নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দোতমাত সেৱা সেতু পৰ্টেল সম্পৰ্কে আলোচনা সভা

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰী : কোকৰাঝাৰ জিলাৰ অধীনৰ দোতমা উন্নয়ন খণ্ডৰ সমূহীয়া ভৱনত আজি অসম চৰকাৰৰ সেৱা সেতু পৰ্টেল সম্পৰ্কে আলোচন কৰে । উক্ত সভাতেই সেৱা সেতু পৰ্টেলৰ জৰিয়তে ৰাইজক আগবঢ়োৱা সুবিধাসমূহৰ ওপৰত বিস্তাৰিতভাৱে অৱগত কৰে ড০ হেমন্ত ৰাভাই । সভাত উপস্থিত থাকে বিটিচিৰ প্ৰাক্তন এমচিএলএ তথা দোতমা সমষ্টি টিচিএলচিচিৰ চেয়াৰমেন জ্যোতিৰ ইন্দ্ৰ ব্ৰহ্ম, অভিযন্তাসকল আৰু ভিচিডিছিৰ অধ্যক্ষ, উপাধ্যক্ষৰ লগতে সদস্য-সদস্যাসকল। ইপিনে, আজিৰ সভাত উপস্থিত থাকি টিচিএলচিচিৰ অধ্যক্ষ জ্যোতিৰ ইন্দ্ৰ ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয় যে অসম চৰকাৰে সৰ্বসাধাৰণৰ সুবিধাৰ্থে সেৱা পৰ্টেলৰ জৰিয়তে যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে, সঁচাকৈ শলাগ ল’বলগীয়া । এই পৰ্টেলে অফিচিয়েল কামসমূহ বহুত সোনকালে কৰি আছে, সেইবাবে সকলোৱে এই সম্পৰ্কে অৱগত হোৱা প্ৰয়োজন  বুলিও মন্তব্য আগবঢ়ায় ।

 

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like