নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ কংগ্রেছলৈ যাব নেকি হিমন্ত বিশ্ব শর্মা? ড০ শর্মাৰ উত্তৰঃ মোক লৈ নকৰিব জল্পনা–কল্পনা

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, গড়কাপ্টানী  বিভাগৰ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই কংগ্রেছৰ শীর্ষ নেতাৰে যোগাযোগ অব্যাহত ৰখাৰ লগতে শীর্ষ নেতাৰ পৰা ছিগনেল পালেই কংগ্রেছলৈ উভতি আহিব বুলি এআইচিচিৰ সম্পাদক তথা প্রাক্তন বিধায়ক ভূপেন বৰাই কৰা মন্তব্যত তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে ড০ শর্মাই৷

কালি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই সম্পর্কত প্রতিক্রিয়া ব্যক্ত কৰি ড০ শর্মাই তেওঁক লৈ তেনেদৰে জল্পনা–কল্পনা নকৰিবলৈ সকীয়নি দিয়ে৷ এই সম্পর্কত ড০ শর্মাই কয়– ‘মোক লৈ এইবিলাক কৰিব নাপায়৷ তেওঁলোকে এইবিলাক কথা ক’ব নাপায়৷ ভূপেন ভাল ল’ৰা৷ মোক লৈ জল্পনা–কল্পনা কৰিব নাপায়৷ সেইবিলাক পৰিৱেশ কেতিয়াবাই পাৰ হৈ গৈছে৷ ২০১২ চনলৈকে যদি আমি চব উভতি যাব পাৰোঁ, টাইম মেচিনৰ জৰিয়তে তেতিয়া কিবা হ’ব পাৰে৷

কিন্তু যিহেতু টাইম মেচিন নাই, গতিকে এতিয়া আৰু সেইবিলাক কথা পাতিব নাপায়৷ সেইবিলাক কথা পাতিলে তেওঁলোকেও দুখ পাব আৰু ময়ো দুখ পাম৷’

You might also like