নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ ভূপেন হাজৰিকাৰ আজি পুণ্যতিথি

🔹 ৰাজ্যজুৰি সুধাকণ্ঠক স্মৰণ

🔹ড০ লক্ষহীৰা দাসলৈ ড০ ভূপেন হাজৰিকা বঁটা

ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ নৱেম্বৰ : অসমীয়া জাতীয় জীৱনৰ হিয়াৰ আমঠু সুধাকণ্ঠ, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ আজি পুণ্যতিথি৷ ৰাজ্যজুৰি জনসাধাৰণে সুধাকণ্ঠৰ মহাপ্রয়াণৰ এই দিনটো স্মৰণীয় কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে ৷ ২০১১ বর্ষৰ ৫ নৱেম্বৰৰ দিনটোতে অসমীয়া জাতিটোক কন্দুৱাই মহাশূন্যৰ সৈতে বিলীন হৈছিল সুধাকণ্ঠ৷ বিশ্ব দৰবাৰত অসমীয়াক প্রতিষ্ঠা কৰিবলৈ অহোপুৰুষার্থ কৰা সুধাকণ্ঠৰ মৃত্যুৰ দিনটো আন সংগঠনৰ দৰে এইবাৰো ৰাজ্যজুৰি শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে সদৌ অসম ছাত্র সন্থা, চমুকৈ আছুৱে ৷ এই উপলক্ষে দীঘলীপুখুৰীৰ প্রতিমূর্তিস্থলীত সদৌ অসম ছাত্র সন্থাৰ নেতৃত্বই সুধাকণ্ঠক শ্রদ্ধাঞ্জলি আগবঢ়ায়। সন্ধিয়া ১০ হাজাৰ বন্তি প্রজ্বলনেৰে বিশ্ববৰেণ্য ব্যক্তিত্ব সুধাকণ্ঠক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শিল্পী কৈলাস ৰাভাৰ নেতৃত্বত বাদ্যযন্ত্রীসকলে ছেক্স’ফোনত শিল্পীগৰাকীৰ যুগমীয়া গীতৰ ঝংকাৰেৰে পুনৰ শ্রদ্ধা জ্ঞাপন কৰিব৷ উল্লেখ্য যে জীৱিত অৱস্থাতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই আছুৰ দ্বাৰা মহানগৰীৰ দীঘলীপুখুৰীপাৰৰ নির্মিত প্রতিমূর্তি উন্মোচন কৰিছিল৷ বৰেণ্য শিল্পীগৰাকীৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি ৰ’টাৰী ক্লাব অৱ গুৱাহাটীয়ে অসমৰ বিশিষ্ট কণ্ঠশিল্পী, শিক্ষাবিদ ড০ লক্ষহীৰা দাসলৈ আগবঢ়াইছে ২০২৩–২৪ বর্ষৰ ড০ ভূপেন হাজৰিকা সাংস্কৃতিক বঁটা৷

You might also like