নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড° বিৰাজ কুমাৰ শৰ্মালৈ ড° এপিজে আব্দুল কালাম নেচন ষ্টাৰ এৱাৰ্ড

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰী : পশু পক্ষীৰ শল্য চিকিৎসাৰ ক্ষেত্ৰত নিৰন্তৰ সেৱা আগবঢ়াই অহা চাংসাৰিৰ ড° বিৰাজ কুমাৰ শৰ্মাই অৱশেষত এক সন্মাজনক স্বীকৃতি পাবলৈ হয়। বৰ্তমান লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ শল্যচিকিৎসা আৰু ৰঞ্জনৰশ্মি বিভাগৰ সহকাৰী অধ্যাপক, লেখক ড° বিৰাজ কুমাৰ শৰ্মালৈ পশু-পক্ষীৰ শল্যচিকিৎসা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে কলকাতাৰ ৱেলৰেড ফাউণ্ডেচনে এই বৰ্ষৰ ড° এপিজে আব্দুল কালাম নেশ্ব্যন ষ্টাৰ এৱাৰ্ড সন্মান আগবঢ়াইছে । উল্লেখ্য যে উক্ত ন্যাসে দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ক্ষেত্ৰত নীৰৱে কাম কৰি যোৱা লোকসকলক উৎসাহিত কৰিবলৈ বিভিন্ন ক্ষেত্ৰত উদগণিমুলক বঁটা সময়ে সময়ে প্ৰদান কৰি আহিছে৷ তাৰ অংশ স্বৰূপে এইবেলি অসমৰ ড° বিৰাজ কুমাৰ শৰ্মাক নিৰ্বাচিত কৰা হয়। স্মৰ্তৱ্য যে পশুচিকিৎসা আৰু পশুচিকিৎসা বিজ্ঞানৰ পাঠদানৰ সমান্তৰালভাৱে অসমৰ বিভিন্ন আগশাৰীৰ বাতৰি কাকত, আলোচনীত সামাজিক আৰু ৰাজনৈতিক বিষয়ক লৈ ড° শৰ্মাই  বিভিন্ন তথ্য সমৃদ্ধ লেখা প্ৰকাশ কৰি আহিছে আৰু এতিয়ালৈকে তেওঁৰ প্ৰায় এহেজাৰৰো অধিক তেনে বিভিন্ন বিষয়ৰ প্ৰবন্ধ, সম্পাদকলৈ চিঠি, মনোৰঞ্জনধৰ্মী তথা মনোগ্ৰাহী লেখা আদি প্ৰকাশ পাইছে ৷ আনকি সেই সময়ত নিৰ্মীয়মাণ নামনি সোঁৱণশিৰি বৃহৎ নদীবান্ধৰ বিৰোধিতাৰে আৰু তাৰ পৰা হব পৰা ক্ষয়ক্ষতিৰ বিষয়ে বহু গধুৰ আৰু তথ্যসমৃদ্ধ লিখনিটোৰ লগতে  কুখ্যাত ৰাকেশ পালৰ সময়ত অসম লোকসেৱা আয়োগত নিযুক্তিৰ নামত চলা চাকৰিৰ ক’লা বজাৰখনৰ বিষয়ে চৰকাৰ আৰু সৰ্বসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। দীৰ্ঘদিন এই বিষয়টোৱে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছিল। ইপিনে পশুচিকিৎসক আৰু লেখক হিচাপে সুনাম থকা শৰ্মাই  এই সন্মানৰ বাবে নামটো বাছনিত উঠাত এই সন্মানে তেওৰ কৰ্মক্ষেত্ৰখনত অফুৰন্ত প্ৰেৰণা হৈ থাকিব বুলি কয়। দ্বিতীয়তে প্ৰকাশ কৰে যে বহু ঘৰচীয়া আৰু পোহনীয়া জীৱজন্তুৰ বহু জটিল ৰোগৰ চিকিৎসা আৰু জটিল অস্ত্ৰোপচাৰ বিশেষকৈ জৰায়ুৰ অস্ত্ৰোপচাৰ, হাঁড়ৰ অস্ত্ৰোপচাৰ, পাকস্থলীৰ অস্ত্ৰোপচাৰ আদি সম্পন্ন কৰিছে যদিও তেও আজিলৈ কোনো স্বীকৃতি লাভ নকৰাত মাজে সময়ে হতাশাত ভুগিছিল যদিও ৱেলৰেড ফাউণ্ডেচনে তেওলৈ আগবঢ়োৱা এই সন্মানে অনাগত দিনত কাম কৰিবলৈ স্পৃহা পাব, মনোবল আৰু বৃদ্ধি কৰিব৷ ইতিমধ্যে কৰ্মসূত্ৰে লখিমপুৰ, ধেমাজী, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ আদি অঞ্চলৰ বহু পোহনীয়া জীৱ-জন্তুৰ গৰাকীয়ে বহু জটিল ৰোগৰ চিকিৎসা শৰ্মাৰ ওচৰত গ্ৰহণ কৰি বহু জটিল ৰোগৰ পৰা মৰমৰ পোহনীয়া জন্তুটোক ৰক্ষা কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি পদপথৰ বহু গৰাকীবিহীন কুকুৰ আৰু বহু দুখীয়া লোকৰ জীৱ-জন্তুৰ জটিল ৰোগৰ অস্ত্ৰোপচাৰও ড° শৰ্মাই নিজৰ খৰচত সম্পন্ন কৰি নিজৰ বৃত্তিৰ প্ৰতি দায়বদ্ধতাৰ পৰিচয় দি আহিছে ৷ তেওৰ এই নীৰৱ কৰ্মৰাজীত পিতৃ  নৱ কুমাৰ শৰ্মা আৰু মাতৃ অনুপমা শৰ্মাৰ লগতে  পত্নী ড° পল্লবী ঠাকুৰীয়াৰ প্ৰেৰণা থকা বুলি জানিবলৈ দিছে।
প্ৰেৰক অনুভৱ কুমাৰ
You might also like