসম ৰাজ্যিক গ্রামীণ অভিযানৰ অন্তর্গত কামৰূপ (মহানগৰ) জিলা তথা চন্দ্রপুৰ খণ্ড অভিযান পৰিচালনা গোটৰ আত্মসহায়ক গোটসমূহৰ দ্বাৰা পৰিচালিত তাঁতীমৰাস্থিত মাস্ক উৎপাদন কেন্দ্র পৰিদর্শনৰ অন্তত মুখ্যমন্ত্রী সোণোৱালে সংবাদ মাধ্যমৰে বার্তালাপ কৰে ৷ মুখ্যমন্ত্রী সোণোৱালে কয়– ক’ভিড–১৯ৰ ঔষধ আৰু প্রতিষেধক আৱিষ্কাৰ নোহোৱাপর্যন্ত আমি সকলোৱে এই যুঁজ দৃঢ়তাৰে চলাই যাব লাগিব ৷ আমি যি কামেই নকৰোঁ কিয়, আমাৰ কর্মস্থলীত সামাজিক দূৰত্ব তথা নিজকে পৰিষ্কাৰ কৰি ৰাখি মুখত মাস্ক পৰিধান কৰিব লাগিব ৷ এই নীতি–নিয়ম মানি চলিলেহে প্রত্যেক ব্যক্তিৰ লগতে আমাৰ সমাজ সুৰক্ষিত হৈ থাকিব৷ স্বাস্থ্য বিভাগে প্রদান কৰা নীতি–নিয়মসমূহ আমি সকলোৱে মানৱীয় তথা সামাজিক দায়িত্ব হিচাপে গ্রহণ কৰা উচিত ৷

প্রথম, দ্বিতীয় তথা বর্তমানে চলি থকা তৃতীয় পর্যায়ৰ লকডাউনৰ সময়ছোৱাত দেশৰ ভিন্ন প্রান্তত আবদ্ধ হৈ থকা ৰাজ্যখনৰ জনসাধাৰণক অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা গ্রহণ কৰাৰ কথা উল্লেখ কৰি ইয়াক এক ডাঙৰ প্রত্যাহ্বান বুলিও মন্তব্য কৰি তেওঁ পুনৰ কয় যে বাহিৰৰ পৰা অহা লোকসকলে যদি স্বাস্থ্য বিভাগে নির্ধাৰণ কৰা নীতি–নিয়মসমূহ সম্পূর্ণভাৱে মানি চলে, তেতিয়াহ’লে এইখন সমাজ সদায়ে সুস্থ আৰু সবল হৈ থাকিব ৷ বুধবাৰে গুৱাহাটীত কেইবাজনো লোকৰ শৰীৰত ক’ভিড–১৯ ধৰা পৰাৰ প্রসংগত ইয়াক লৈ গুৱাহাটীবাসীৰ লগতে অসমৰ ৰাইজে কোনো কাৰণতে ভয় খাব নালাগে বুলিও মন্তব্য কৰে ৷ তেওঁ কয়– আমি সকলোৱে যদি স্বাস্থ্য বিভাগে প্রদান কৰা নির্দেশনা সম্পূর্ণৰূপে মানি চলোঁ, তেতিয়াহ’লে এই ৰোগ প্রতিহত কৰিব পাৰিম৷ এই জটিল সময়ত প্রত্যেকেই এজনে আনজনৰ প্রতি শ্রদ্ধাশীল হৈ কাম কৰাৰ বাবেও আহ্বান জনায়৷ ৰোগক ঘৃণা কৰিলেও কোনো কাৰণতে ৰোগীক ঘৃণা কৰিব নালাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালৰ ভাষ্য– ক’ভিড আক্রান্ত ৰোগীকো আমি যিমান পাৰোঁ, উন্নতমানৰ সেৱা আগবঢ়াব লাগিব৷ ক’ৰোনা ভাইৰাছৰ ৰোগীৰ সংখ্যা দেখি কোনোৱে আতংকিত হ’ব নালাগে ৷ আমি সকলোৱে মিলি এই যুঁজত জয়ী হ’ব পাৰিম ৷ তাঁতীমৰাস্থিত মাস্ক উৎপাদন কেন্দ্র পৰিদর্শন কৰি মুখ্যমন্ত্রী সোণোৱালে এই কার্যত জডিত হৈ থকা আত্মসহায়ক গোটৰ সদস্যাসকলৰ সৈতে মত বিনিময় কৰাৰ উপৰি তেওঁলোকক উৎসাহিত কৰে ৷

মুখ্যমন্ত্রীয়ে আত্মসহায়ক গোটৰ সদস্যাসকলক মাস্ক উৎপাদনৰ দৰে কাম–কাজ নিষ্ঠাৰে পালন কৰি ক’ভিড–১৯ সংক্রমণ প্রতিহত কৰাৰ দিশত তেওঁলোকে বলিষ্ঠ অৰিহণা আগবঢ়াই আছে বুলি মন্তব্য কৰে৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পাছৰে পৰা ৰাজ্যখনৰ ১০,৬৫৯টা আত্মসহায়ক গোটৰ মহিলা সদস্যাই এতিয়ালৈকে মুঠ ৫১,২৩,১৯৪টা মাস্ক প্রস্তুত কৰিছে৷ ইতিমধ্যে ইয়াৰে ৩১,৭১,৩১৪টা মাস্ক বিক্রী কৰা হৈছে৷ এতিয়ালৈকে অসমৰ ৩৩খন জিলাত ৮৪খন মাস্কৰ বিপণী খোলা হৈছে আৰু ‘অসমী’ ব্রেণ্ডেৰে নামকৰণ কৰা এই মাস্ক বিক্রী কৰি আত্মসহায়ক গোটসমূহে ৭.১৫ কোটি টকা আহৰণ কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি ৪,২২,৬২৫খন মাস্ক বিনামূলীয়াভাৱে বিতৰণ কৰা হৈছে৷ মাস্ক উৎপাদন কেন্দ্রটো পৰিদর্শনৰ সময়ত পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী নৱ কুমাৰ দলেও উপস্থিত আছিল৷

You might also like