নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত ‘স্মৃতিৰ দিনলিপি : ডাঃ চন্দ্ৰ মোহন শৰ্মাৰ জীৱন পৰিক্ৰমাʼ উন্মোচন

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰী : ‘ডাঃ চন্দ্ৰ মোহন শৰ্মা আছিল মহান মানৱতাবাদী।” এই মন্তব্য বাঘমাৰা ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, শিক্ষাসেৱী তথা এসময়ৰ জনপ্ৰিয় কণ্ঠশিল্পী অনিল শৰ্মাৰ৷ আজি ভাৰতীয় সাহিত্য পৰিষদৰ বজালী জিলাৰ উদ্যোগত বজালীৰ এসময়ৰ স্বনামধন্য চিকিৎসক, নিঃস্বাৰ্থ সমাজসেৱক, অভিনেতা, খেলুৱৈ বাঘমাৰা বজাৰ নিবাসী প্ৰতিভাধৰ প্ৰয়াত ডাঃ চন্দ্ৰ মোহন শৰ্মাৰ বৰ্ণময় জীৱন আৰু কৰ্মভিত্তিক গ্ৰন্থ ʼʼস্মৃতিৰ দিনলিপি : লোকহিতৈষী ডাঃ চন্দ্ৰ মোহন শৰ্মাৰ জীৱন পৰিক্ৰমাʼʼ উন্মোচন কৰি প্ৰয়াত মানৱতাবাদী চিকিৎসকগৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলেকপাত কৰে৷ সভাত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক তথা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ বজালী জিলা সমিতিৰ সভাপতি মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে একোখন গ্ৰন্থ সমাজৰ বিবেক, জ্ঞান আৰু ই অন্বেষণৰ বাট মুকলি কৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি এসমৰ বজালীৰ বিশিষ্ট চিকিৎসক প্ৰয়াত ডাঃ চন্দ্ৰ মোহন শৰ্মাৰ এই গ্ৰন্থখনে তেওঁৰ কৰ্মৰাজিক নতুন প্ৰজন্মৰ মাজত বিলাই দি তেওঁলোকক অনুপ্ৰেৰণা যোগাব বুলি উল্লেখ কৰে৷ পাঠশালাৰ আজাদ ভৱনত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখে বি বি কিষাণ কলেজ, জালাহৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ সৰোজ মোহন দাসে। অনুষ্ঠানৰ আৰম্ভণিতে ডাঃ চন্দ্ৰ মোহন শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে অসম চৰকাৰৰ ষ্টেটফেডৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া তথা প্ৰয়াত ডাঃ চন্দ্ৰ মোহন শৰ্মাৰ দ্বিতীয় পুত্ৰ হৃদয় মোহন শৰ্মাই। ইয়াৰ পিছতে পৰিয়াল সমন্বিতে উপস্থিত ৰাইজে প্ৰয়াত শৰ্মাৰ প্ৰতিচ্ছবিত পুষ্প নিবেদন কৰে। সভাত ডাঃ চন্দ্ৰ মোহন শৰ্মাৰ পৱিত্ৰ স্মৃতিত এক মিনিট সময় মৌনতা অৱলম্বন কৰা হয়। মুনীন্দ্ৰ নাৰায়ণ গোস্বামীৰ সভাপতিত্বত মুখ্য অতিথিৰ আসন অলংকৃত কৰি ভাষণ ৰাখে বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল দাসে৷ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা উন্মোচিতব্য গ্ৰন্থখনৰ সম্পাদক ধীৰেন্দ্ৰ তালুকদাৰে প্ৰয়াত শৰ্মাৰ কৰ্মৰাজি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। অখিল ভাৰতীয় সাহিত্য পৰিষদৰ বজালী জিলাৰ সচিব অনিল ডেকাই আদৰণী ভাষণ প্ৰদান কৰা সভাত কবি পুৰন্দৰ পাটগিৰিয়ে চন্দ্ৰ মোহন শৰ্মাৰ স্মৃতিত এটি কবিতা আবৃত্তি কৰে। অনুষ্ঠানত পৰিয়ালৰ তৰফৰ পৰা ভাষণ ৰাখে প্ৰয়াত শৰ্মাৰ পুত্ৰ, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা প্ৰাক্তন সাংবাদিক ড৹ কৰুণা মোহন শৰ্মাই। সভাৰ আৰম্ভণিতে ভক্তিমূলক গীত পৰিৱেশন কৰে অনাতাঁৰ শিল্পী অপূৰ্ব তালুকদাৰে। প্ৰয়াত শৰ্মাৰ পৰিয়াল তথা সাহিত্য পৰিষদৰ সদস্য ক্ৰমে হিমাংশু কলিতা আৰু বিৰাজ দাসৰ সহযোগত অনুষ্ঠানটোৰ আঁত ধৰে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ উপ-সভাপতি তথা বজালী জিলা সমিতিৰ যুটীয়া সাধাৰণ সচিব নন্দ দুলাল চৌধুৰীয়ে। সভাপতি সমন্বিতে বিশিষ্ট অতিথিসকলক গামোচা আৰু জাপিৰে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ বজালী জিলা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা সভাখনৰ অন্তত শলাগ জ্ঞাপন কৰে লেখক তথা পৰিষদৰ প্ৰকাশন সচিব টুটুল মানৱে।

প্ৰেৰক কল্যাণ কলিতা

You might also like