নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসক-স্বাস্থ্যকর্মীক আক্রমণ কৰিলে ৫ বছৰ জে’ল

ৰাজ্যসভাত গৃহীত ঐতিহাসিক বিধেয়ক

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ মানৱ সেৱাত জড়িত চিকিৎসক আৰু চিকিৎসা কর্মীক আক্রমণকাৰীক ৫ বছৰলৈকে কাৰাবাসৰ শাস্তি বিহিব পৰা বিধেয়ক কালি ৰাজ্যসভাত গৃহীত হয়৷
চিকিৎসক–চিকিৎসা কর্মীক আক্রমণ আৰু চিকিৎসালয়ৰ ৰাজহুৱা সম্পত্তি বিনষ্টকাৰীৰ বিৰুদ্ধে শূন্য সহনশীলতা গ্রহণৰ বিধেয়কখন কালি ৰাজ্যসভাত উত্থাপন কৰে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ড০ হর্ষবর্ধনে৷

কেন্দ্রীয় চৰকাৰে যোৱা এপ্রিল মাহত জাৰি কৰা অধ্যাদেশখন আঁতৰাই তাৰ স্থানত নতুনকৈ এপিডেমিক ডিজিজ (এমেণ্ডমেণ্ট) বিল–২০২০ ড০ হর্ষবর্ধনে উত্থাপন কৰাৰ পিছত উচ্চ সদনে বিধেয়কখন গৃহীত কৰে৷ উল্লেখ্য যে স্বাস্থ্য সেৱাত জড়িত চিকিৎসক–কর্মীক নিৰাপত্তা আৰু সম্পত্তি সুৰক্ষাৰ কাৰণে কেন্দ্রীয় চৰকাৰে এপিডেমিক ডিজিজ এক্ট–১৮৯৭ সংশোধন কৰি এপিডেমিক ডিজিজ (এমেণ্ডমেণ্ট) অর্ডিনেন্স–২০২০ বলৱৎ কৰিছিল৷

এই অধ্যাদেশখনৰ স্থানত নতুনকৈ বিধেয়কখন উত্থাপন কৰে কেন্দ্রীয় চৰকাৰে৷ ৰাজ্যসভাত গৃহীত বিধেয়ক অনুসৰি চিকিৎসক–স্বাস্থ্যক বিৰুদ্ধে হিংসাত্মক কার্যকলাপ আৰু চিকিৎসা সম্পর্কীয় সম্পত্তি ধ্বংস কৰা লোকৰ বিৰুদ্ধে তিনি মাহৰ পৰা ৫ বছৰলৈকে কাৰাদণ্ড বিহা হ’ব৷ তদুপৰি ৫০ হাজাৰ টকাৰ পৰা ২ লাখ টকালৈকে জৰিমনা বিহা হ’ব৷

তাৎপর্যপূর্ণ যে দেশত বিভিন্ন সময়ত চিকিৎসা সেৱাত জড়িত কর্মৰত চিকিৎসা কর্মীৰ বিৰুদ্ধে হিংসাত্মক কার্যকলাপ সংঘটিত হোৱাৰ পৰিপ্রেক্ষিতত দেশৰ চিকিৎসক–চিকিৎসা কর্মীয়ে হিংসাত্মক কার্যকলাপ সংঘটিত লোকৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহাৰ বলৱতৰ দাবী জনাই আহিছে৷ মানৱ সেৱাত জড়িত এই কর্মীসকলৰ দাবীৰ প্রতি সঁহাৰি জনাই কেন্দ্রীয় চৰকাৰে যোৱা এপ্রিল মাহত আক্রমণকাৰীক শাস্তি বিহাৰ বাবে অধ্যাদেশ জাৰি কৰিছিল৷

মহামাৰীৰ সময়ত কর্মৰত চিকিৎসক–চিকিৎসা কর্মী আৰু চিকিৎসালয়কে ধৰি চিকিৎসা কর্মীসকলৰ বাসগৃহত আক্রমণেৰে সম্পত্তি বিনষ্টকাৰীৰ বিৰুদ্ধে এই বিধেয়কৰ জৰিয়তে শূন্য সহনশীলতা গ্রহণ কৰিব৷ বিধেয়কখনত উল্লেখ কৰা মতে চিকিৎসা খণ্ডত জড়িত কর্মীক আক্রমণ আৰু সম্পত্তি বিনষ্ট কৰা ঘটনাক লৈ পৰিদর্শক পর্যায়ৰ এগৰাকী বিষয়াৰ দ্বাৰা তদন্ত চলোৱা হ’ব৷

এই তদন্ত এমাহৰ ভিতৰত সম্পূর্ণ কৰাৰ লগতে এবছৰৰ ভিতৰত শুনানি সম্পূর্ণ কৰিব লাগিব৷ অৱশ্যে এইক্ষেত্রত আদালতৰ সিদ্ধান্ত গুৰুত্বপূর্ণ হ’ব৷

You might also like