নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ বেদব্রত শইকীয়ালৈ গুৰু বিশিষ্ট বঁটা

নিয়মীয়া বাৰ্তা, ২ ফেব্রুৱাৰী : সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অর্থনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ বেদব্রত শইকীয়ালৈ বেংগালুৰুৰ দয়ানন্দ সাগৰ বিজনেছ স্কুলৰ তৰফৰ পৰা ২০২৩ বর্ষৰ গুৰু বিশিষ্ট বঁটা আগবঢ়োৱা হৈছে৷ শিক্ষা আৰু সামাজিক দিশত আগবঢ়াই অহা অৱদানৰ স্বীকৃতিস্বৰূপে ২০২২ বর্ষৰ পৰা ৰাষ্ট্রীয় ভিত্তিত দেশৰ দহগৰাকী বিশিষ্ট শিক্ষাবিদক এই বঁটা প্রদান কৰি অহা হৈছে৷ আজি আনুষ্ঠানিকভাৱে দয়ানন্দ সাগৰ বিজনেছ স্কুলৰ সঞ্চালক ড০ বি এছ পাটিলে ড০ বেদব্রত শইকীয়াক এই বঁটা প্রদান কৰে৷ এই উপলক্ষে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ড০ শইকীয়াক দয়ানন্দ সাগৰ বিজনেছ স্কুলৰ সঞ্চালক ড০ পাটিলে মানপত্র, এখন শ্বল, এটি স্মাৰক, চন্দনৰ মালা আৰু মাইছোৰ পেটা টুপী পিন্ধাই বঁটাটি প্রদান কৰে ৷ সহকাৰী অধ্যাপিকা ড০ জয়শ্রী চৌধুৰীয়ে আঁত ধৰা এই অনুষ্ঠানত সন্দিকৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জিত শর্মা, উপাধ্যক্ষ ড০ মাধুৰীমা হাজৰিকা, শিক্ষক গোটৰ সভাপতি ড০ লক্ষী হাজৰিকাকে ধৰি মহাবিদ্যালয়ৰ অধ্যাপক–অধ্যাপিকা, কর্মচাৰীৰ লগতে ছাত্রীসকল উপস্থিত থাকে ৷

প্ৰেৰক উৎপল বৰুৱা

 

You might also like