নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰণ্যকৰ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰলৈ নেভিলি শুলমেন বঁটা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ নৱেম্বৰঃ অসমৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰলৈ বিশ্বৰ প্ৰসিদ্ধ পৰিৱেশ সংস্থা “আৰ্থৱাটছ ইউৰোপ”ৰ ২০২৪-২৫ বৰ্ষৰ নেভিলি শুলমেন বঁটা আগবঢ়োৱা হৈছে। অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক (www.aaranyak.org)ৰ জ্যেষ্ঠ বিজ্ঞানী ড০ লহকৰ এই সন্মানীয় বঁটাটোৰ বাবে এইবাৰ বাচনিভুক্ত হোৱা একমাত্ৰ ভাৰতীয়। ড০ লহকৰৰ সৈতে বিশ্বৰ অন্য দুজন বিজ্ঞানীলৈয়ো এই বঁটা আগবঢ়োৱা হৈছে। নেভিলি শুলমেন আৰ্থৱাটছ বঁটাৰ প্ৰাপকসকললৈ নতুন অৰ্থবহ গৱেষণাৰ লগতে পৰিৱেশ সম্পৰ্কীয় প্ৰকল্পত স্থানীয় সমূদায়ৰ অংশগ্ৰহণ বৃদ্ধি কৰা আৰু ধৰিত্ৰীৰ কেতবোৰ বৃহত্তম পাৰিপাৰ্শ্বিক সমস্যাৰ মোকাবিলা কৰাৰ বাবে মঞ্জুৰি আগবঢ়োৱা হয়। আৰণ্যকৰ হাতী গৱেষণা আৰু সংৰক্ষণ বিভাগৰ মূৰব্বী তথা উত্তৰ পূৱ ভাৰতত এছীয় হাতীৰ সংৰক্ষণ আৰু তৃণভূমি ব্যৱস্থাপনাৰ ক্ষেত্ৰত নিৰলসভাবে কাম কৰি অহা ড০ লহকৰলৈ “অসমত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে যুৱ গৱেষকসকলৰ সবলীকৰণ” বিষয়ক প্ৰকল্পৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে। বঁটাটোৰ বাবে বাচনিভুক্ত হোৱাৰ পাছত ড০ লহকৰে কয়, “মোৰ প্ৰকল্পটোত অসমত বন্যপ্ৰাণী আৰু ইহঁতৰ আৱাসভূমিৰ সংৰক্ষণত যুৱ গৱেষক সকলক জড়িত কৰাত গুৰুত্ব দিয়া হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ চহকী জৈৱ বৈচিত্ৰ্যৰ ৰক্ষক হ’ব পৰাকৈ যুৱ প্ৰজন্মক সবল আৰু সমৰ্থ কৰি তুলিবলৈ মই আগ্ৰহী। এই বঁটা লাভ কৰি মই সন্মানিত অনুভৱ কৰিছোঁ আৰু এই সহায়ৰ বাবে আৰ্থৱাটছৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ”। আৰ্থৱাটছ ইউৰোপে তেওঁলোকৰ ৱেবচাইটত সদৰি কৰিছে যে কেনিয়া আৰু ভাৰতত গৱেষণা কৰি থকা তিনিজন বিজ্ঞানীক ২০২৪/২৫ চনৰ নেভিলি শুলমেন বঁটাৰ বাবে বাচনি কৰা হৈছে। তিনিওগৰাকী বিজয়ীয়ে তেওঁলোকৰ প্ৰস্তাবিত প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ বাবে পুঁজি লাভ কৰিব। গৱেষকসকলে পৰিৱেশতন্ত্ৰৰ অৱস্থা নিৰীক্ষণ আৰু পুনৰুদ্ধাৰ কৰা আৰু সংৰক্ষণ কাৰ্যত স্থানীয় সমূদায়ৰ লগতে নৱ প্ৰজন্মৰ গৱেষক সকলক জড়িত কৰাৰ ওপৰত মনোনিবেশ কৰিব। অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি আৰণ্যকৰ হাতী গৱেষণা আৰু সংৰক্ষণ বিভাগৰ মুৰব্বী ড: বিভূতি প্ৰসাদ লহকৰক (9435017687/[email protected]) যোগাযোগ কৰক।)

You might also like