অসম সন্তান ড০ দীপ মেধিলৈ ২০২৫ বর্ষৰ আর্নে জেনছেন জীৱনজোৰা সাধনা বঁটা
অহা ৩ জুনত নৰৱেত অসম সন্তানগৰাকীক এই বঁটা প্রদান কৰা হ’ব
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ এপ্ৰিলঃ আন্তঃৰাষ্ট্রীয় পর্যায়ত পুনৰ সুখ্যাতি কঢ়িয়াবলৈ সক্ষম হৈছে অসম সন্তানে৷ কম্পিউটাৰ নেটৱর্কিং ক্ষেত্রখনলৈ আগবঢ়োৱা অনৱদ্য অৰিহনাৰ বাবে অসম সন্তান ড০ দীপ মেধিলৈ আগবঢ়োৱা হৈছে ২০২৫ বর্ষৰ আর্নে জেনছেন জীৱনজোৰা সাধনা বঁটা৷ ট্রেফিক মডেলিং, নিয়ন্ত্রণ আৰু টেলি ট্রেফিক সম্প্রদায়লৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এই সন্মানেৰে সন্মানিত কৰা হৈছে৷ ইণ্টাৰনেচনেল টেলি ট্রেফিক কংগ্রেছৰ আন্তর্জাতিক পৰামর্শ আয়োগে ড০ মেধিলৈ এই বঁটা আগবঢ়াইছে৷ অহা ৩ জুনত নৰ’ৱেত অসম সন্তানগৰাকীক এই বঁটা প্রদান কৰা হ’ব৷ এই বিশিষ্ট সন্মানেৰে সন্মানিত ড০ মেধি মিচৌৰী কানচাক চিটি বিশ্ববিদ্যালয়ৰ প্রাক্তন অধ্যাপক৷ বর্তমান তেওঁ আমেৰিকাৰ নেচনেল ছায়েন্স ফাউণ্ডেচনত কর্মৰত৷ ইণ্টাৰনেচনেল টেলি ট্রেফিক কংগ্রেছত তেওঁক আর্নে জেনছেন জীৱনজোৰা সাধনা বঁটা প্রদান কৰা হ’ব৷ উল্লেখ্য যে ইণ্টাৰনেচনেল টেলি ট্রেফিক কংগ্রেছৰ প্রতিষ্ঠাপক আর্নে জেনছেনৰ সোঁৱৰণত জীৱনজোৰা সাধনা বঁটা প্রদান কৰি অহা হৈছে৷