নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাঃ অঞ্জনজ্যোতি চৌধুৰীলৈ ডাঃ বীণা পাত্ৰ সোঁৱৰণী সাতসৰী সংগীত সাধনা বঁটা

পাঠশালাত সাতসৰী বিষয়ক মুখপত্ৰ উন্মোচন গিৰিধৰ চৌধুৰীৰ

বজালীৰ ১১ বিশিষ্টক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১৪ আগষ্টঃ অসমৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘সাতসৰী’ৰ ২৫সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি পাঠশালাত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷ পাঠশালা নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পতাকা উত্তোলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক-সমাজকৰ্মী প্ৰফুল্ল কুমাৰ শৰ্মাই৷ ইয়াৰ পিছতে সাতসৰী সৰুপেটা শাখাৰ উদ্যোগত আয়োজিত অসমীয়া মহিলাৰ পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা উদ্বোধন কৰে শিক্ষক বিশ্বজিত তালুকদাৰে। আনহাতে বিয়লি অনুষ্ঠিত মুকলি সভাত বিশিষ্ট চিকিৎসক তথা লেখক তথা সংগীত শিল্পী ডাঃ অঞ্জনজ্যোতি চৌধুৰীক প্ৰদান কৰা হয় ডাঃ বীণা পাত্ৰ সোঁৱৰণী সাতসৰী সংগীত সাধনা বঁটা। এই বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়, অধ্যাপিকা ড° নমিতা দাস গুৰুং, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰফুল্ল কুমাৰ শৰ্মা, ক্ৰীড়াবিদ বিনোদ পাটগিৰী, অৱসৰপ্ৰাপ্ত শিক্ষক ৰামকৃষ্ণ তালুকদাৰ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গোপেশ চন্দ্ৰ দাস, সমাজকৰ্মী ৰুণু ডেকাকে ধৰি এঘাৰগৰাকী ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ‘সাতসৰীৰ বিষয়ে অৱলোকন’ শীৰ্ষক মুখপত্ৰ উন্মোচন কৰে বিশিষ্ট অধিবক্তা, সমাজকৰ্মী তথা বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে। অনুষ্ঠানত লেখিকা তথা সমাজসেৱিকা ড° মন্দিৰা বৰুৱাৰ জীৱনৰ আধাৰত লেখক-সাংবাদিক মৰম কুমাৰে ৰচনা কৰা চাৰিশ পৃষ্ঠাৰ উপন্যাস ‘দ্য বিউটিফুল ট্ৰেজেডি’ৰ সন্দৰ্ভত এক গ্ৰন্থ ৰোমন্থন কাৰ্যসূচীও অনুষ্ঠিত হয়। বিশিষ্ট বাঁহীবাদক হৰেকৃষ্ণ তালুকদাৰ আৰু তেওঁৰ শিষ্যসকলে বাঁহী বাদনেৰে সকলোকে আপ্লুত কৰা অনুষ্ঠানটিত ড° মন্দিৰা বৰুৱাৰ পৰিকল্পনাৰে ‘আমি তেজীমলা নহও’ শীৰ্ষক এখনি নাট মঞ্চস্থ কৰা হয়৷ বজালীৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ গোস্বামী, ভাৰত চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ সঞ্চালক হেমেন হাজৰিকাকে আদি কৰি ভালেসংখ্যক ব্যক্তিক সম্বৰ্ধনা জনোৱা অনুষ্ঠানটিত প্ৰতিগৰাকী অতিথিক একোটিকৈ গছপুলি প্ৰদান কৰে গ্ৰীণ মিছন, বজালীৰ সঞ্চালক আনন্দ খাটনীয়াৰে।

প্ৰেৰক কল্যাণ কলিতা

You might also like